শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিজেপি চৰকাৰ মাটি লুভীয়া, এই উচ্ছেদত ৰাজনীতি জড়িত হৈ আছেঃ গৌৰৱ গগৈ

অহা ১৬ জুলাইত অসমলৈ আহিব কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে আৰু সাংসদ ৰাহুল গান্ধী। এই উপলক্ষে আজি সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় গৌৰৱ গগৈ আৰু কংগ্ৰেছ একাংশ নেতাই।

বিজেপি চৰকাৰ মাটি লুভীয়া, এই উচ্ছেদত ৰাজনীতি জড়িত হৈ আছেঃ গৌৰৱ গগৈ
গৌৰৱ গগৈ
barasha-sarma
Barasha Sarma | Published: 13 Jul 2025 22:24 PM

কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ বাবে নিৰ্মাণ কৰা সভাগৃহ পৰিদৰ্শন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে একাংশ কংগ্ৰেছ বিধায়ক-নেতাই। অহা ১৬ জুলাইত কামৰূপ জিলাৰ বকো- ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত বনগাঁৱত উপস্থিত হ’ব নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। এই উপলক্ষে বনগাঁওৰ শান্তি নিজৰা ক্লাৱত আৰম্ভ হৈছে পূৰ্ণ প্ৰস্তুতি। কংগ্ৰেছৰ প্ৰায় প্ৰতিগৰাকী নেতা-বিধায়ক সাজু হৈছে খাৰ্গে আৰু গান্ধীক আদৰাৰ বাবে।

এই উপলক্ষে দেওবাৰে সভাগৃহ তথা প্ৰস্তুতিৰ পৰিদৰ্শন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী সহ কংগ্ৰেছ দলৰ বহু কেইগৰাকী নেতা কৰ্মীয়ে। এই সময়চোৱাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপিক উদ্দেশ্যি বহু কটাক্ষমূলক মন্তব্য কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্চেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয় যে, বিজেপি চৰকাৰৰ এই কাৰ্যক আমি কংগ্ৰেছ দলে গৰিহনা দিছো । অসমৰ মাটিত কেৱল মামা-মামী, আম্বানী-আদানীৰহে দখল আছে যাৰ ফলত অমানৱীয়ভাৱ উচ্ছেদ কৰিছে বিজেপি চৰকাৰে। বৰ্তমান চৰকাৰৰ অন্যায়, অনিয়মৰ বাবে অসমৰ জনতাই বিকল্প বিচাৰি পাব বুলি মন্তব্য কৰে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ লগতে কয়, বিজেপি চৰকাৰ মাটি লুভীয়া। বৰ্তমান মাটিৰ ওপৰত মামা-মামী, আম্বানী-আদানিৰহে দখল আছে।

তেওঁ কয় যে, “চৰকাৰে আজিলৈ উত্তৰ দিব পৰা নাই যিখিনি মানুহক উচ্ছেদ কৰিছে সেইখিনি মানুহ ক’ত থাকিব, ক’লৈ যাব। বিজেপি দলৰ নেতা-পালিনেতাই দখল কৰিছে সেইবোৰ কেনেকৈ বুলডজাৰ চলাব, এই সকলো ক’ব পৰা  নাই।  ইয়াত ৰাজনীতি জড়িত হৈ আছে। মাটিৰ প্ৰতি বৰ্তমান চৰকাৰ আৰু বিধায়ক লুভীয়া বুলি সকলোৱে গম পাইছে”।

গগৈয়ে জনৱো অনুসৰি, ১৬ জুলাইত  খাৰ্গে আৰু ৰাহুল গান্ধীৰ অসম ভ্ৰমণৰ সময়ত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। এই সময়চোৱাত কংগ্ৰেছ দলৰ প্ৰত্যেক মণ্ডল, ব্লক, জিলাৰ সভাপতিৰ লগতে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো নেতা-সদস্য উপস্থিত থাকিব। সভাত মাল্লিকাৰ্জুন খাৰ্গে আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সন্মুখত অসমৰ বিভিন্ন সমস্যা লৈ সেই সন্দৰ্ভত আলোচনা কৰিব। লগতে কংগ্ৰেছৰ দুয়োগৰাকী বিশিষ্ট নেতাই সকলোকে উৎসাহ প্ৰদান কৰিব যাতে আগন্তুক অসমৰ ৰাইজে বিকল্প চৰকাৰ বিচাৰি পায়। খাৰ্গে আৰু গান্ধীৰ বাৰ্তা অসমৰ প্ৰতিগৰাকী জনতালৈ যাব বুলি আশা প্ৰকাশ কৰে গগৈয়ে।

 

অন্য খবৰ পঢ়কঃ উৰিয়ামঘাটৰ জনগাঁথনি পৰিবৰ্তনৰ চেষ্টা! মুখ্যমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