শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে BCCIৰ ডাঙৰ সিদ্ধান্ত!

এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই। ইতিমধ্যে এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি)কো এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে BCCIয়ে।

এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে BCCIৰ ডাঙৰ সিদ্ধান্ত!
টীম ইণ্ডিয়াImage Credit source: PTI
trishna-kalita
Trishna Kalita | Published: 19 May 2025 11:02 AM

এছিয়া কাপত টীম ইণ্ডিয়াৰ অংশগ্ৰহণ সন্দৰ্ভত বিচিচিআইয়ে ডাঙৰ সিদ্ধান্ত লৈছে। ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্ধিত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এই বহুজাতিক প্ৰতিযোগিতাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে সংস্থাটোৱে। বিচিচিআইৰ সিদ্ধান্ত অনুসৰি অদূৰ ভৱিষ্যতে এছিয়া কাপত অংশগ্ৰহণ নকৰে টীম ইণ্ডিয়াই।  এই সিদ্ধান্তৰ বিষয়ে এছিয়ান ক্ৰিকেট কাউন্সিল (ACC)কো অৱগত কৰিছে BCCIয়ে।

এছিয়া কাপৰ পৰা আঁতৰি আহিল BCCI!

ইণ্ডিয়ান এক্সপ্ৰেছৰ মতে অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া মহিলা উদীয়মান এছিয়া কাপো বৰ্জন কৰিব BCCIয়ে। ইয়াৰ বাহিৰেও ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া পুৰুষ এছিয়া কাপৰ পৰা নিশ্চিতভাৱে আঁতৰি থাকিব টীম ইণ্ডিয়া। এছিয়ান ক্ৰিকেট কাউন্সিলৰ নেতৃত্বত আছে বৰ্তমান পাকিস্তানৰ মন্ত্ৰী তথা PCBৰ অধ্যক্ষ মহছিন নাকৱী।

কিয় এছিয়া কাপ বৰ্জন কৰিলে বিচিচিআইয়ে?

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বিচিচিআইয়ে পাকিস্তান ক্ৰিকেটক পৃথক কৰাৰ উদ্দেশ্যেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিচিচিআইৰ সৈতে জড়িত সূত্ৰই জনোৱা মতে, পাকিস্তানী মন্ত্ৰীৰ কমাণ্ডত চলি থকা এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে খেলিব নোৱাৰিব। ইয়াৰ সৈতে দেশৰ আৱেগ সম্পৰ্ক আছে। তেওঁলোকে কয়, “অহা মাহত অনুষ্ঠিত হ’বলগীয়া ইমাৰ্জিং টীম এছিয়া কাপৰ পৰা আমাৰ নাম প্ৰত্যাহাৰৰ বিষয়ে আমি ACCক মৌখিকভাৱে অৱগত কৰিছো।” লগতে কোৱা হৈছে যে ভৱিষ্যতেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ স্থগিত ৰখা হৈছে। সূত্ৰই জনোৱা মতে, ভাৰত চৰকাৰৰ সৈতে অহৰহ যোগাযোগত আছে BCCI ।

বিচিচিআইৰ এই সিদ্ধান্তৰ বাবেই ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া পুৰুষ এছিয়া কাপক লৈ আৰম্ভ হৈছে ছাচপেন্স। সূত্ৰৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে টীম ইণ্ডিয়া অবিহনে পুৰুষৰ এছিয়া কাপ অৰ্থহীন হৈ পৰিব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বহুতো পৃষ্ঠপোষকতা ভাৰতৰ লগত আছে। কেৱল এয়াই নহয়, ভাৰত নাথাকিলে এছিয়া কাপত ভাৰত-পাকিস্তানৰ মেচখনো দেখা নাযাব, যিটো কেৱল উপাৰ্জনৰ উৎসই নহয়, সম্প্ৰচাৰকসকলৰ বাবেও এক হাই ভল্টেজ ড্ৰামা। ভাৰতৰ বাহিৰেও পুৰুষ ক্ৰিকেট এছিয়া কাপত পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানৰ দলে খেলে।