শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আনন্দৰ বন্যাত শোকৰ ঢৌঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে FIR ৰুজু

আৰচিবিৰ প্ৰথমটো আই পি এল খিতাপ জয়ৰ সাফল্য উদযাপনৰ লগতে খেলুৱৈসকলৰ সম্বৰ্ধনাৰ বাবে ৪ জুনত চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈ অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ব্যাপক সমাগমৰ ফলত পদপিষ্ট হৈ ১১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক আহত হয়। এই সন্দৰ্ভত এতিয়া আৰচিবিৰ বিপক্ষে এজাহাৰ ৰুজু কৰা হৈছে।

আনন্দৰ বন্যাত শোকৰ ঢৌঃ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে FIR ৰুজু
আৰচিবিৰ বিপক্ষে এজাহাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 05 Jun 2025 20:41 PM

বিগত ১৭টা ছিজনৰ ব্যৰ্থতা দূৰ কৰি এইবাৰ আই পি এল ২০২৫ৰ খিতাপ জয় কৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। দলটোৰ এই প্ৰথমটো খিতাপ জয়ৰ সাফল্য উদযাপনৰ লগতে খেলুৱৈসকলৰ সম্বৰ্ধনাৰ বাবে ৪ জুনত বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল এক বিশেষ অনুষ্ঠানৰ। পিছে এই আনন্দৰ অনুষ্ঠান ৰূপান্তৰিত হৈছিল এক শোকাৱহ ক্ষণলৈ। ষ্টেডিয়ামৰ বাহিৰত অনুৰাগীৰ ব্যাপক সমাগমৰ ফলত সৃষ্টি হোৱা নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ ফলত পদপিষ্ট হৈ ১১ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক আহত হয়।

এই ঘটনা সন্দৰ্ভত আৰচিবি, ডি এন এ (ইভেণ্ট মেনেজাৰ), কৰ্ণাটক ষ্টেট ক্ৰিকেট এচ’চিয়েশ্যনৰ প্ৰশাসনিক সমিতিৰ বিৰুদ্ধে কাবন পাৰ্ক থানাত FIR ৰুজু কৰা হৈছে। এই এজাহাৰত পদপিষ্ট ঘটনাৰ অপৰাধমূলক গাফিলতিৰ কথা উল্লেখ কৰা হৈছে। ইফালে আজি কৰ্ণাটক উচ্চ ন্যায়ালয়তো এই পদপিষ্ট গোচৰৰ শুনানি অনুষ্ঠিত হয়। এই ঘটনা সন্দৰ্ভত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিয়ে।

আদালতে বিষয়টোৰ সন্দৰ্ভত নিজাকৈ গোচৰ লোৱাৰ পিছতে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে। ১০ জুনৰ ভিতৰত বিশদ স্থিতি প্ৰতিবেদন দাখিল কৰিবলৈ আদালতে লগতে নিৰ্দেশনা প্ৰদান কৰিছে। ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ভি কামেশ্বৰ ৰাও আৰু ন্যায়াধীশ চি এম যোশীৰ বিচাৰপীঠে আদালতৰ পঞ্জীয়কক বিষয়টোক ছুঅ’ মট’ পিআইএল হিচাপে গণ্য কৰিবলৈ নিৰ্দেশনা দিয়ে।

আদালতত এডভোকেট জেনেৰেল শশী কিৰণ শ্বেট্টীয়ে ষ্টেডিয়ামত বিনামূলীয়াকৈ প্ৰৱেশৰ ঘোষণাৰ বাবে গেটত বিপুল জনসমাগম হয় আৰু ইয়াৰ ফলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰে এই বিষয়টো নেতিবাচক দৃষ্টিভংগীৰে চাব নিবিচাৰে বুলি উল্লেখ কৰি তেওঁ লগতে ঘটনাৰ বাবে দোষাৰোপ কৰাটো সঠিক নহ’ব বুলি যুক্তি দৰ্শায়।

‘কি ভুল হ’ল সেই বিষয়ে জানিব পৰা আৰু এনে শোকাৱহ ঘটনা যাতে পুনৰ নহয় তাৰ সিদ্ধান্ত লোৱাটোৱেই আমাৰ উদ্দেশ্য’ বুলি তেওঁ লগতে কয়। এই অনুষ্ঠানৰ নিৰাপত্তাৰক্ষী নিয়োগ সন্দৰ্ভত তেওঁ কয় যে ষ্টেডিয়ামৰ বাহিৰৰ পৰিস্থিতি নিয়ন্ত্ৰণহীন হৈ পৰিছিল। ষ্টেডিয়ামৰ ভিতৰত আৰু আশে-পাশে ২.৫ লাখৰো অধিক লোক সমবেত হৈছিল যদিও ষ্টেডিয়ামৰ ক্ষমতা প্ৰায় ৩০ হাজাৰহে আছিল বুলি তেওঁ কয়।

ষ্টেডিয়ামৰ ভিতৰত থকা বিশাল জনসমাগমৰ কথা বাহিৰৰ লোকসকলে অনুমান কৰা নাছিল বুলিও তেওঁ দোহাৰে। এই সন্দৰ্ভত বিচাৰপীঠে বৃহৎ ৰাজহুৱা অনুষ্ঠানৰ বাবে এছ অ’ পি মানি চলিব লাগিছিল বুলি স্পষ্ট কৰি দিয়ে। শুনানি গ্ৰহণ কৰি ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশে কয়, “সেই স্থানত এম্বুলেন্স থাকিব লাগিছিল। ইয়াৰ লগতে ওচৰৰ চিকিৎসালয়সমূহৰ বিষয়ে সম্পূৰ্ণ বিৱৰণো থাকিব লাগিছিল।”

মুখ্য ন্যায়াধীশৰ এই মন্তব্য সন্দৰ্ভত এডভোকেট জেনেৰেল শশী কিৰণ শ্বেট্টীয়ে কয় যে সেই স্থানত এম্বুলেন্স উপস্থিত আছিল যদিও ইমান ডাঙৰ ঘটনাৰ বাবে পৰ্যাপ্ত নাছিল। ইতিমধ্যে দণ্ডাধীশৰ তদন্ত আৰম্ভ হৈছে আৰু ১৫ দিনত তদন্ত সম্পূৰ্ণ হ’ব বুলিও এডভোকেট জেনেৰেলগৰাকীয়েও লগতে কয়। কোনটো দিশত এনে গাফিলতি হ’ল, সেয়া তদন্ত কৰি থকা হৈছে আৰু কোনো লোককে ৰেহাই দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।