জয়ী হৈও হতাশাজনক অভিলেখ গঢ়িলে ভাৰতে, প্ৰথমবাৰৰ বাবে দেখা গ’ল এনে দৃশ্য
প্ৰথমখন এদিনীয়াত ভাৰতে দক্ষিণ আফ্রিকাক ১৭ ৰানত পৰাস্ত কৰিছিল যদিও জয়ৰ উদযাপনৰ মাজতে বলিং বিভাগে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত শুনা নোপোৱা এক হতাশাজনক অভিলেখ গঢ়িবলৈ সক্ষম হয়৷
তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্রথমখন মেচত ভাৰতে দক্ষিণ আফ্রিকাক ১৭ ৰানত পৰাস্ত কৰিছিল যদিও জয়ৰ উদযাপনৰ মাজতে বলিং বিভাগে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত শুনা নোপোৱা এক হতাশাজনক অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ টিম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে ৩৫০ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও ইয়াৰ পিছতো ভাৰতীয় দলটোৱে মেচখন কম ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয়।
লক্ষ্য আছিল ৩৫০ ৰানৰ। আৰম্ভণিতে দক্ষিণ আফ্ৰিকাৰ অৱস্থা অতি শোচনীয় আছিল। মাত্ৰ ১১ ৰানত প্ৰথম তিনিটা উইকেট হেৰুৱাইছিল দক্ষিণ আফ্ৰিকাই। আর্শদীপ সিং আৰু হৰ্ষিত ৰাণাই শক্তিশালি আৰম্ভণি কৰে। পাৱাৰপ্লে’ত হৰ্ষিত ৰাণাই দুটা আৰু আর্শদীপ সিঙে এটা উইকেট দখল কৰে। অৱশ্যে ইয়াৰ পিছতে আফ্ৰিকান দলটোৱে শক্তিশালী যুঁজ দি ৪৯.২ অভাৰত ৩৩২ ৰান সংগ্ৰহ কৰি জয়ৰ অতি ওচৰ চাপিছিল।
ইয়াৰ লগে লগে ভাৰতে ৩০০ ৰো অধিক ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি ১৫ ৰানৰ ভিতৰত তিনিটা উইকেট দখল কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়। কিন্তু ইয়াৰ পাছতো বিপক্ষ দলে ৩০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয়। এদিনীয়া ক্ৰিকেটৰ ইতিহাসত এই পৰিস্থিতি কেতিয়াও হোৱা নাছিল। এটা সময়ত এনে লাগিছিল যে, দক্ষিণ আফ্ৰিকাই ২০০ ৰানো কৰিব নোৱাৰিব। কিন্তু ভাৰতীয় বলাৰসকলে ভাল আৰম্ভণিৰ কৰিছিল যদিও সেই পাছলৈ স্থিতি ধৰি ৰাখিব নোৱাৰিলে।
এই মেচখনত প্ৰতিজন ভাৰতীয় বলাৰৰ ইকনমি ৰেট ৬তকৈ অধিক আছিল। আৰ্শদীপ সিঙে ১০ অভাৰত ৬৪ ৰান দি দুটা উইকেট দখল কৰে। হৰ্ষিত ৰাণেও ৩ উইকেট দখল কৰি ৬৫ ৰান দিয়ে । প্ৰসিদ্ধ কৃষ্ণইও ৭.২ অভাৰত ৪৮ ৰান দি এটা উইকেট দখল কৰে। আনহাতে কুলদীপ যাদৱে ১০ অভাৰত ৬৮ ৰান দি ৪ টা উইকেট দখল কৰিবলৈ সক্ষম হয়। আনহাতে, ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰেও কোনো সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল।
এই মেচখনত টাৰ্গেট বেছি আছিল যদিও বিপক্ষ দলটোৱে ৩০০ ৰো অধিক ৰান সংগ্ৰহ কৰে। এই ক্ষেত্ৰত ভাৰতীয় বলাৰৰ প্ৰদৰ্শন ইমান ভাল আছিল বুলি ক’ব নোৱাৰি। ইফালে, এই পৰিস্থিতিয়ে এটা কথা স্পষ্ট কৰিছে যে,ভাৰতীয় প্ৰেচ বলিং ইউনিটত অভিজ্ঞতাৰ অভাৱ। আৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণাই বহু এদিনীয়া খেলা নাই, প্ৰসিদ্ধ কৃষ্ণো দলৰ নিয়মীয়া অংশ নহয়। ইফালে, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ দৰে ছিনিয়ৰ বলাৰ দলৰ অংশ নহয়। দলটোৱে নিশ্চিতভাৱে এই বলাৰসকলৰ অভাৱ অনুভৱ কৰিছে।