শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দলক ফাইনেলত উপনীত কৰিও অভিব্যক্তিহীন শ্ৰেয়াছ, প্ৰীতিৰ আলিংগনতহে মুখত সামান্য হাঁহি

অতি শীতল মস্তিস্কৰে এটা অনবদ্য ইনিংছ খেলিলে শ্ৰেয়াছে । যিটো ইনিংছে, ফাইনেলত উপনীত কৰালে প্ৰীতি জিন্টাৰ পঞ্জাব কিংছক । ইটোৰ পাছত সিটো বলে বাউণ্ডেৰী স্পৰ্শ কৰিছিল, তথাপিও কোনো অভিব্যক্তি নাছিল শ্ৰেয়াছৰ ।

দলক ফাইনেলত উপনীত কৰিও অভিব্যক্তিহীন শ্ৰেয়াছ, প্ৰীতিৰ আলিংগনতহে মুখত সামান্য হাঁহি
শ্ৰেয়াছ আয়াৰImage Credit source: BCCI
raj-saikia
Raj Saikia | Published: 02 Jun 2025 18:00 PM

কেপ্টেইন শ্ৰেয়াছ আয়াৰ । খুব কমেই দেখা যায় শ্ৰেয়াছৰ মুখত অভিব্যক্তি । যেন অন্য এক কেপ্টেইন কুল । আইপিএলৰ দ্বিতীয় কোৱালিফায়াৰ মেচত প্ৰস্তৰ হৈ পৰিছিল শ্ৰেয়াছ । স্ক’ৰবৰ্ডত ২০৪ ৰানৰ টাৰ্গেট । বেটিং কৰিবলৈ নামোতে জয় নিশ্চিত নাছিল । তাৰোপৰি প্ৰথম কোৱালিফায়াৰত মাত্ৰ ১০১ ৰানত অল আউট হোৱাৰ চাপ আছেই । অতি শীতল মস্তিস্কৰে এটা অনবদ্য ইনিংছ খেলিলে শ্ৰেয়াছে । যিটো ইনিংছে, ফাইনেলত উপনীত কৰালে প্ৰীতি জিন্টাৰ পঞ্জাব কিংছক । ইটোৰ পাছত সিটো বলে বাউণ্ডেৰী স্পৰ্শ কৰিছিল, তথাপিও কোনো অভিব্যক্তি নাছিল শ্ৰেয়াছৰ । ছিক্সাৰ মাৰি জিকালে মেচখন । তথাপিও নাই কোনো উল্লাস । যেন এটুকুৰা প্ৰস্তৰ ।

পৰিস্থিতি দেখি তেনেকুৱাই ভাৱ হৈছিল বহুতৰে মনত । পঞ্জাব কিংছৰ ডাগআউটত বিজয় উল্লাস আৰম্ভ, কিন্তু শ্ৰেয়াছৰ মুখত নাই কোনো উল্লাসৰ চিন, নাই কোনো অভিব্যক্তি । পঞ্জাব কিংছৰ খেলুৱৈসকলে অধিনায়কৰ সৈতে হাত মিলাইছে, আলিংগন কৰিছে । অন্যতম মুৰব্বী নেছ ওৱাদিয়াই শ্ৰেয়াছক জনায় অভিনন্দন । কিন্তু শ্ৰেয়াছ যেন কোনো অন্য দুনিয়ালৈ গুচি গৈছিল । প্ৰীতি জিন্টাই আলিংগন কৰা মুহূৰ্তত প্ৰথমবাৰৰ বাবে সামান্য হাঁহি দেখা গ’ল শ্ৰেয়াছৰ মুখত । দ্বিতীয়বাৰ, ৰোহিতৰ সৈতে কৰমৰ্দন কৰাৰ পৰত ।

মেচত হাৰি হতাশাত বহি পৰে মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া । তেওঁক সান্ত্বনা দিয়াৰ চেষ্টা কৰে শ্ৰেয়াছৰ সতীৰ্থ মাৰ্কাছ ষ্টইনিছে । সৌজন্যমূলকভাৱে কৰমৰ্দন কৰিলে শ্ৰেয়াছেও । মেচৰ শেষত প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ । তাৰ বাহিৰেও আছিল বহুকেইটা মুহূৰ্ত । পৰিয়ালৰ লোকসকলো আহিছিল খেল চাবলৈ । শ্ৰেয়াছৰ ভনীয়েকো উপস্থিত আছিল খেলপথাৰত । সকলোৰে সৈতে দেখা কৰাৰ পাছত যেন চেতনা ঘূৰিল শ্ৰেয়াছৰ ।

মেচৰ সঞ্চালক হৰ্ষ ভোগলেই তেওঁক প্ৰশ্ন কৰে, “তোমাক দেখি ভাব হৈছিল যেন সম্পূৰ্ণৰূপে এখন অন্য জগতত বিচৰণ কৰিছিলা । কোনো উত্তাপ-উত্তেজনা নাই । মুখত হাঁহি নাই ।” পঞ্জাবৰ অধিনায়কে উত্তৰ দিলে, “এই ধৰণৰ ডাঙৰ মঞ্চ মই পছন্দ কৰোঁ । সকলো সময়তে নিজকে আৰু সতীৰ্থসকলকো কওঁ, যিমান ঠাণ্ডা হৈ থাকিব পাৰি, ফলাফল সিমানেই ভাল পাব পাৰি । মই সেই চেষ্টাকে কৰিছিলোঁ । অযথা কোনো উত্তেজনা নকৰি, শীতল মস্তিস্কৰে খেলাৰ চেষ্টা কৰিছিলোঁ ।”

১১ বছৰৰ পাছত দ্বিতীয়বাৰলৈ আই পি এলৰ ফাইনেলত উপনীত হৈছে পঞ্জাব কিংছ । শ্ৰেয়াছ স্পষ্ট কৰি দিছে । আধা কামহে হৈছে, আধা এতিয়াও বাকী । ট্ৰফী জয় কৰিহে যে তেওঁ আচল উদযাপন কৰিব খোজে, সেয়া স্পষ্ট । যদি সেয়া বাস্তৱ হয়, তেন্তে নতুন ইতিহাস ৰচনা হ’ব । আইপিএলৰ ইতিহাসত কোনো ক্ৰিকেটাৰে দুটা ভিন্ন দলক অধিনায়ক হিচাপে জয়ৰ সোৱাদ দিব পৰা নাই এতিয়ালৈকে ।