৩৬ সংখ্যক শতক অৰ্জন কৰি ৰাহুল দ্ৰাবিড়ৰ সৈতে সমান স্থানত জো ৰুট…
নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্ট মেচৰ তৃতীয় দিনা জো ৰুটে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰে। ভাল ইনিংছ খেলি ৰুটে শতক অৰ্জন কৰি টিম ইণ্ডিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ সৈতে সমতা স্থাপন কৰে।

ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত তিনিখনীয়া টেষ্ট শৃংখলা চলি আছে । এই শৃংখলাৰ দ্বিতীয়খন মেচ ৱেলিংটনত অনুষ্ঠিত হৈছে । দ্বিতীয়খন টেষ্ট মেচৰ তৃতীয় দিনা জো ৰুটে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰে। ভাল ইনিংছ খেলি ৰুটে শতক অৰ্জন কৰি টিম ইণ্ডিয়াৰ কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ সৈতে সমতা স্থাপন কৰে। ৰুটৰ শতকৰ আধাৰত ইংলেণ্ড দলে নিউজিলেণ্ডৰ বিৰুদ্ধে ৫৮৩ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি জয়লাভ নিশ্চিত কৰে।
ৱেলিংটন টেষ্টৰ দ্বিতীয় দিনৰ শেষলৈকে জো ৰুটে ৭৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি আহে। পিছদিনাও তেওঁ আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন অব্যাহত ৰাখি ১২৬টা বলত ৯৮ ৰান সংগ্ৰহ কৰে। সাধাৰণতে কোনো বেটছমেনে শতক অৰ্জন কৰাৰ আগতে কোনো ধৰণৰ ৰিস্ক লোৱা দেখা নাযায় । কিন্তু ৰুটে সেই মুহূৰ্তত আত্মবিশ্বাসেৰে শতকৰ অৰ্জনৰ দিশে আগবাঢ়িছিল । পেচাৰ উইলিয়ান অ’ৰ’ৰ্কৰ বলৰ পৰা উইকেটকীপাৰৰ ওপৰেৰে ৰিভাৰ্ছ স্কুপ শ্বট খেলি টেষ্ট কেৰিয়াৰৰ ৩৬ সংখ্যক শতক অৰ্জন কৰে ৰুটে।
এই শতকৰে ৰুটে ৰাহুল দ্ৰাবিড়ৰ সৈতে সমতা স্থাপন কৰে । টেষ্টত অধিকাংশ শতক অৰ্জন কৰাৰ ক্ষেত্ৰতো দ্ৰাবিড়ৰ সৈতে যৌথভাৱে ৫ম স্থানত স্থান লাভ কৰে জো ৰুটে। জো ৰুটৰ আগত আছে শচীন টেণ্ডুলকাৰ, জেক কালিছ, ৰিকি পণ্টিং আৰু কুমাৰ ছাংগাকাৰা। উল্লেখ্য যে, জো ৰুটে আৰু ২ টা শতক অৰ্জন কৰাৰ পিছতে তেওঁ শ্ৰীলংকাৰ কিংবদন্তি কুমাৰ ছাংগাকাৰাৰ সমান হ’ব।
যোৱা কেইবছৰমানৰ পৰা জো ৰুটে অভিলেখ সৃষ্টিৰে বেটিং প্ৰদৰ্শন কৰি আহিছে। ২০২১ চনৰ পৰা প্ৰচণ্ড ফৰ্মত থকাৰ বাবে জো ৰুটক ৰখোৱাটো প্ৰত্যেক দলৰ বাবে কঠিন প্ৰত্যাহ্বান হিচাপে দেখা গৈছে । যোৱা তিনি বছৰত টেষ্ট ক্ৰিকেটত ৯৯টা ইনিংছ খেলি সৰ্বাধিক ১৯ টা শতক অৰ্জন কৰিছে জো ৰুটে। যোৱা তিনি বছৰত জো ৰুটৰ পাছতে কেন উইলিয়ামছনে ৪১ ইনিংছত ৯ টা শতক আৰু হেৰী ব্ৰুকে ৩৮ ইনিংছত ৮ টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে।