শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পৰাস্ত RCB, জয়ী পঞ্জাব…মেচৰ পূৰ্বে প্ৰকাশ পোৱা এই তথ্যই আচৰিত কৰিছে বিৰাটৰ অনুৰাগীক!

আই পি এল ২০২৫ৰ ফাইনেলৰ সময় ওচৰ চাপি অহাৰ লগে লগে দুয়োটা দলৰ অনুৰাগীৰ উৎসাহ তুংগত উঠিছে। ছ’চিয়েল মিডিয়াত নিজৰ দলক তীব্ৰ সমৰ্থন আগবঢ়াইছে অনুৰাগীয়ে । ইয়াৰ মাজতে বিশেষ যুদ্ধত পঞ্জাৱৰ হাতত পৰাস্ত হৈছে আৰচিবিৰ দল।

পৰাস্ত RCB, জয়ী পঞ্জাব…মেচৰ পূৰ্বে প্ৰকাশ পোৱা এই তথ্যই আচৰিত কৰিছে বিৰাটৰ অনুৰাগীক!
পঞ্জাৱৰ হাতত পৰাস্ত হৈছে আৰচিবিImage Credit source: PTI
trishna-kalita
Trishna Kalita | Updated On: 03 Jun 2025 14:53 PM

আৰম্ভ হৈছে আই পি এল ২০২৫ৰ চূড়ান্ত খেলৰ কাউণ্টডাউন। আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত হ’ব আই পি এল ২০২৫ৰ ফাইনেল মেচ । এই মেচখনক লৈ চচিয়েল মিডিয়াতো যথেষ্ট চৰ্চা হৈছে। ফাইনেলৰ সময় ওচৰ চাপি অহাৰ লগে লগে দুয়োটা দলৰ অনুৰাগীৰ উৎসাহ তুংগত উঠিছে। অনুৰাগীসকলে মিম, ভিডিঅ’, পোষ্টৰ জৰিয়তে নিজৰ প্ৰিয় দলসমূহৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ইফালে বিশেষ যুদ্ধত পঞ্জাৱৰ হাতত পৰাস্ত হৈছে আৰচিবিৰ দল।

প্ৰকৃত কথা এই যে আই পি এল ফাইনেল মেচৰ পূৰ্বে  নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা সমীক্ষা শ্বেয়াৰ কৰিছে ষ্টাৰ স্প’ৰ্টছে। য’ত কোৱা হৈছে যে ছ’চিয়েল মিডিয়াত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুৰাগীয়ে কোনটো দলক জয়লাভ কৰা দেখিছে। এই সমীক্ষাৰ মতে, পঞ্জাব কিংছে ছ’চিয়েল মিডিয়াত ৫১% সমৰ্থন লাভ কৰি অনুৰাগীৰ মাজত সামান্য অগ্ৰগতি লাভ কৰিছে। ইয়াৰ আঁৰৰ ডাঙৰ কাৰণটো হ’ল তেওঁলোকৰ শেহতীয়া মেচৰ প্ৰদৰ্শন।

উল্লেখ্য যে, শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত দলটোৱে লীগ পৰ্যায়ত শীৰ্ষ স্থান দখল কৰিছিল। তাৰ পিছত কোৱালিফায়াৰ ২ত মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল। এনে পৰিস্থিতিত পঞ্জাৱ কিংছৰ দলটো এইবাৰ জয়ৰ ডাঙৰ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হৈছে। যদি এনেকুৱা হয়, তেন্তে এইটোৱেই হ’ব আই পি এলৰ ইতিহাসত পঞ্জাৱৰ প্ৰথম খিতাপ। অৱশ্যে প্ৰথম খিতাপলৈ অপেক্ষা কৰি আছে আৰচিবিয়ে।

আনহাতে আৰচিবিৰ পক্ষত ৪৯% অনুৰাগীৰ সমৰ্থন আছে। যাৰ পৰা এই মেচখন কিমান ওচৰ চাপিছে সেয়া বুজা যায়। সন্তুলন আৰু ৰজত পাটিদাৰৰ অধিনায়কত্বৰ ভিত্তিত এই ছিজনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে আৰচিবিয়ে। লীগ পৰ্যায়ত দ্বিতীয় স্থান দখল কৰাৰ পাছত কোৱালিফায়াৰ ১ত পঞ্জাব কিংছক ১০ অভাৰত ৮ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল।একে সময়তে বিৰাট কোহলি ভাল ফৰ্মত থকাটো তেওঁলোকৰ বাবে এক ভাল লক্ষণ। এই ছিজনত এই পৰ্যন্ত ৬১৪ ৰান সংগ্ৰহ কৰিছে কোহলিয়ে।