প্ৰজন্মৰ পিছত প্ৰজন্মলৈ যুগমীয়া হ’ব শচীন-এণ্ডাৰছনঃ ইংলেণ্ড ব’ৰ্ডে ল’লে বিশেষ পদক্ষেপ…
অহা ২০ জুনৰ পৰা ভাৰত আৰু ইংলেণ্ড ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হ’ব ৫খনীয়া মেচৰ টেষ্ট শৃংখলা। ভাৰতীয় দলে ইতিমধ্যে এই শৃংখলাৰ বাবে ইংলেণ্ডলৈ উৰা মাৰিছে। শৃংখলাটোৰ বাবে অনুৰাগীৰ অপেক্ষাৰ মাজতে এতিয়া ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি শৃংখলাটোক অধিক আকৰ্ষণীয় কৰি তুলিছে।

ক্ৰিকেট বিশ্বত দ্বিপাক্ষিক শৃংখলাৰ কথা আহিলেই প্ৰথমে উচ্চাৰিত হয় এছেজৰ নাম। অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এই টেষ্ট শৃংখলাই এক বিশেষ ঐতিহ্য বহন কৰি আহিছে। ইফালে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীয়েও ক্ৰমাৎ তেনে এক খ্যাতি অৰ্জনৰ দিশে ধাৱমান হৈছে। কিংবদন্তি ক্ৰিকেটাৰদ্বয় এলেন ব’ৰ্ডাৰ আৰু সুনীল ব’ৰ্ডাৰৰ সন্মানাৰ্থে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ ক্ৰিকেট ব’ৰ্ডে দুয়ো দেশৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হোৱা টেষ্ট শৃংখলাক তেওঁলোকৰ নামেৰে নামকৰণ কৰিছে।
ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দৰেই এতিয়া ক্ৰিকেট জগতত আন এক দ্বিপাক্ষিক টেষ্ট শৃংখলা দুগৰাকী মহান তাৰকাৰ নামত প্ৰচলন হোৱাৰ দিশে আগবাঢ়িছে। স্বাভাৱিকতেই এই পদক্ষেপ ক্ৰিকেটপ্ৰেমীৰ বাবে এক অনন্য আৱেগিক খবৰ হৈ পৰিছে। এফালে এই পদক্ষেপ ক্ৰিকেটাৰ দুগৰাকীৰ স্বৰ্ণিল কেৰিয়াৰৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ সমান্তৰালকৈ তেওঁলোকৰ অনন্য খ্যাতি প্ৰজন্মৰ পিছত প্ৰজন্মলৈ যুগমীয়া কৰি ৰখাৰ প্ৰয়াস হিচাপে বিবেচিত হৈছে।
আই পি এল ২০২৫ৰ সমাপ্তিৰ পিছত ভাৰতীয় দলে ইতিমধ্যে উৰা মাৰিছে ইংলেণ্ডলৈ। অহা ২০ জুনৰ পৰা দুয়ো দলৰ মাজত অনুষ্ঠিত হ’ব ৫খনীয়া মেচৰ টেষ্ট শৃংখলা। আগন্তুক এই টেষ্ট শৃংখলাটোৰ বাবে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। যোৱা প্ৰায় এটা দশক ধৰি ভাৰতীয় দলৰ মেৰুদণ্ড স্বৰূপ বিৰাট কোহলী, ৰবিচন্দ্ৰন অশ্বিন আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ পিছত এয়া হ’ব ভাৰতীয় দলৰ প্ৰথমটো টেষ্ট শৃংখলা।
এনে পৰিস্থিতিত এই টেষ্ট শৃংখলা ভাৰতীয় ক্ৰিকেটৰ নতুন যুগৰ আৰম্ভণিৰ দৰে বিবেচিত হৈছে। অনুৰাগীৰ অপেক্ষাৰ মাজতে এতিয়া ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰি শৃংখলাটোক অধিক আকৰ্ষণীয় কৰি তুলিছে। বিবিচি স্প’ৰ্টৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ নাম এতিয়া দুয়োখন দেশৰ দুগৰাকী মহান খেলুৱৈৰ নামেৰে নামাকৰণ কৰা হ’ব।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে এই টেষ্ট শৃংখলাৰ ট্ৰফীৰ নাম ক্ৰিকেটৰ ভগৱান খ্যাত ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা শচীন তেণ্ডুলকাৰ আৰু ইংলেণ্ডৰ কিংবদন্তি পেচাৰ জেমছ এণ্ডাৰছনৰ নামেৰে নামকৰণৰ সিদ্ধান্ত লৈছে। তথ্য অনুসৰি আগন্তুক কেইদিনমানৰ ভিতৰত এই ট্ৰফী উন্মোচন কৰা হ’ব। এই ট্ৰফীৰ নাম হ’ব তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফী।
আগন্তুক এই টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ ২০ জুনৰ পৰা লিডছৰ হেডিংলি খেলপথাৰত অনুষ্ঠিত হ’ব। মেচৰ পূৰ্বে দুয়ো দলৰ অধিনায়কদ্বয়ৰ মাজত ট্ৰফীসহ ফটো শ্বুট কৰা হ’ব। ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে এতিয়াও এই ট্ৰফীৰ নামকৰণ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও আগন্তুক কেইদিনমানৰ ভিতৰতে এই বিষয়ে ৰাজহুৱা ঘোষণা কৰাৰ সম্ভাৱনা আছে। ট্ৰফী উন্মোচনৰ সময়ত তেণ্ডুলকাৰ আৰু এণ্ডাৰছন উপস্থিত থকাৰ সম্ভাৱনা আছে।
অৱশ্যে দুয়োটা দলৰ মাজত খেলা টেষ্ট শৃংখলাত এই উমৈহতীয়া নাম ব্যৱহাৰ কৰা হ’ব নে নহয় সেয়া এই মুহূৰ্তত স্পষ্ট হোৱা নাই। এই ভ্ৰমণৰ পূৰ্বে ইংলেণ্ডত দুয়োটা দলৰ মাজত খেলা টেষ্ট শৃংখলাটো পাটাউডি ট্ৰফী নামেৰে পৰিচিত আছিল। এই ট্ৰফী আৰম্ভ কৰিছিল ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডে। অৱশ্যে ইচিবিয়ে কেইমাহমান পূৰ্বে তেওঁলোকে এই ট্ৰফী আৰু আগুৱাই নিব বিচৰা নাই পাটাউডি পৰিয়ালক জানিবলৈ দিছিল।
ইয়াৰ পিছতহে এতিয়া শৃংখলাটো দুগৰাকী কিংবদন্তি তাৰকাৰ নামেৰে নামকৰণ কৰা হ’ব। লক্ষণীয়ভাৱে ইংলেণ্ডত দুয়ো দলৰ মাজত পাটাউডি ট্ৰফী নামেৰে শৃংখলা খেলা হৈছিল যদিও ভাৰতত দুয়ো দলৰ মাজত হোৱা টেষ্ট শৃংখলা এন্থনী ডি মেলো ট্ৰফী নামেৰে অনুষ্ঠিত হৈ আহিছে। এতিয়া ইচিবি আৰু বিচিচিআইয়ে টেষ্ট শৃংখলাটোৰ বাবে উমৈহতীয়া নাম ব্যৱহাৰ কৰিব নে নকৰে, সেয়া লক্ষণীয় হ’ব।