শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শৰ্মা-গগৈৰ বাকযুদ্ধৰ পৰা শংকৰজ্যোতিৰ গ্ৰেপ্তাৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

শৰ্মা-গগৈৰ বাকযুদ্ধৰ পৰা শংকৰজ্যোতিৰ গ্ৰেপ্তাৰলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ

Monjit Dutta
Monjit Dutta | Published: 19 May 2025 23:49 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক সন্দৰ্ভত ধাৰাবাহিকভাৱে অভিযোগ কৰি আহিছে। এনে অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে আজি মুখ্যমন্ত্ৰীগৰাকী মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰশ্ন তোলা দেখিবলৈ পোৱা গ’ল।

ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধ। দুয়োৰে মাজত চলি থকা মৌখিক বাকযুদ্ধ এতিয়া তুংগত উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক সন্দৰ্ভত ধাৰাবাহিকভাৱে অভিযোগ কৰি আহিছে। এনে অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে আজি মুখ্যমন্ত্ৰীগৰাকী মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰশ্ন তোলা দেখিবলৈ পোৱা গ’ল।

গ্ৰেপ্তাৰ হৈছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। প্ৰাক্তন আছু নেতাগৰাকীৰ বিৰুদ্ধে এটা পেট্ৰ’ল পাম্প বলপূৰ্বকভাৱে দখল কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত সোধা-পোছাৰ বাবে দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক দুলীয়াজানৰ ঘৰৰ পৰা আটক কৰিছিল যদিও আজি তেওঁক গ্ৰেপ্তাৰ কৰে।

চাওঁ আহক দিনটোৰ চৰ্চিত আন কেতবোৰ খবৰ…..