ক’ত হ’ব IPL ২০২৫ৰ ফাইনেল? বিচিচিআইয়ে কৰিলে ঘোষণাঃ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ল’লে এনে পদক্ষেপ…
আই পি এল ২০২৫ৰ প্লে’ অফ কেন্দ্ৰ কৰি ইতিমধ্যেই অনুৰাগীৰ মাজত দেখা গৈছে ব্যাপক উৎকণ্ঠা। তাৰ মাজতে বিচিচিআইয়ে ঘোষণা কৰিছে প্লে’ অফ পৰ্যায় আৰু ফাইনেল অনুষ্ঠিত হ’বলগীয়া স্থান। আই পি এলৰ অফিচিয়েল এক্স হেণ্ডলত এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ বিচিচিআইয়ে বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তও লৈছে।

প্ৰায় সামৰণিৰ দিশলৈ আগবাঢ়িছে আই পি এল ২০২৫। আজি অনুষ্ঠিত হৈছে প্ৰতিযোগিতাৰ ৬২ সংখ্যক মেচ। অৰ্থাৎ প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ আৰু মাত্ৰ ৮ খন মেচ বাকী আছে। লীগ পৰ্যায় সমাপ্ত হোৱাৰ পিছতে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ প্লে’ অফৰ মেচ। ইতিমধ্যে গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছে প্লে’ অফ পৰ্যায়ত প্ৰৱেশ কৰিছে। আনহাতে বাকী থকা এটা স্থানৰ বাবে প্ৰতিদ্বন্দিতা হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজত। প্লে’ অফ কেন্দ্ৰ কৰি ইতিমধ্যেই অনুৰাগীৰ মাজত দেখা গৈছে ব্যাপক উৎকণ্ঠা।
তাৰ মাজতে বিচিচিআইয়ে ঘোষণা কৰিছে আই পি এল ২০২৫ৰ প্লে’ অফ পৰ্যায় আৰু ফাইনেল অনুষ্ঠিত হ’বলগীয়া স্থান। আই পি এলৰ অফিচিয়েল এক্স হেণ্ডলত এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰা হৈছে। এই বিবৃতি অনুসৰি, প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰ মেচ আৰু এলিমিনেটৰ মেচখন পঞ্জাৱৰ মুলনপুৰৰ মহাৰাজা যাদবীন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
আনহাতে প্ৰতিযোগিতাৰ ফাইনেল মেচ আয়োজনৰ স্বত্ব লাভ কৰিছে আহমেদাবাদে। চহৰখনৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অহা ৩ জুনত ফাইনেল মেচ অনুষ্ঠিত হ’ব। এই ষ্টেডিয়ামখনতে দ্বিতীয়খন কোৱালিফায়াৰ মেচ আয়োজন কৰা হ’ব। ইফালে প্ৰতিযোগিতাৰ মেচসমূহত যাতে আৰু বৰষুণে কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
চলিত ছিজনত কেইবাখনো মেচৰ সময়ত দেখা গৈছিল বৰষুণৰ প্ৰভাৱ। বৰষুণৰ বাবে এইবাৰ ৩খন মেচ বাতিল কৰিবলগা হৈছিল। এনে পৰিস্থিতিত বিচিচিআইয়ে বাকী থকা মেচকেইখনৰ বাবে বিচিচিআইয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। মেচকেইখন যাতে সুকলমে সম্পন্ন কৰিব পৰা যায়, সেই উদ্দেশ্যে বতৰৰ অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে নতুন নিয়ম আৰু অতিৰিক্ত সময়ৰ ব্যৱস্থা ৰূপায়ণ কৰিছে।
বিচিচিআইয়ে এতিয়া বাকী থকা মেচকেইখনৰ বাবে নিৰ্ধাৰিত অতিৰিক্ত সময় এক ঘন্টা বৃদ্ধি কৰিছে। এই নিয়ম আজিৰ মেচখনৰ পৰাই প্ৰৱৰ্তন হ’ব। অৰ্থাৎ এতিয়াৰ পৰা আইপিএলৰ সকলো মেচতে ১২০ মিনিটৰ অতিৰিক্ত অপেক্ষাৰ সময় থাকিব। ইয়াৰ পূৰ্বে লীগ মেচৰ বাবে পলম হ’লে মেচ আৰম্ভ কৰিবলৈ ৬০ মিনিটৰ অতিৰিক্ত সময়ৰ ব্যৱস্থা কৰা হৈছিল। প্লে অফৰ মেচত এই সময় ১২০ মিনিটলৈ বৃদ্ধি পাইছিল।