শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমত বানৰ প্ৰভাৱঃ ২১ খন জিলাৰ ৬.৩৩ লাখ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি…

Assam Flood: অসমৰ ২১ খনকৈ জিলা বানৰ কবলত। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। ইয়াৰোপৰি বৰ্তমান সময়তো বিপদসীমাৰ ওপৰৰে বৈ আছে কেইবাখনো নদী।

অসমত বানৰ প্ৰভাৱঃ ২১ খন জিলাৰ ৬.৩৩ লাখ লোক প্ৰভাৱিত, মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি…
অসমৰ বান পৰিস্থিতিImage Credit source: PTI
barasha-sarma
Barasha Sarma | Updated On: 04 Jun 2025 11:27 AM

অসমত অব্যাহত বানৰ তাণ্ডৱ। ৩ জুনত দুৰ্যোগৰ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা (DRIMS Assam) ই জাৰি কৰা তথ্য অনুসৰি অসমৰ ২১ খন জিলা বানৰ দ্বাৰা প্ৰভাৱিত হৈ আছে। এই জিলাকেইখনৰ ৬৯ টা ৰাজহ চক্ৰ আৰু ১৫০৬ খন গাঁও প্লাবিত হৈ আছে। বৰ্তমান সময়ত বানাক্ৰান্ত জিলাকেইখন হৈছে- হাইলাকান্দি, নগাঁও, শ্ৰীভূমি, কামৰূপ, হোজাই, লখিমপুৰ, মৰিগাঁও, কাছাৰ ,গোলাঘাট, ডিব্ৰুগড়, বৰপেটা, বিশ্বনাছ, শোণিতপুৰ, ধেমাজি, মাজুলী, কাৰ্বিআংলং (পশ্চিম), দৰং, শিৱসাগৰ, তিনিচুকীয়া, ডিমাহাচাও আৰু যোৰহাট।

তথ্য অনুসৰি, চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। ইয়াৰোপৰি বৰ্তমান সময়তো বিপদসীমাৰ ওপৰৰে বৈ আছে কেইবাখনো নদী। এই নদী কেইখন হ’ল-ব্ৰহ্মপুত্ৰ (নিমতিঘাট), ব্ৰহ্মপুত্ৰ (তেজপুৰ), বুঢ়িদিহিং (চেনিমাৰী, খোৱাং), কপিলী (কামৰূপ), কপিলী (ধৰমতুল), বৰাক (ফুলেৰতল), ৰুকনি (ঢলাই), বৰাক (এপি ঘাট), বৰাক (বিপি ঘাট), ধলেশ্বৰী (গড়মূৰা), কুচিয়াৰা (শ্ৰীভূমি)। ইয়াৰোপৰি সৰ্বোচ্চ বিপদসীমাৰ ওপৰৰে বৈ আছে কাটাখাল নদী (মাতিজুৰি)।

ইয়াৰোপৰি বানত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। তথ্য মতে, চলিত বানত ৬,৩৩,১১৪ গৰাকী লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। ইয়াৰে মহিলাৰ সংখ্যা ২,০৯,৫৮৪ গৰাকী আৰু শিশুৰ সংখ্যা ১,৬৬,১৮৫ গৰাকী। এই জিলাসমূহত ক্ষতিগ্ৰস্ত হোৱা ভূমিৰ পৰিমাণ প্ৰায় ১৪,৭৩৯.৩৩ হেক্টৰ।

এই বানৰ ফলত প্ৰভাৱিত হৈ মানুহৰ কৃষিভূমি, ঘৰ-দুৱাৰ, পশুধন আদি সকলো। যাৰ বাবে বন্যাৰ্তসকলে বান শিবিৰত আশ্ৰয় লৈছে। বৰ্তমান বান শিবিৰত থকা বন্যাৰ্তৰ সংখ্যা প্ৰায় ৩৯,৭৪৬ গৰাকী। ইয়াৰোপৰি ২,১৭,৪৭১ গৰাকী বন্যাৰ্তই সাহাৰ্য শিবিৰৰ পৰা সহায় লৈ আছে। চৰকাৰৰ ফালৰ পৰা কেইবাটাও সাহাৰ্য শিবিৰৰ ব্যৱস্থা কৰি বন্যাৰ্তক প্ৰয়োজনীয় সামগ্ৰী যোগানৰ চেষ্টা কৰা হৈছে।

বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৪,৯৪,১৩২ টা পশুধন। ইয়াৰোপৰি প্ৰায় ১৫১ টা পশুধন বানত উটি গৈছে। বানৰ ফলত প্ৰায় ৮০ টা ৰাস্তা ক্ষতিগ্ৰস্ত হৈছে আৰু ২ টা মথাউৰি ভাঙি গৈছে।

বানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকী নেতা-মন্ত্ৰীয়ে বান প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰিছে। লগতে বন্যাৰ্তক সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে। ইয়াৰ মাজতে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীৰে হোৱা কথা-বতৰাত মোদীয়ে বানৰ ক্ষেত্ৰত অসমক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতি ভয়াবহ হৈ পৰিছে। প্ৰতিবাৰৰ দৰে এইবাৰো বানে মানুহক জুৰুলা কৰি পেলাইছে। বানে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিত এতিয়া জীয়াতু ভুগিছে একাংশই। এতিয়াও ৰাজ্যত অব্যাহত আছে বৰষুণ। যাৰ ফলত অসমৰ নদীসমূহৰ জলস্তৰ হ্ৰাস পোৱাৰ সম্ভাৱনা নাই। তেনে স্থলত বানে আগন্তুক সময়ত কি ৰূপ ধাৰণ কৰে সেয়া সময়ে কব।

 

অন্য খবৰ পঢ়কঃ অসমত বানৰ তাণ্ডৱ! ২২ খন জিলাৰ প্ৰায় ৫ লাখ লোক প্ৰভাৱিত, মৃত্যু ৬ জনৰ…