শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Jasprit Bumrah Birthday: এসময়ত এযোৰ জোতাৰ বাবে কৰিছিল চিন্তাঃ এতিয়া বুমৰাহৰ আছে ইমান সম্পত্তি…

নিজৰ ঘাতক বলিঙেৰে বিপক্ষৰ বিপৰ্যয়ৰ কাৰণ আৰু নিজ দলৰ জয়ৰ নায়ক হৈ পৰা যশপ্ৰীত বুমৰাহে আজি ৩১ সংখ্যক জন্মদিন উদযাপন কৰিছে। জাতীয় দলৰ হৈ অভিষেক ঘটোৱাৰ পিছৰে পৰা বুমৰাহে সন্মান তথা খ্যাতি অৰ্জনৰ লগতে যথেষ্ট অৰ্থও উপাৰ্জন কৰিছে। এসময়ত এযোৰ জোতা ক্ৰয়ৰ বাবে চিন্তা কৰা বুমৰাহৰ এতিয়া আছে কোটি কোটি টকাৰ সম্পত্তি।

Jasprit Bumrah Birthday: এসময়ত এযোৰ জোতাৰ বাবে কৰিছিল চিন্তাঃ এতিয়া বুমৰাহৰ আছে ইমান সম্পত্তি…
আজি ৩১ সংখ্যক জন্মদিন উদযাপন কৰিছে বুমৰাহে
Monjit Dutta
Monjit Dutta | Published: 06 Dec 2024 14:55 PM

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ শ্ৰেষ্ঠতম বলাৰ হিচাপে ক্ৰিকেট বিশেষজ্ঞৰ পৰা আৰম্ভ কৰি অনুৰাগীলৈ সকলোৰে মুখত প্ৰথমেই উচ্চাৰিত হয় ভাৰতীয় তাৰকা যশপ্ৰীত বুমৰাহৰ নাম। নিখুঁত লাইন-লেংথৰ লগতে গতি আৰু নিয়ন্ত্ৰিত বলিঙেৰে বুমৰাহে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিজকে এইদৰে প্ৰতিষ্ঠা কৰিছে। বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰি বুমৰাহে আগবঢ়াই নিছে ভাৰতীয় দলক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটোৱাৰ পিছৰে পৰা তিনিওটা ফৰ্মেটতে বুমৰাহ হৈ পৰিছে ভাৰতীয় দলৰ বহু যুঁজৰ নায়ক। এক কথাত ভাৰতীয় ক্ৰিকেট দলৰ শেহতীয়া প্ৰদৰ্শনৰ অন্যতম সূত্ৰধাৰ বুমৰাহ।

নিজৰ ঘাতক বলিঙেৰে বিপক্ষৰ বিপৰ্যয়ৰ কাৰণ আৰু নিজ দলৰ জয়ৰ নায়ক হৈ পৰা যশপ্ৰীত বুমৰাহৰ আজি জন্মদিন। ১৯৯৩ চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰা বুমৰাহে আজি ৩১ সংখ্যক জন্মদিন উদযাপন কৰিছে। আজি এই বিশেষ দিনটোত বুমৰাহে চলিত এডিলেইড টেষ্টত স্বকীয় শৈলীৰে উজলি উঠি দেশক পুনৰ এবাৰ গৌৰৱান্বিত কৰি তুলিব বুলি আশা কৰিছে প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে।

২০১৬ চনত এদিনীয়া, টি-২০ ফৰ্মেটত আৰু ২০১৮ চনত টেষ্ট ফৰ্মেটত অভিষেক ঘটোৱাৰ পিছৰে পৰা নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে বুমৰাহে অনন্য সন্মান তথা খ্যাতি অৰ্জন কৰাৰ লগতে যথেষ্ট অৰ্থও উপাৰ্জন কৰিছে। ভাৰতৰ শীৰ্ষতম বলাৰ বুমৰাহ এতিয়া কোটি কোটি টকাৰ সম্পত্তিৰ গৰাকী। আছে কেইবাখনো বিলাসী বাহন আৰু অট্টালিকা। পিছে ইমান সম্পত্তিৰ গৰাকী বুমৰাহে এসময়ত এযোৰ জোতাৰ বাবে কৰিবলগা হৈছিল চিন্তা।

