যকৃত সুস্থ কৰি ৰাখিবলৈ কি কি খাব লাগে?

4 JUNE 2025

TV9 ASSAM

Credit: Getty Images

যকৃত বা লিভাৰ আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। ই তেজ পৰিষ্কাৰ কৰে, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়, হজম শক্তিত সহায় কৰে আৰু লগতে ঔষধৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰে।

যকৃত

যকৃত সুস্থ হৈ থাকিলেহে  শৰীৰত শক্তি থাকে। যদি যকৃতে ভালদৰে কাম নকৰে তেন্তে ফেটি লিভাৰ, হেপাটাইটিছ আৰু লিভাৰ চিৰ’ছিছ আদি গুৰুতৰ ৰোগ হ’ব পাৰে।

সুস্থ যকৃত 

যকৃত সুস্থ কৰি ৰখাটো জৰুৰী। যকৃত ভালকৈ ৰাখিবলৈ এইবোৰ বস্তু খোৱাটো উপকাৰী।

যকৃতৰ যত্ন

খাদ্য বিশেষজ্ঞ পৰমজিৎ কৌৰে কয় যে ৰাতিপুৱা খালী পেটত কুহুমীয়া নেমু পানী খালে যকৃত সক্ৰিয় হৈ থাকে। নেমুত থকা ভিটামিন চি-এ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে আৰু লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে।

কুহুমীয়া নেমু পানী 

গ্ৰীণ টিত থকা কেটেচিনে যকৃতক বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা কৰে আৰু ইয়াৰ কোষবোৰ মেৰামতি কৰে। বিপাকীয় ক্ৰিয়া বৃদ্ধি, ওজন কমা আৰু হৃদৰোগ প্ৰতিৰোধ কৰাত ই উপকাৰী।

গ্ৰীণ টি

হালধিৰ পানীত প্ৰদাহ বিৰোধী গুণ থাকে, যিয়ে যকৃতক প্ৰদাহ আৰু বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা কৰে। লগতে ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, গাঁঠিৰ বিষ কমায় আৰু ছালখন পৰিষ্কাৰ কৰে।

হালধিৰ পানী

শৰীৰত পানীৰ পৰিমাণ সঠিক হ’লে যকৃতে ভালদৰে কাম কৰে আৰু লগতে শৰীৰক বিষমুক্ত কৰে। ইয়াৰ ফলত বৃক্ক সুস্থ হৈ থাকে, ছালত আৰ্দ্ৰতা অব্যাহত থাকে আৰু ভাগৰ কমি যায়।

পানী

চাবলৈ ক্লিক কৰক 

তেতেলীৰ গুটিৰ উপকাৰিতা