শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰেণুকা-দীপ্তিৰ ধুমুহাত বিধ্বস্ত কেৰিবিয়ান বাহিনীঃ অপ্ৰতিৰোধ্য গতিৰে শৃংখলা জয় ভাৰতৰ

ৱেষ্ট ইণ্ডিজৰ বিপক্ষে দ্বিপাক্ষিক এদিনীয়া শৃংখলাত ভাৰতীয় মহিলা দলে অপ্ৰতিৰোধ্য গতিৰে আজি হোৱাইট ৱাছ কৰিছে। আজি বদোদৰাত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত ভাৰতীয় দলে ভ্ৰমণকাৰী ৱেষ্ট ইণ্ডিজক ৫ উইকেটত সহজে পৰাস্ত কৰি ৩-১ ব্যৱধানত শৃংখলা জয় কৰে।

ৰেণুকা-দীপ্তিৰ ধুমুহাত বিধ্বস্ত কেৰিবিয়ান বাহিনীঃ অপ্ৰতিৰোধ্য গতিৰে শৃংখলা জয় ভাৰতৰ
ৱেষ্ট ইণ্ডিজৰ বিপক্ষে শৃংখলা জয় ভাৰতৰImage Credit source: BCCI Women X handle
monjit-dutta
Monjit Dutta | Published: 27 Dec 2024 18:15 PM

অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতীয় পুৰুষ দলে টেষ্ট অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ ভাৰতৰ মহিলা ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে দ্বিপাক্ষিক শৃংখলাত অংশ লৈছিল। ইতিপূৰ্বে টি-২০ শৃংখলাত কেৰিবিয়ান বাহিনীক হোৱাইট ৱাছ কৰাৰ পিছত ভাৰতীয় দলটোৱে অপ্ৰতিৰোধ্য গতিৰে আজি এদিনীয়া শৃংখলাতো হোৱাইট ৱাছ কৰিছে। আজি বদোদৰাত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত ভাৰতীয় দলে ভ্ৰমণকাৰী ৱেষ্ট ইণ্ডিজক ৫ উইকেটত সহজে পৰাস্ত কৰি ৩-১ ব্যৱধানত শৃংখলা জয় কৰে।

ভাৰতৰ এই জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰে পেচাৰ ৰেণুকা সিং আৰু দীপ্তি শৰ্মাই। দুয়ো বিধ্বংসী বলিঙেৰে কেৰিবিয়ান বাহিনীৰ বেটিং লাইন আপত একপ্ৰকাৰে ত্ৰাসৰ সৃষ্টি কৰে। ৰেণুকাই ৯.৫ অভাৰত ২৯ ৰান খৰচ কৰি ৪ উইকেট দখল কৰাৰ বিপৰীতে দীপ্তিয়ে ১০ অভাৰত ৩১ ৰান খৰচ কৰি ৬ উইকেট দখল কৰে। দুয়োৰে এই বলিং ত্ৰাসত বিধ্বস্ত হৈ পৰা ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি মাত্ৰ ১৬২ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়।

দলটোৰ মাত্ৰ তিনিগৰাকী বেটাৰেহে ভাৰতীয় বলিং আক্ৰমণক প্ৰত্যাহ্বান জনাই দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। চিনেল হেনৰীয়ে সৰ্বাধিক ৬১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছেমেইন কেম্পবেলে ৪৬ ৰানৰ অৱদান আগবঢ়ায়। এই দুগৰাকীৰ বাদে দহকৰ ঘৰ স্পৰ্শ কৰা আনগৰাকী বেটাৰৰ ৰূপত আলায়াহ এলেইনে ২১ ৰান সংগ্ৰহ কৰে। তেওঁলোকৰ সমুখত দলটোৰ আন আটাইকেইগৰাকী বেটাৰ নিষ্প্ৰভ হৈ পৰে।

ৰেণুকা আৰু দীপ্তিৰ আক্ৰমণত দিশহাৰা হৈ ৱেষ্ট ইণ্ডিজে ৩৮.৫ অভাৰত ১৬২ ৰানত ইনিংছ সামৰাৰ পিছত ভাৰতীয় দলে জয়ৰ এই লক্ষ্য ২৮.২ অভাৰত ৫ উইকেট হেৰুৱাই সহজেই অতিক্ৰম কৰে। অৱশ্যে ভাৰতে ৫৫ ৰানতে ৩টা উইকেট হেৰুৱাই কিছু সমস্যাত পৰিছিল যদিও অধিনায়ক হৰমনপ্ৰীত কৌৰ (৩২) আৰু জেমিমা (২৯)ই এই সংকটৰ পৰা দলক উদ্ধাৰ কৰে। ইয়াৰ পিছত দীপ্তি আৰু ৰিছা ঘোষে আৰু দলৰ কোনো হানি ঘটিবলৈ নিদিলে।

চমকপ্ৰদ অলৰাউণ্ড প্ৰদৰ্শনেৰে দীপ্তিয়ে সৰ্বাধিক ৩৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়। তেওঁৰ লগত ২৩ ৰান কৰি অপৰাজিত হৈ ৰয় ৰিছা। বলিঙত ৬টা উইকেট আৰু বেটিঙত ৩৯ ৰান সংগ্ৰহেৰে দলৰ বিজয়ৰ ভেটি গঢ়া দীপ্তি মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। আনহাতে শৃংখলাত সৰ্বাধিক ১০ টা উইকেট দখল কৰা ৰেণুকা সিঙক শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হয়।