মাজ আকাশতে ভেটা দিয়ে শত্ৰুক, যাৰ নাম আকাশ তীৰ
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত ডিআৰডিঅ’ৰ প্ৰাক্তন মুৰব্বী সতীশ ৰেড্ডীয়ে কয় যে অপাৰেশ্যন সেন্দূৰত বহু থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ব্ৰাহ্মছ মিছাইল, আকাশ মিছাইল, এণ্টি ড্ৰ’ন ব্যৱস্থা গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ল।
১৫ বছৰ ধৰি প্ৰায় হাজাৰ বিজ্ঞানীৰ যৌথ প্ৰচেষ্টাত ভাৰতৰ একাধিক প্ৰতিৰক্ষা পৰীক্ষাগাৰত নিৰ্মিত সম্পূৰ্ণ থলুৱা ক্ষেপণাস্ত্ৰ ‘আকাশ’ প্ৰতিৰক্ষা ব্যৱস্থাই প্ৰথম যুদ্ধক্ষেত্ৰ পৰীক্ষাত ‘লেটাৰ মাৰ্ক’ৰে উত্তীৰ্ণ হৈছে। ৮ আৰু ৯ মে’ৰ নিশাৰ আন্ধাৰত পাকিস্তানৰ অবিৰত মিছাইল আৰু ড্ৰ’ন আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছিল আকাশ মিছাইল ডিফেন্স চিষ্টেমে। আকাশক প্ৰশংসা কৰি পঞ্চমুখ বায়ুসেনাৰ ডিজিএমঅ’ এয়াৰ মাৰ্শ্বাল একে ভাৰতীয়ে কয় যে শত্ৰুৰ আক্ৰমণৰ সন্মুখত ‘আকাশ’ দেৱালৰ দৰে দৃঢ়তাৰে থিয় দিছিল। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতিৰক্ষা সঁজুলিৰ ই এক ডাঙৰ বিজ্ঞাপন।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা কথা-বতৰাত ডিআৰডিঅ’ৰ প্ৰাক্তন মুৰব্বী সতীশ ৰেড্ডীয়ে কয় যে অপাৰেশ্যন সেন্দূৰত বহু থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ব্ৰাহ্মছ মিছাইল, আকাশ মিছাইল, এণ্টি ড্ৰ’ন ব্যৱস্থা গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ল। যাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ কোনো উত্তৰ নাছিল পাকিস্তানৰ। ভাৰতে দেখুৱাইছিল নিজৰ কাৰিকৰী ক্ষমতা।