বুমৰাহৰ মাতৃয়ে জানিবলৈ দিছিল তাৰকা ক্ৰিকেটাৰগৰাকীৰ এই অতীতৰ ঘটনা। এই ঘটনাই আবেগিক কৰি তুলিছিল প্ৰতিগৰাকী অনুৰাগীক। তেওঁ উল্লেখ কৰা মতে, শৈশৱত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰাৰ সময়ত বুমৰাহক এযোৰ জোতাৰ প্ৰয়োজন হৈছিল। জনপ্ৰিয় নাইক কোম্পানীৰ এযোৰ জোতা এটা ক্ৰয় কৰিব বিচাৰিছিল বুমৰাহে। সেয়এ মাতৃয়ে তেওঁক শ্ব’ৰুমলৈ লৈ গৈছিল যদিও জোতাযোৰৰ দাম আছিল যথেষ্ট বেছি।

সেয়ে দাম শুনাৰ পিছত তেওঁলোক খালী হাতেৰে উভতি আহিব লগা হৈছিল। ঘূৰি অহাৰ সময়ত মাকৰ আগত বুমৰাহে এনে এযোৰ জোতা এদিন নিশ্চয় কিনিব বুলি উল্লেখ কৰিছিল। আৰু আজি তেওঁৰ হাতত এনে বহু দামী জোতা আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সম্প্ৰতি বুমৰাহৰ সম্পত্তিৰ পৰিমাণ হ’ব প্ৰায় ৬০ কোটি টকা। বিচিচিআইৰ চুক্তি, মেচ মাচুল, ব্ৰেণ্ড এণ্ডাৰছমেণ্ট আৰু আইপিএলৰ দৰমহাকে ধৰি বিভিন্ন ধৰণেৰে তেওঁ ধন উপাৰ্জন কৰে।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বাৰ্ষিক চুক্তিৰ তালিকাত বুমৰাহক এ+ গ্ৰেডত স্থান দিয়া হৈছে। এই শিতানৰ খেলুৱৈসকলে বাৰ্ষিক দৰমহা লাভ কৰে ৭ কোটি টকা। একে সময়তে তেওঁ প্ৰতিখন টেষ্ট মেচৰ বাবে ১৫ লাখ, এদিনীয়া মেচৰ বাবে ৭ লাখ আৰু টি-২০ মেচৰ বাবে ৩ লাখ টকা লাভ কৰে। আনহাতে আই পি এলত মুম্বাই ইণ্ডিয়ানছে এই বৰ্ষত বুমৰাহক ১৮ কোটি টকাত ৰিটেইন কৰিছে। সমান্তৰালকৈ বুমৰাহে ব্ৰেণ্ড এণ্ডৰছমেণ্টৰ বাবে আনুমানিক ১.৫ৰ পৰা ২ কোটি টকা লাভ কৰে।

দামী গাড়ীৰ প্ৰতিও বিশেষ আকৰ্ষণ আছে বুমৰাহৰ। মাৰ্চিডিজ মেইবাক এছ৫৬০, নিছান জিটি-আৰ, ৰেঞ্জ ৰভাৰ ভেলাৰ, টয়’টা ইনোভা ক্ৰীষ্টা আৰু হুণ্ডাই ভাৰ্নাৰ দৰে বাহন আছে বুমৰাহৰ ওচৰত। কেৱল এয়াই নহয়, এসময়ত এটা কোঠাত জীৱন কটোৱা বুমৰাহৰ এতিয়া কোটি কোটি টকাৰ ঘৰো আছে। তথ্য অনুসৰি মুম্বাইত এটা ২ কোটি টকীয়া ঘৰ আৰু গৃহ চহৰ আহমেদাবাদত ৩ কোটি টকাৰ বিলাসী ঘৰ্ৰ গৰাকী বুমৰাহ।