IPL 2025 Prize Money: কিমান পৰিমাণৰ পুৰস্কাৰ লাভ কৰিব চেম্পিয়ন-ৰাণাৰ্ছ আপ দল আৰু পাৰ্পল-অ’ৰেঞ্জ কেপ বিজয়ী খেলুৱৈয়ে?
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ফাইনেল। দুয়োটা দলৰ হাতত এইবাৰ প্ৰথমটো খিতাপ জয়ৰ সুযোগ। চাওঁ আহক এইবাৰ প্ৰতিযোগিতাৰ চেম্পিয়ন আৰু ৰাণাৰ্ছ আপ দলে কিমান পৰিমাণৰ ধন পুৰস্কাৰ লাভ কৰিব।

কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ফাইনেল। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ’ব আই পি এলৰ ১৮ সংখ্যক ছিজনৰ খিতাপ যুঁজ। দুয়োটা দলেই ছিজনত উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। ছিজনৰ প্ৰথমখন কোৱালিফায়াৰত পঞ্জাৱ কিংছক পৰাস্ত কৰিয়েই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমেই ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে পঞ্জাৱ কিংছে দ্বিতীয় কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰে।
লক্ষণীয়ভাৱে এই দুয়োটা দলৰ বাবে এয়া হ’ব প্ৰথমটো আই পি এল খিতাপ। ইয়াৰ পূৰ্বে আৰচিবিয়ে ৩ বাৰ ফাইনেল খেলিছিল যদিও খিতাপ জয়ত ব্যৰ্থ হৈছিল। আনহাতে পঞ্জাৱে ২০১৪ চনত প্ৰতিযোগিতাৰ ফাইনেল খেলিছিল, পিছে চেন্নাইৰ বিপক্ষে পৰাস্ত হৈছিল দলটো। গতিকে কাইলৈ প্ৰতিযোগিতাৰ এক নতুন চেম্পিয়ন দল দেখিবলৈ পোৱা যাব। ইফালে ফাইনেলত প্ৰৱেশৰ সুবাদত দুয়োটা দলেই লাভ কৰিব বিপুল পৰিমাণৰ ধন।
আই পি এল গভৰ্নিং কমিটীয়ে বিজয়ী দল আৰু ৰানাৰ্ছ আপ দলক কিমান টকা দিয়া হ’ব সেই কথা এতিয়াও ঘোষণা কৰা নাই যদিও প্ৰতিবেদন অনুসৰি আই পি এল ২০২৫ৰ ফাইনেলত বিজয়ী দলটোৱে ২০ কোটি টকাৰ পুৰস্কাৰ লাভ কৰিব। একেদৰে ৰাণাৰ্ছ আপ দলটোৱে ১৩ কোটি টকা লাভ কৰাৰ বিপৰীতে কোৱালিফায়াৰত পৰাস্ত হোৱা মুম্বাই ইণ্ডিয়ানছে ৭ কোটি টকা লাভ কৰিব। এলিমিনেটৰত পৰাস্ত হোৱা গুজৰাট টাইটানছে লাভ কৰিব ৬.৫ কোটি টকা।
প্ৰতিবেদন অনুসৰি, এইবাৰ অৰেঞ্জ কেপ বিজয়ী খেলুৱৈগৰাকীয়ে লাভ কৰিব ১০ লাখ টকাৰ পুৰস্কাৰৰ ধন। পাৰ্পল কেপ বিজয়ী গৰাকীয়েও সমপৰিমাণৰ ধন লাভ কৰিব। আনহাতে ছিজনৰ উদীয়মান খেলুৱৈগৰাকীক ২০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব। মষ্ট ভেলুৱেবল প্লেয়াৰ, ছুপাৰ ষ্ট্ৰাইকাৰ, পাৱাৰ প্লেয়াৰ, মেক্সিমাম ছিক্স আৰু গেম চেঞ্জাৰ খেলুৱৈগৰাকীয়ে ১০ লাখ টকাকৈ লাভ কৰিব।