আলফা(স্বা)ৰ শিবিৰত আক্ৰমণৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়ালৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
ৰাজ্যৰ পৰা বিশ্বলৈ প্ৰতিটো দিনত বিভিন্ন ধৰণ ঘটনা সংঘটিত হয়। আজিৰ দিনটোত চৰ্চা লাভ কৰি আছে আলফ(স্বা)ৰ শিবিৰত কৰা আক্ৰমণৰ বিষয়টো।
- ম্যানমাৰস্থিত আলফা (স্বা)ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ। ১৩ জুলাইত এক প্ৰেছ বিবৃতিযোগে আলফা (স্বা)য়ে দাবী কৰা অনুসৰি নিশাৰ ভাগত ১০০ ৰো অধিক ড্ৰ’ণেৰে ভাৰতীয় সেনাই আক্ৰমণ কৰিছে।
- আলফা (স্বা)ৰ শিবিৰত কৰা আক্ৰমণত জড়িত নহয় অসম আৰক্ষীয়। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, অসমৰ ভূমিৰ পৰা কোনো আক্ৰমণ হোৱা নাই।
- আক্ৰমণৰ পাছতে প্ৰতিশোধ লোৱাৰ হুংকাৰ আলফা (স্বা)ৰ। এক প্ৰেছ বিবৃতিযোগে আলফা (স্বা)য়ে জনাই যে ভাৰতীয় সেনাই ড্ৰণৰ পাছতে মিছাইলেৰে আক্ৰমণ কৰে।
- অৰ্চিতা ফুকনৰ সকলো ফটো, ভিডিঅ মিছা। ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
- ৰাজ্যসভালৈ মনোনীত বিশিষ্ট অধিবক্তা উজ্জ্বল দেৱৰাও নিকম, প্ৰাক্তন বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলা,বিশিষ্ট ইতিহাসবিদ মীনাক্ষী জৈন আৰু কেৰেলাৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষাবিদ চি.সদানন্দ মাষ্টৰ।