এছিয়া কাপত নহয় ভাৰত-পাকিস্তানৰ মেচ! ইউ এ ইৰ পৰা আহিল এই খবৰ…
এছিয়া কাপত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে মেচ খেলিব নে নেখেলে? এয়া এতিয়া অত্যন্ত এক চৰ্চিত প্ৰশ্ন। তাৰ মাজতে এতিয়া পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ আপডেট।

ভাৰত আৰু পাকিস্তানৰ মেচ বুলিলেই ক্ৰিকেট বিশ্বত এক অনন্য উৎকণ্ঠা। সেয়ে এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া মেচৰ বাবে ক্ৰিকেট বিশ্বই যথেষ্ট আশাৰে বাট চাইছে। কিন্তু ভাৰতৰ অধিকাংশ লোকেই বিচৰা নাই এই মেচখন। শেহতীয়া সময়ছোৱাত পহলগাম আক্ৰমণ আৰু তাৰ পিছত অপাৰেচন সেন্দূৰৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ বিপক্ষে ভাৰতৰ ক্ৰিকেট মেচ অনুষ্ঠিত নোহোৱাটোৱেই বিচাৰিছে সকলোৱে। তাৰ মাজতে এতিয়া পোহৰলৈ আহিছে এক গুৰুত্বপূৰ্ণ আপডেট।
এছিয়া কাপৰ সূচী অনুসৰি ভাৰত আৰু পাকিস্তানৰ গ্ৰুপ মেচখন অহা ১৪ ছেপ্টেম্বৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। কিন্তু ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এতিয়া আটাইতকৈ প্ৰধান প্ৰশ্ন হৈছে, এই প্ৰতিযোগিতাত ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে মেচ খেলিব নে নেখেলে?
দুয়োখন দেশৰ মাজত ৰাজনৈতিক উত্তেজনাৰ পিছত বহু ভাৰতীয় অনুৰাগীৰ মতে ভাৰতীয় দলে পাকিস্তানৰ বিৰুদ্ধে মেচ খেলিব নালাগে। ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছতো একেধৰণৰ পৰিৱেশেই দেখা গৈছিল। কিন্তু এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ মুখ্য পৰিচালন বিষয়া শুভান আহমেদৰ মতে এছিয়া কাপত দুয়োটা দলৰ মাজত মেচ অনুষ্ঠিত হ’ব।
সংবাদ মাধ্যমত তেওঁৰ উদ্ধৃতিৰে প্ৰকাশ কৰা মতে, “আমি কোনো নিশ্চয়তা দিব নোৱাৰো, কিন্তু এছিয়া কাপক ৱৰ্ল্ড চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছৰ দৰে ব্যক্তিগত ইভেণ্টৰ সৈতে তুলনা কৰাটো সঠিক নহয়।” তেওঁ লগতে কয়, “যেতিয়া এছিয়া কাপ খেলাৰ সিদ্ধান্ত লোৱা হয়, তেতিয়া চৰকাৰী অনুমতি আগতীয়াকৈ লোৱা হয়। গতিকে আশাকৰোঁ আমি WCLৰ দৰে পৰিস্থিতিত নপৰো।”
তেওঁৰ এই মন্তব্যৰ পিছত এতিয়া এছিয়া কাপ ২০২৫ত ভাৰত আৰু পাকিস্তানৰ মাজত মেচক লৈ চলি থকা চৰ্চা অধিক বৃদ্ধি পাইছে। উল্লেখ্য যে এইবাৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব, এইবাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আঠটা দলে।
ভাৰত আৰু পাকিস্তানে ইউ এ ই আৰু ওমানৰ সৈতে গ্ৰুপ এত থকাৰ বিপৰীতে গ্ৰুপ বিত আছে শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু হংকং। ইফালে গ্ৰুপ পৰ্যায়ৰ লগতে ভাৰত আৰু পাকিস্তান ছুপাৰ ফ’ৰ আৰু ফাইনেলতো সন্মুখীন হোৱাৰ সম্ভাৱনা আছে।