শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এডজবাষ্টন টেষ্টত ছিৰাজ-আকাশৰ চমকঃ ৪২ বছৰৰ পিছত দেখা গ’ল এনে অভিনৱ কৃতিত্ব

এডজবাষ্টন টেষ্টত মহম্মদ চিৰাজ আৰু আকাশ দীপে সৃষ্টি কৰিছে ইতিহাস। ইংলেণ্ডৰ ইনিংছৰ আটাইকেইটা উইকেট দখল কৰি এই দুগৰাকী পেচাৰে চমক সৃষ্টি কৰিছে। এনে প্ৰদৰ্শনেৰে দুয়ো ৪২ বছৰ পুৰণি এক ইতিহাসৰ পুনৰাবৃত্তি কৰিলে।

এডজবাষ্টন টেষ্টত ছিৰাজ-আকাশৰ চমকঃ ৪২ বছৰৰ পিছত দেখা গ’ল এনে অভিনৱ কৃতিত্ব
এডজবাষ্টনত চিৰাজ-আকাশৰ চমকImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 05 Jul 2025 10:41 AM

লীডছ টেষ্টত পৰাজয়ৰ পিছত এডজবাষ্টনত অনুষ্ঠিত দ্বিতীয় টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে জয়ৰ সম্ভাৱনা দেখিছে ভাৰতীয় দলে মেচৰ তৃতীয় দিনাৰ অন্তলৈ ভাৰত এক শক্তিশালী স্থিতিত উপনীত হৈছে শৃংখলাৰ এই দ্বিতীয়খন মেচত ভাৰতীয় দলে প্ৰথমে বেটিং কৰি ৫৮৭ ৰানৰ বৃহৎ স্ক থিয় কৰাৰ পিছত ইংলেণ্ডক ৪০৭ ৰানৰ স্কৰত বান্ধি ৰাখে এইদৰে ভাৰতীয় দলে প্ৰথম ইনিংছত ১৮৭ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে ভাৰতীয় দলৰ এই স্থিতিৰ মূলতে আছিল দুই পেচাৰ মহম্মদ ছিৰাজ আৰু আকাশ দীপ

এই ইংলেণ্ড ভ্ৰমণত শুভমন গিল নেতৃত্বাধীন তুলনামূলকভাৱে অনভিজ্ঞ তথা যুৱ ভাৰতীয় দলটোৱে এইপৰ্যন্ত শৃংখলাত কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। লীডছ টেষ্টত দলৰ ৫গৰাকী বেটাৰে শতক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰিছিল। মেচখনত তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহে প্ৰথম ইনিংছত ৫টা উইকেট দখলেৰে ৰচিছিল অভিলেখ

ইফালে চলিত এডজবাষ্টন টেষ্টৰ প্ৰথম ইনিংছত অধিনায়ক শুভমন গিলে দ্বিশতক আৰু জাদেজাই অৰ্ধশতকীয় ইনিংছ খেলি বহুকেইটা কৃতিত্ব অৰ্জন কৰে এইবাৰ বল হাতত লৈ মহম্মদ চিৰাজ আৰু আকাশ দীপে সৃষ্টি কৰিছে ইতিহাস ইংলেণ্ডৰ ইনিংছৰ আটাইকেইটা উইকেট দখল কৰি এই দুগৰাকী পেচাৰে চমক সৃষ্টি কৰিছেকালি মেচৰ তৃতীয় দিনা এই দুই পেচাৰে ইংলেণ্ডক ৪০৭ ৰানত ইনিংছ সামৰিবলৈ বাধ্য কৰে

জেমী স্মিথ আৰু হেৰী ব্ৰুকৰ বাদে এই ইনিংছত ইংলেণ্ডৰ আটাইকেইগৰাকী বেটাৰ ব্যৰ্থ হয় দুয়ো ষষ্ঠ উইকেটত ৩০০ৰো অধিক ৰানৰ বিস্ফোৰক যুটি বান্ধিছিল যদিও ব্ৰুকৰ উইকেট পতনৰ পিছত পুনৰ দলটোৰ ইনিংছত খহনীয়াৰ সৃষ্টি হয় তাৰ মাজতে স্মিথে ১৮৪ ৰানৰ এক মাৰমুখী ইনিংছ খেলি অপৰাজিত হৈ ৰয় বুমৰাহৰ অনুপস্থিতিত এই মেচখনত ভাৰতীয় দলৰ বলিং আক্ৰমণৰ নেতৃত্ব কান্ধত লয় চিৰাজে

এই দায়িত্ব পালনত চিৰাজে নিৰাশ নকৰিলে আৰু ৭০ ৰানৰ বিনিময়ত ৬টা উইকেট দখল কৰেমেচৰ দ্বিতীয় দিনা জেক ক্ৰলীৰ উইকেট দখল কৰা চিৰাজে কালি তৃতীয় দিনাৰ খেলৰ আৰম্ভণিতেই ৰুট আৰু বেন ষ্ট’কছক বিদায় দি ইংলেণ্ডক চিন্তাত পেলায় ইয়াৰ পিছত দলটোৰ ইনিংছৰ অন্তিম তিনিটা উইকেটো তেওঁৰ চিকাৰ হয়

ইফালে বুমৰাহৰ স্থানত এই মেচত সুযোগ পোৱা আকাশদ্বীপেও সুযোগৰ সদ্ব্যৱহাৰ কৰি চিৰাজক যোগ্য সহযোগিতা প্ৰদান কৰে আৰু চাৰিটা উইকেট দখল কৰে ইংলেণ্ডৰ ইনিংছৰ প্ৰথম দুটা উইকেট দখল কৰা আকাশদ্বীপেই ব্ৰুকক বিদায় দি ভাৰতীয় দলৰ চিন্তা দূৰ কৰিছিল ইয়াৰ পিছত ক্ৰীছ ৱ’কছৰ উইকেটো দখল কৰে আকাশদ্বীপে। এইদৰে চিৰাজ আৰু আকাশে ইংলেণ্ডৰ ইনিংছত আটাইকেইটা উইকেটৰ পতন ঘটায়

এনে প্ৰদৰ্শনেৰে দুয়ো ৪২ বছৰ পুৰণি এক ইতিহাসৰ পুনৰাবৃত্তি কৰিলে। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত মাত্ৰ চতুৰ্থবাৰৰ বাবে দলৰ প্ৰথম দুগৰাকী বলাৰে এইদৰে এটা ইনিংছত সম্পূৰ্ণ ১০টা উইকেট দখল কৰিছে। চিৰাজ আৰু আকাশৰ পূৰ্বে এই কৃতিত্ব ৪২ বছৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল ১৯৮৩ চনত আহমেদাবাদত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কপিল দেৱ আৰু বলৱিন্দৰ সান্ধুৱে এইদৰে ১০টা উইকেট দখল কৰিছিল মেচখনত কপিল দেৱে ৯টা আৰু সান্ধুৱে ১টা উইকেট দখল কৰিছিল।