এফালে আশা, আনফালে শংকা! জয়ৰ পিছতো ভাৰতীয় শিবিৰত কিয় এনে মিশ্ৰিত পৰিস্থিতি?
কালিৰ মেচখনত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ২০৮ ৰান সংগ্ৰহ কৰাৰ পিছত ভাৰতীয় দলে মাত্ৰ ১৫.২ অভাৰতে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। পিছে এনে এক দুৰন্ত প্ৰদৰ্শনৰ পিছতো ভাৰতীয় শিবিৰত যদি এফালে আশা দেখা গৈছে, আনফালে আকৌ দেখা গৈছে শংকা। পিছে এনে মিশ্ৰিত অনুভৱৰ কাৰণ কি!
নিউজিলেণ্ডৰ বিপক্ষে চলিত পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাত ২-০ ব্যৱধানৰ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে ভাৰতীয় দলে। শৃংখলাৰ দ্বিতীয়খন মেচত কালি ভাৰতে নিউজিলেণ্ডক সহজেই ৭ উইকেটত পৰাস্ত কৰে। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনত ভাৰতীয় দলে কিৱি বাহিনীক একপ্ৰকাৰে বিধ্বস্ত কৰি তোলা বুলিয়েই ক’ব পাৰি। পিছে এনে এক দুৰন্ত প্ৰদৰ্শনৰ পিছতো ভাৰতীয় শিবিৰত যদি এফালে আশা দেখা গৈছে, আনফালে আকৌ দেখা গৈছে শংকা। পিছে এনে মিশ্ৰিত অনুভৱৰ কাৰণ কি!
কালিৰ মেচখনত নিউজিলেণ্ডে প্ৰথমে বেটিং কৰি ২০৮ ৰান সংগ্ৰহ কৰাৰ পিছত ভাৰতীয় দলে মাত্ৰ ১৫.২ অভাৰতে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সৰ্বাধিক ৮২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ঈশান কিষাণে ৭৬ ৰানৰ এক মাৰমুখী ইনিংছ খেলে।
এই জয়েৰে ভাৰতে কেইবাটাও বিশেষ অভিলেখ গঢ়ি তোলে। ভাৰতীয় দলৰ এয়া সৰ্বাধিক ৰানৰ লক্ষ্য অনুসৰণ কৰি জয়ৰ অভিলেখ। ২০০তকৈ অধিক লক্ষ্য অনুসৰণ কৰি বেছি বল থাকোঁতেই জয় অৰ্জনৰো অভিলেখ গঢ়িছে ভাৰতে। এনে আকৰ্ষণীয় সফলতাৰ লগতে ভাৰতৰ পক্ষত আন কিছু আশাৰ খবৰো দেখা যায় মেচখনত।
কিষাণ-সূৰ্যৰ প্ৰদৰ্শন
সুদীৰ্ঘ প্ৰায় দুই বছৰৰ পিছত সুযোগ লাভ কৰা কিষাণে কালি ৩২ বলত ৭৬ ৰান (১১টা চাৰি, ৪টা ছয়) সংগ্ৰহ কৰি নিজকে পুনৰবাৰ প্ৰমাণ কৰে। মেচখনত ঈশানে নিউজিলেণ্ডৰ বিপক্ষে দ্ৰুততম অৰ্ধশতক অৰ্জনকাৰী ভাৰতীয় বেটাৰৰ অভিলেখ ৰচে। আগন্তুক টি-২০ বিশ্বকাপত কিষাণে বিকল্প অপেনাৰ হিচাপে স্থান লাভ কৰিছে।
তদুপৰি বিশ্বকাপৰ দলত থকা তিলক আঘাতৰ পৰা মুক্ত নহ’লে কিষাণে মূল একাদশতো সুযোগ পাব পাৰে। আনহাতে এই শৃংখলাত এতিয়ালৈকে অপেনাৰ হিচাপে ব্যৰ্থ হৈছে চেমচন। তেনে পৰিস্থিতিত কিষাণে অপেনাৰ হিচাপে স্থান পালেও এনে প্ৰদৰ্শন আগবঢ়াই থাকিলে দলৰ বাবে শুভ লক্ষণ হ’ব।
ইফালে প্ৰায় ২০২৪ চনৰ পিছত আৰু ২৪টা ইনিংছৰ পিছত এক অৰ্ধশতকীয় ইনিংছ খেলিছে অধিনায়ক সূৰ্যই। বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলটোৰ মূল বেটিং শক্তি সূৰ্য ফৰ্মলৈ উভতাটো নিশ্চিতভাৱে শুভ লক্ষণ। তাৰকা ক্ৰিকেটাৰগৰাকীৰ এই ফৰ্ম অব্যাহত থাকিলে ভাৰতীয় দলৰ খিতাপ অক্ষুণ্ণ ৰখা কষ্টকৰ নহ’ব।
চেমচন-অৰ্শদীপে বঢ়াইছে চিন্তা
পিছে সঞ্জু চেমচন আৰু অৰ্শদীপৰ প্ৰদৰ্শনে চিন্তাত পেলাইছে ভাৰতীয় শিবিৰক। এইপৰ্যন্ত হোৱা শৃংখলাৰ দুয়োখন মেচতে চেমচন ব্যৰ্থ হৈছে। চেমচনৰ ব্যৰ্থতাই ভাৰতীয় টীম মেনেজমেণ্টকো চিন্তাত পেলাইছে। ইফালে প্ৰথম মেচত কিছু সফল হ’লেও কালি সম্পূৰ্ণ ব্যৰ্থ হয় অৰ্শদীপ।
টি-২০ত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী অৰ্শদীপ সিঙে কালি নিজ স্পেলত ৪ অভাৰত ৫৩ ৰান খৰচ কৰি উইকেটবিহীন হৈ ৰয়। ইনিংছৰ প্ৰথম অভাৰত বলিং কৰি অৰ্শদীপে খৰচ কৰে ১৮ ৰান। দলৰ অন্যতম মুখ্য বলাৰ অৰ্শদীপৰ এনে প্ৰদৰ্শনে ভাৰতীয় দলকো চাপত ৰাখিব। এতিয়া বিশ্বকাপৰ পূৰ্বে এনে শংকা দূৰ হোৱাৰ আশা কৰিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে।