শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ভাৰতীয় ৰে'লৱেত নতুন সুবিধা, Whatsapp-ৰ জৰিয়তে দিব পাৰিব অভিযোগ

ভাৰতীয় ৰে’লৱেত নতুন সুবিধা, Whatsapp-ৰ জৰিয়তে দিব পাৰিব অভিযোগ

barasha-misra
Barasha Misra | Published: 13 Jul 2025 22:19 PM

বৰ্তমান ৰে'লযোগে যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলে যদি কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে তেওঁলোকে এক্স হেণ্ডেলত অভিযোগ কৰে। এতিয়া এক্সৰতো অভিযোগ কৰিব নালাগে। মাত্ৰ হোৱাটছএপ মেছেজ এটা পঠাওক আৰু অভিযোগ পোনপটীয়াকৈ ৰে'লৱেত দাখিল কৰিব পাৰিব। আপোনাৰ অভিযোগ ৰে'লৱে তৎক্ষণাত সমাধানৰ কৰি দিব।

ৰে’লযোগে যাত্ৰা কৰিলে কেতিয়াবা কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। যাৰ বাবে যাত্ৰীসকলে জি আৰ পি বা ৰে’লৱে আৰক্ষীৰ কাষ চাপে। যদি তেওঁলোকক ওচৰত নাপায় তেন্তে কি কৰিব? এতিয়া ভাৰতীয় ৰে’লৱেই সেই সমস্যা সমাধান উলিয়াইছে। এতিয়া হোৱাটছএপৰ জৰিয়তে দিব পাৰিব অভিযোগ।

ভাৰতীয় ৰে’লৱে আনিছে হোৱাটছএপ চেটবট অপচন। ইয়াৰ জৰিয়তে আপুনি পোনপটীয়াকৈ ৰে’লৱেৰ ওচৰত অভিযোগ কৰিব পাৰিব। যাত্ৰাৰ সময়ত চিটৰ পৰা আৰম্ভ কৰি খাদ্য বা সহযাত্ৰী সকলৰ সৈতে যদি কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে হোৱাটছএপৰ জৰিয়তে পোনপটীয়াকৈ অভিযোগ কৰিব পাৰে। কেৱল সংৰক্ষিত ডবাৰ যাত্ৰীসকলৰ বাবেই নহয়, সাধাৰণ ডবাত যাত্ৰা কৰাসকলেও অভিযোগ কৰিব পাৰে।

বৰ্তমান ৰে’লযোগে যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলে যদি কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে তেওঁলোকে এক্স হেণ্ডেলত অভিযোগ কৰে। এতিয়া এক্সৰতো অভিযোগ কৰিব নালাগে। মাত্ৰ হোৱাটছএপ মেছেজ এটা পঠাওক আৰু অভিযোগ পোনপটীয়াকৈ ৰে’লৱেত দাখিল কৰিব পাৰিব। আপোনাৰ অভিযোগ ৰে’লৱে তৎক্ষণাত সমাধানৰ কৰি দিব।

আজিকালি সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে, সেয়েহে অভিযোগৰ ৰিপ’ৰ্টৰ বাবে এই মাধ্যমটো বাছি লোৱা হৈছে। যাত্ৰীসকলে ৰে’লৱে হেল্পলাইন ১৩৯তো অভিযোগ দাখিল কৰিব পাৰিব।