শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ক্ৰিকেট বিশ্বত খলকনি! ইতিহাসৰ ঘাতক পেচাৰেও কৰিব নোৱাৰা কাম কৰিলে আয়াৰলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে

ডাবল হেট্ৰিকৰ কথা বাদেই, সাধাৰণতে এগৰাকী বলাৰে কাচিৎ কেতিয়াবাহে হেট্ৰিক দখলৰ কৃতিত্ব অৰ্জন কৰে। তেনে পৰিস্থিতিত ক্ৰমাগত পাঁচ বলত পাঁচ উইকেট দখল একপ্ৰকাৰে অভাৱনীয় কথা। কিন্তু অভাৱনীয় কথাটিকে ২২ গজত সম্ভৱপৰ কৰি তুলিলে এগৰাকী আইৰিচ ক্ৰিকেটাৰে।

ক্ৰিকেট বিশ্বত খলকনি! ইতিহাসৰ ঘাতক পেচাৰেও কৰিব নোৱাৰা কাম কৰিলে আয়াৰলেণ্ডৰ এইগৰাকী ক্ৰিকেটাৰে
আইৰিচ তাৰকঋ ৰচিলে ইতিহাসImage Credit source: Matt Roberts-ICC/ICC via Getty Images)
monjit-dutta
Monjit Dutta | Published: 11 Jul 2025 13:03 PM

২০০৭ চনৰ এদিনীয়া বিশ্বকাপ। গুয়ানাত দক্ষিণ আফ্ৰিকা বনাম শ্ৰীলংকাৰ মেচ। এই মেচখনতে ক্ৰিকেট বিশ্বক চমকিত কৰি তোলা এক বিশেষ কাম কৰিছিল লাচিত মালিঙ্গাই। ক্ৰমাগত চাৰিটা বলত চাৰিটা উইকেট দখল কৰি তেওঁ ৰচিছিল ডাবল হেট্ৰিকৰ ইতিহাস। বন্দিত হৈছিল সমগ্ৰ ক্ৰিকেট বিশ্বত। অৱশ্যে ইয়াৰ পিছতো তেওঁ ২০১৯ চনত নিউজিলেণ্ডৰ বিপক্ষে এনে কৃতিত্ব অৰ্জন কৰে। মালিঙ্গাৰ লগতে পিছে কেইগৰাকীমান বলাৰো পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এনে কৃতিত্বৰ অধিকাৰী হয়।

আয়াৰলেণ্ডৰ পেচাৰ কাৰ্টিছ কেম্পাৰৰো নাম আছে এই তালিকাত। পিছে এই আইৰিচ তাৰকাগৰাকীয়ে শেহতীয়াকৈ যি অভিলেখ ৰচিলে সেয়া অভূতপূৰ্ব। ডাবল হেট্ৰিকৰ কথা বাদেই, সাধাৰণতে এগৰাকী বলাৰে কাচিৎ কেতিয়াবাহে হেট্ৰিক দখলৰ কৃতিত্ব অৰ্জন কৰে। তেনে পৰিস্থিতিত ক্ৰমাগত পাঁচ বলত পাঁচ উইকেট দখল একপ্ৰকাৰে অভাৱনীয় কথা।

কিন্তু অভাৱনীয় কথাটিকে ২২ গজত সম্ভৱপৰ কৰি তুলিলে কেম্পাৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নহ’লেও সম্পূৰ্ণ পেছাদাৰী ক্ৰিকেটত এই অভিলেখ ৰচনা কৰিছে আইৰিচ পেচাৰগৰাকীয়ে। আয়াৰলেণ্ডৰ এই পেচ বলিং অলৰাউণ্ডাৰগৰাকীয়ে পেছাদাৰী ক্ৰিকেটত প্ৰথমবাৰৰ বাবে এনে বিৰল কৃতিত্ব অৰ্জন কৰিছে। আইৰিচ টি-২০ প্ৰতিযোগিতাত নৰ্থ-ৱেষ্ট ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে মুনষ্টাৰ ৰেডছ দলৰ হৈ এই কৃতিত্ব অৰ্জন কৰে কাৰ্টিছ কেম্পাৰে।

নিজ স্পেলত কেম্পাৰে ২.৩ অভাৰ বলিং কৰি ১৬ ৰানৰ বিনিময়ত ৫টা উইকেট দখল কৰে। স্পেলৰ দ্বিতীয় অভাৰৰ অন্তিম দুটা বলত কেম্পাৰে দুটা উইকেট দখল কৰিছিল। ইয়াৰ পিছত তৃতীয় অভাৰৰ প্ৰথম বলত তেওঁ হেট্ৰিক দখলৰ সুযোগ পায়। কেম্পাৰে পিছে কেৱল এই সুযোগ কাৰ্যকৰী কৰাই নহয়, পৰৱৰ্তী বলকেইটাতো উইকেট দখল কৰে।

লক্ষণীয়ভাৱে মুনষ্টাৰ ৰেডছে দিয়া ১৮৯ ৰানৰ লক্ষ্য অনুসৰণ কৰা নৰ্থ-ৱেষ্ট ৱাৰিয়ৰ্ছৰ এটা সময়ত স্ক’ৰ আছিল ৫ উইকেটত ৮৭ ৰান। কিন্তু তাৰ পিছতে কেম্পাৰৰ এই ইতিহাস সৃষ্টিকাৰী প্ৰদৰ্শনৰ পৰিণতিত ৮৮ ৰানত অল আউট হয় আৰু ১০০ ৰানত পৰাজয় স্বীকাৰ কৰে। এনে অভিনৱ প্ৰদৰ্শনেৰে এতিয়া সমগ্ৰ ক্ৰিকেট বিশ্বত আলোচিত হৈছে কাৰ্টিছ কেম্পাৰৰ নাম।