শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধৰ পৰা IPL ৰ খবৰলৈ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধৰ পৰা IPL ৰ খবৰলৈ, চাওক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ

barasha-misra
Barasha Misra | Published: 20 May 2025 22:37 PM

এক্সন ম'ডত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। মন্ত্ৰী বৰুৱাৰ মুখত আকৌ ফ্লাড জেহাদ প্ৰসংগ। মেঘালয়ৰ পানীয়ে গুৱাহাটীত কৰিছে বানপানী। গুৱাহাটীৰ অতিৰিক্ত পানী দীপৰ বিললৈ নিয়াৰ পৰিকল্পনা চৰকাৰৰ। ইয়াৰোপৰি নলা-নৰ্দমাসমূহ বহল কৰা হ'ব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ।

আজিৰ দিনটোত বহুকেইটা বাতৰিয়ে শীৰ্ষ স্থান দখল কৰিছে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ-

A) দুলীয়াজানত বীৰ লাচিত সেনাৰ প্ৰতিবাদ। বিতৰ্কৰ পিছতে বন্ধ হ’ল বি এন সিং পেট্ৰ’ল ডিপো। প্ৰশাসনে বন্ধ কৰি দিলে ডিপোটো। ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা। তদন্ত সম্পূৰ্ণ নোহোৱালৈ বন্ধ ৰাখিব লাগিব তেল ডিপোটো। এই ডিপোটোত হোৱা অপ্ৰিতীকৰ ঘটনাৰ ফলত অপৰাধীৰ দৰে হেণ্ডকাপ লগাইছিল আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাক।

B) এক্সন ম’ডত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। মন্ত্ৰী বৰুৱাৰ মুখত আকৌ ফ্লাড জেহাদ প্ৰসংগ। মেঘালয়ৰ পানীয়ে গুৱাহাটীত কৰিছে বানপানী। গুৱাহাটীৰ অতিৰিক্ত পানী দীপৰ বিললৈ নিয়াৰ পৰিকল্পনা চৰকাৰৰ। ইয়াৰোপৰি নলা-নৰ্দমাসমূহ বহল কৰা হ’ব বুলি ঘোষণা মন্ত্ৰীগৰাকীৰ।

C) ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ফাঁচী বজাৰৰ নহয় কোনো পৰিৱৰ্তন। গুৱাহাটীত হ’ব নতুন হোলচেল মাৰ্কেট আৰু লজিষ্টিক পাৰ্ক। ব্ৰহ্মপুত্ৰত সিটো পাৰত হ’ব এই বজাৰ। চিংগাপুৰৰ এটা কোম্পানীক দিয়া হৈছে এই দায়িত্ব। ফাঁচী বজাৰ স্থানান্তৰ সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য।

D) অন্ত পৰা নাই মুখ্যমন্ত্ৰী আৰু সাংসদ গৌৰৱ গগৈৰ বাকযুদ্ধ। মুখ্যমন্ত্ৰীয়ে কয় গৌৰৱ গগৈ ISI ৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল। ইফালে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী শৰ্মাক দুখনকৈ এছ আই টি গঠন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, এটা দলে মোৰ আৰু আনটোৱে শৰ্মাৰ তদন্ত কৰক।

E) ধন দাবী অভিযোগত কৃষক মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণক আটক। পেঙাৰী আৰক্ষীয়ে আটক কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকীক। অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হোৱা পাছতে মৰাণৰ বিৰুদ্ধে এগৰাকী চাহ ফেক্টৰী মালিকক ধন দাবী কৰাৰ অভিযোগ উত্থাপন হয়।

F) ৰাজ্যত বতৰে লৈছে কালৰূপ। মহানগৰীৰ কেইবাটাও স্থানত কৃত্ৰিম বান। অহা ২-৩ দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই তথ্য। মহানগৰবাসীক সতৰ্কতা অৱলম্বনৰ আহ্বান প্ৰশাসনৰ।

G) ড’নাল্ড ট্ৰাম্পৰ সকীয়নিৰ পাছতো এপলে কৰিছে ভাৰতত অহৰহ বিনিয়োগ। আইফোন নিৰ্মাতা কোম্পানী ফক্সকনে যোৱা পাঁচ দিনত ১.৪৮ বিলিয়ন ডলাৰ বিনিয়োগ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে টীম কুকক ভাৰতৰ পৰিৱৰ্তে আমেৰিকাত আইফোন উৎপাদন কৰিবলৈ কৈছিল। কিন্তু এপলে ভাৰতত অধিক উৎপাদন কৰিব বিচাৰে কাৰণ ইয়াত খৰচ আমেৰিকাতকৈ বহু কম।

H) প্ৰেমজনিত কাৰণত অকালতে প্ৰাণ হেৰুৱালে ৰঙিয়াৰ যুৱতীয়ে। প্ৰেমিকৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি নিজকে কৰিলে শেষ। দীৰ্ঘদিন ধৰি যুৱতীগৰাকীক বিভিন্ন ধৰণে ব্লেকমেইল কৰিছিল প্ৰেমিক জিতু আলীয়ে। প্ৰেমিকে দিছিল অশ্লীল ফটো, ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল।

I) আজি IPL ত চেন্নাই চুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ যুঁজ। সন্ধিয়া ৭.৩০ বজাত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত মেচ। এই হাইভল্টেজ মেচখনত কোন হব জয়ী তাকে লৈ উৎকণ্ঠা বাঢ়িছে ক্ৰিকেট অনুৰাগীৰ।