শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মই বেটিঙৰ ক্ষেত্ৰত পেছাদাৰী হোৱাৰ প্ৰয়োজন…: KKRৰ বিৰুদ্ধে পৰাজয়ৰ বাবে নিজকে দোষাৰোপ কৰিলে ৰিয়ান পৰাগে

কেকেআৰৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হোৱাৰ পিছত আইপিএল ২০২৫ত আৰ আৰৰ বেক টু বেক পৰাজয়ৰ বাবে নিজকে দোষাৰোপ কৰে ৰিয়ান পৰাগে। বেটিং সন্দৰ্ভত পেছাদাৰী হোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰে অধিনায়ক ৰিয়ানে।

মই বেটিঙৰ ক্ষেত্ৰত পেছাদাৰী হোৱাৰ প্ৰয়োজন…: KKRৰ বিৰুদ্ধে পৰাজয়ৰ বাবে নিজকে দোষাৰোপ কৰিলে ৰিয়ান পৰাগে
Riyan Parag Guwahati (1)
Trishna Kalita
Trishna Kalita | Updated On: 27 Mar 2025 09:49 AM

আইপিএল ২০২৫ৰ খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ ৮ উইকেটত পৰাজয়ৰ পিছত বেটিং সন্দৰ্ভত পেছাদাৰী হোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰে অধিনায়ক ৰিয়ান পৰাগে। ২৬ মাৰ্চত গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৮ উইকেটত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ। ইয়াৰ বাবে নিজকে দোষাৰোপ কৰে দলটোৰ অধিনায়ক ৰিয়ান পৰাগে।

কলকাতাৰ এই জয়ৰ নায়ক আছিল কলকাতাৰ হৈ প্ৰথমবাৰৰ বাবে অৰ্ধশতক অৰ্জন কৰা ডি ককে। ৬১ বলত ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলে ডি ককে। তেওঁ শতক মিছ কৰিছিল যদিও ডি ককৰ এই ইনিংছ আছিল অতি বিশেষ। কাৰণ গুৱাহাটীৰ পিটচ বেটিঙৰ বাবে সহজ নাছিল আৰু তেওঁ ক্ৰীজত থাকি বেটিং কৰি কেকেআৰক ছিজনৰ প্ৰথমটো জয় প্ৰদান কৰিছিল

ইয়াৰ পাছতে আইপিএল ২০২৫ৰ প্ৰথম দুখন মেচত একেৰাহে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছে আৰআৰ। যিয়ে দলটোক পইণ্ট টেবুলৰ তললৈ ঠেলি দিছে। ১৫২ ৰানৰ লক্ষ্য খেদি যোৱাৰ সময়ত কেকেআৰে ৪১ ৰানত স্ক’ৰ কৰি প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হয়। কিয়নো ম’ইন আলীয়ে ১২টা ডেলিভাৰীত ৫ ৰান সংগ্ৰহ কৰি ৰান আউট হয়। ইয়াৰ কিছু সময়ৰ পাছতে ৱানিন্দু হাছাৰাংগাই অধিনায়ক অজিংক্য ৰাহানে (১৮)ক আউট কৰে। যিয়ে ১৫টা বলত ১৮ ৰান সংগ্ৰহ কৰিছিল। অৱশ্যে কুইণ্টন ডি কক আৰু ১৭টা বলত দ্ৰুত ২২ ৰান সংগ্ৰহ কৰা আংকৃষ ৰঘুবংশীৰ মাজত হোৱা অবিৰত অংশীদাৰিত্বই ফলপ্ৰসূভাৱে কেকেআৰক আৰামদায়ক জয়ৰ দিশত আগুৱাই লৈ যায়।

ইফালে আৰ আৰৰ অধিনায়ক ৰিয়ান পৰাগে আইপি এল ২০২৫ত দলৰ বেক টু বেক পৰাজয়ৰ বাবে দুখ প্ৰকাশ কৰি কয় যে, তেওঁৰ বেটিঙৰ ক্ষেত্ৰত অলপ পেছাদাৰী হোৱাটো প্ৰয়োজন। শেষত তেওঁ কয় যে, আৰ আৰয়ে ইয়াৰ পৰা শিক্ষা লৈ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ চেষ্টা কৰিব আৰু সতেজ মানসিকতাৰে চিএছকেৰ বিৰুদ্ধে খেলপথাৰত নামিব।

আৰআৰৰ বেটিঙৰ কথা ক’বলৈ গ’লে তেওঁলোকে ৰানৰ গতি বৃদ্ধি কৰিবলৈ সংগ্ৰাম কৰিছিল যদিও শেষত নিৰ্দিষ্ট ২০ অভাৰত মুঠ ১৫১/৯ ৰানত সীমাবদ্ধ হৈ পৰিছিল। ৰাজস্থানৰ হৈ ধ্ৰুৱ জুৰেলে ৩৩ ৰান ন’ক কৰি শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে যশস্বী জয়ছৱালে ২৯ ৰান, আৰু ৰিয়ান পৰাগে মুঠ ২৫ ৰান সংগ্ৰহ কৰে। অৱশ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ তেওঁলোকৰ এই প্ৰচেষ্টা যথেষ্ট নহ’ল।

কেকেআৰৰ বলাৰ বৰুণ চক্ৰৱৰ্তীয়ে মাত্ৰ ১৪ ৰান দি চাৰি অভাৰত দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। সুনীল নাৰিনৰ ঠাইত খোজ দিয়া ম’ইন আলীয়েও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই চিপইন কৰি ৰাজস্থানৰ দুজন বেটছমেনক আউট কৰাৰ লগতে চাৰি অভাৰৰ স্পেলত ২৩ ৰান দিয়ে। কেকেআৰৰ পেচ বলাৰ দুগৰাকী হৰ্ষিত ৰানা আৰু বৈভৱ অৰোৰাই দুটাকৈ উইকেট দখল কৰি ৰয়েলছৰ বেটিং প্ৰচেষ্টা আৰু অধিক স্তব্ধ কৰি পেলায়।এতিয়া আৰআৰৰ অধিনায়ক হিচাপে ৰিয়ান পৰাগে ৩০ মাৰ্চত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ বিৰুদ্ধে আই পি এল ২০২৫ৰ পৰৱৰ্তী খেলত মুখামুখি হ’ব।