শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অনুৰাগীলৈ দুখবৰঃ নিলম্বনৰ শাস্তি! প্ৰথমখন মেচতে দেখা নাযাব পাণ্ডিয়াক

আই পি এল ২০২৫ৰ সূচী দেওবাৰে ঘোষণা কৰা হয়। ২২ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনাই, অৰ্থাৎ ২৩ মাৰ্চত পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হ’ব চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ। পিছে এই মেচখনতে দলত নাথাকিব মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়া।

অনুৰাগীলৈ দুখবৰঃ নিলম্বনৰ শাস্তি! প্ৰথমখন মেচতে দেখা নাযাব পাণ্ডিয়াক
হাৰ্দিক পাণ্ডিয়া
Monjit Dutta
Monjit Dutta | Published: 17 Feb 2025 11:26 AM

দেওবাৰে ঘোষণা কৰা হয় আই পি এল ২০২৫ৰ সূচী। এইবাৰ বিশ্বৰ আটাইতকৈ ধনাঢ্য এই ক্ৰিকেট লীগৰ ১৮ সংখ্যক সংস্কৰণ অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাৰ প্ৰথমখন মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু। ২২ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই উদ্বোধনী মেচখন। আনহাতে দ্বিতীয় দিনাই, অৰ্থাৎ ২৩ মাৰ্চত পৰস্পৰৰ বিপক্ষে অৱতীৰ্ণ হ’ব আই পি এল ইতিহাসৰ দুই সফলতম তথা প্ৰতিযোগিতাৰ আটাইতকৈ দুই প্ৰতিদ্বন্দী দল চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ।

পিছে এই মেচখনৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছ দলৰ অনুৰাগীৰ বাবে আাছে এক দুখবৰ। আগন্তুক ছিজনটোত মুম্বাইৰ এই প্ৰথম মেচখনতে দলত নাথাকিব অধিনায়ক হাৰ্দিক পাণ্ডিয়া। এখন মেচৰ বাবে নিলম্বনৰ শাস্তিৰ সন্মুখীন হৈ থকাৰ বাবে চেন্নাইৰ বিপক্ষে মেচখনত পাণ্ডিয়াই অংশ ল’ব নোৱাৰিব। উল্লেখ্য যে বিগত ছিজনত গুজৰাট ত্যাগ কৰি পুনৰ মুম্বাইলৈ উভতিছিল পাণ্ডিয়া। পিছে ছিজনটোত তেওঁৰ প্ৰদৰ্শন আছিল নিৰাশাজনক।

আই পি এল ২০২৪ত ব্যক্তিগতভাৱে উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হোৱা পাণ্ডিয়া অধিনায়ক হিচাপেও বিফল হৈছিল। গ্ৰুপ পৰ্যায়ত ১৪খন খেলৰ ভিতৰত ১০খন খেলত পৰাস্ত হৈ মুম্বাই ইণ্ডিয়ানছ পইণ্ট টেবুলৰ অন্তিম স্থানত আছিল। দলৰ অনুৰাগীৰ পৰাও বিৰোধ তথা ক্ষোভৰ সন্মুখীন হৈছিল তাৰকাগৰাকী। আনহাতে অন্তিমখন মেচত তেওঁ সন্মুখীন হৈছিল এখন মেচৰ বাবে নিলম্বনৰ শাস্তিৰ।

ইনিংছত অভাৰ ৰেটৰ বাবে এই শাস্তিৰ সন্মুখীন হৈছিল মুম্বাইৰ অধিনায়কগৰাকী। বিগত ছিজনটোত তিনিবাৰকৈ অভাৰ ৰেটৰ বাবে পাণ্ডিয়া দোষী সাব্যস্ত হৈছিল। এইদৰে তিনিবাৰকৈ একেটা ভুল কৰাৰ বাবে তেওঁ এখন মেচৰ নিলম্বনৰ শাস্তিৰ সন্মুখীন হয়। অৱশ্যে উক্ত মেচখন ছিজনটোত মুম্বাইৰ অন্তিমখন মেচ হোৱাৰ বাবে এতিয়া এইবাৰৰ প্ৰথমখন মেচত তেওঁ এই শাস্তি ভুগিব লাগিব।

অৱশ্যে ইয়াৰ পিছতে তেওঁ পুনৰ দললৈ ঘূৰিব আৰু নেতৃত্ব গ্ৰহণ কৰিব। পাণ্ডিয়াৰ অনুপস্থিতিত প্ৰথমখন মেচত মুম্বাইৰ অধিনায়ক হিচাপে কোনে দায়িত্ব পালন কৰিব, সেয়া লক্ষণীয় হ’ব। এইক্ষেত্ৰত সূৰ্যকুমাৰ যাদৱেই প্ৰথম পছন্দ হ’ব পাৰে। বৰ্তমান ভাৰতীয় দলৰ টি-২০ ফৰ্মেটৰ অধিনায়ক সূৰ্য আৰু এই ফৰ্মেটত তেওঁ সম্প্ৰতি বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰ। তদুপৰি তেওঁ দীৰ্ঘদিন ধৰি মুম্বাই দলটোৰ অংশ হৈ আহিছে।

আনহাতে ভাৰতীয় টেষ্ট দলৰ সহ-অধিনায়ক যশপ্ৰীত বুমৰাহৰ নামো এইক্ষেত্ৰত চৰ্চালৈ আহিব পাৰে। নিজ আই পি এল কেৰিয়াৰৰ প্ৰথমটো ছিজনৰ পৰাই বুমৰাহ মুম্বাইৰ সদস্য। অভিজ্ঞ তাৰকাগৰাকীয়েও সেয়ে পাণ্ডিয়াৰ অনুপস্থিতিত দলৰ নেতৃত্ব বহন কৰিব পাৰে। দলৰ আটাইতকৈ সফল অধিনায়ক হিচাপে বিবেচিত হোৱা প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাক পুনৰ এবাৰ এই দায়িত্বত দেখা নোপোৱাৰ সম্ভাৱনাই অধিক।