শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এফালে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, আনফালে ফুটবলৰ উন্মাদনাঃ পলকতে চকু ফুৰাওক কেইটামান চৰ্চিত খবৰৰ ওপৰত…

আজি ৫ জুন। সমগ্ৰ বিশ্বত আজি উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। অসমৰো সৰ্বপ্ৰান্তত আজি ভিন্ন কাৰ্যসূচীৰে এই দিৱসটি উদযাপন কৰা হৈছে। এই বিশেষ দিনটোৰ উদযাপনৰ সমান্তৰালকৈ আজি আন কেতবোৰ বাতৰিয়েও যথেষ্ট চৰ্চা লাভ কৰিছে। ৰাজ্যৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তথা ক্ৰীড়াক্ষেত্ৰো এনে কেইটিমান চৰ্চিত খবৰ চাওঁ আহক।

এফালে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, আনফালে ফুটবলৰ উন্মাদনাঃ পলকতে চকু ফুৰাওক কেইটামান চৰ্চিত খবৰৰ ওপৰত…
এফালে প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, আনফালে ফুটবলৰ উন্মাদনাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 05 Jun 2025 17:55 PM

আজি ৫ জুন। সমগ্ৰ বিশ্বত আজি উদযাপন কৰা হৈছে বিশ্ব পৰিৱেশ দিৱস। অসমৰো সৰ্বপ্ৰান্তত আজি ভিন্ন কাৰ্যসূচীৰে এই দিৱসটি উদযাপন কৰা হৈছে। পৰিলক্ষিত হৈছে প্ৰতিজন লোকৰ প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতাৰ চিন। এই বিশেষ দিনটোৰ উদযাপনৰ সমান্তৰালকৈ আজি আন কেতবোৰ বাতৰিয়েও যথেষ্ট চৰ্চা লাভ কৰিছে। ৰাজ্যৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তথা ক্ৰীড়াক্ষেত্ৰো এনে কেইটিমান চৰ্চিত খবৰ চাওঁ আহক-

১. ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। তথ্য অনুসৰি বৰ্তমান সময়লৈ ৰাজ্যৰ ২১খন জিলা বানৰ কবলত পৰিছে আৰু প্ৰায় ৬.৭৯লাখ লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে। ইফালে বৰ্তমান সময়লৈকে বানত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। বছৰৰ এই প্ৰথমটো বানত ১৪৯৭৭.৯৯ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত হৈছে।

২. প্ৰৱঞ্চনাৰ অভিযোগত আমেৰিকাত গ্ৰেপ্তাৰ হৈছে ডাঃ তন্ময় শৰ্মা নামৰ এগৰাকী অসম সন্তান৷ ১৪৯ মিলিয়ন ডলাৰৰ অৰ্থাৎ ভাৰতীয় টকাত প্ৰায় ১৩শ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগত লছ এঞ্জেলছ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

৩. ২০২৬ত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। বাংলাদেশ আৰু পাকিস্তানৰ প্ৰায় ২০০০ ফেচবুক একাউণ্টৰ পৰা অসম কংগ্ৰেছে ডিজিটেল সমৰ্থন লাভ কৰা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই একাউণ্টসমূহ পৰীক্ষাৰ বাবে বিশেষ শাখালৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।

৪. ৰাজ্যত পুনৰ ধুমুহা-বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বৃহস্পতিবাৰে অৰ্থাৎ আজিৰ দিনটোৰ বাবে কামৰূপ, ডিব্ৰুগড়, গোলাঘাটকে ধৰি ৰাজ্যৰ ১৮খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই হালধীয়া সতৰ্কতা জাৰি কৰাৰ বিপৰীতে শুকুৰবাৰে অৰ্থাৎ কাইলৈৰ দিনটোৰ বাবে ৯ খন জিলাত হালধীয়া সতৰ্কতা জাৰি কৰিছে।

৫. বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অভিযোগত ৰাজ্যত গ্ৰেপ্তাৰ হৈছে তিনি ইউটইউবাৰ। নিজৰ ইউটিউব চেনেলৰ ভিউৱাৰ্ছ বহোৱাৰ প্ৰচেষ্টাত বনৰীয়া চৰাইৰ নৃশংস হত্যালীলা চলোৱাৰ লগতে বাহৰ পৰা চৰাইৰ কণী ধৰি অনা তথা ধ্বংস কৰা অমানুষিক কাণ্ডৰ ভিডিঅ’ আপলোড কৰিছিল ধৃত এই লোকজেইজনে। আজি ধেমাজিৰ জিলাৰ চিমেন চাপৰি আৰক্ষীয়ে এই তিনিও ইউটিবাৰক গ্ৰেপ্তাৰ কৰিছে।

৬. অযোধ্যাৰ ৰাম মন্দিৰত আজি ভগৱান ৰামচন্দ্ৰৰ ’ৰাম দৰবাৰ’ৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে বিগত বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল। আজি ভগৱান শ্ৰী ৰামক ‘ৰজা ৰাম’ৰ ৰূপত ৰাম মন্দিৰৰ ৰাজদৰবাৰত প্ৰতিষ্ঠা কৰা হৈছে।

৭. দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। আজিপৰ্যন্ত দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪,৮৬৬ জনলৈ বৃদ্ধি পাইছে। আনহাতে ৩৯৫৫ ​জন ৰোগী সুস্থ হৈ চিকিৎসালয়ৰ পৰা নিজ গৃহলৈ উভতিছে। লক্ষণীয়ভাৱে দেশত যোৱা ২৪ ঘণ্টাত ৭ জন লোকৰ মৃত্যু হৈছে।

৮. ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে ১২ খন দেশৰ নাগৰিকক আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। আফগানিস্তান, চাড, কংগো, ইকুৱেটৰিয়েল গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ম্যানমাৰ, ছোমালিয়া, চুডান আৰু য়েমেনৰ ওপৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আনহাতে ৭ খন দেশ ক্ৰমে বুৰুণ্ডি, কিউবা, লাওছ, ছিয়েৰা লিয়ন, ট’গো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলাৰ ওপৰত আংশিক নিষেধাজ্ঞা আৰোপ কৰা।

৯. চলি থকা উৱেফা নেচনছ লীগৰ ছেমি ফাইনেলত আজি মুখামুখি হ’ব স্পেইন আৰু ফ্ৰান্স। নিশা ১২.৩০ বজাৰ পৰা প্ৰতিযোগিতাৰ এই দ্বিতীয় ছেমি ফাইনেল আৰম্ভ হ’ব। ইতিমধ্যে প্ৰথম ছেমিত জাৰ্মানীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে পৰ্তুগালে।