মানচেষ্টাৰত ভাৰতৰ মূল একাদশত দেখা যাব এইগৰাকী তাৰকাক! চিৰাজে দিলে গুৰুত্বপূৰ্ণ ইংগিত
চতুৰ্থ টেষ্টৰ পূৰ্বে আঘাতৰ সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ভাৰতীয় শিবিৰক। আঘাতৰ বাবে দলৰ বাদ পৰিছে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আৰু পেচাৰ অৰ্শদীপ সিং। আনহাতে দলত অন্তৰ্ভুক্ত কৰা হৈছে যুৱ পেচাৰ অংশুল কম্বোজক। এতিয়া ভাৰতৰ মূল একাদশ সন্দৰ্ভতো ব্যাপক চৰ্চা হৈছে। এই সন্দৰ্ভত মহম্মদ চিৰাজে দিছে এক গুৰুত্বপূৰ্ণ আপডেট।

এক ৰোমাঞ্চকৰ স্থিতিত উপনীত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টেষ্ট শৃংখলা। এই শৃংখলাত ঘৰুৱা দল ইংলেণ্ডে এইপৰ্যন্ত ২–১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে। লৰ্ডছত ভাৰতে শৃংখলাত অগ্ৰগতি লাভৰ সুন্দৰ সুযোগ লাভ কৰিছিল যদিও বেটাৰৰ ব্যৰ্থতাৰ বাবে এই সুযোগ গ্ৰহণত ব্যৰ্থ হয়। এনে পৰিস্থিতিত এতিয়া শৃংখলা জয় কৰিবলৈ তথা অন্ততঃ ড্ৰ ৰাখিবলৈ হ’লেও পৰৱৰ্তী দুয়োখন মেচত ভাৰতে পৰাজয়ৰ পৰা ৰক্ষা পৰিব লাগিব। এই শৃংখলাৰ চতুৰ্থ টেষ্টখন অহা ২৩ জুলাইৰ পৰা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত আৰম্ভ হ’ব। এই মেচখনত ভাৰতৰ বাবে জয় অনিবাৰ্য। গতিকে ভাৰতীয় দলে এই মেচখনত স্বাভাৱিকতেই পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ব বিচাৰিব।
পিছে চতুৰ্থ টেষ্টৰ পূৰ্বে আঘাতৰ সমস্যাই বাৰুকৈয়ে জুৰুলা কৰিছে ভাৰতীয় শিবিৰক। আঘাতৰ বাবে দলৰ বাদ পৰিছে অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডী আৰু পেচাৰ অৰ্শদীপ সিং। আনহাতে দলত অন্তৰ্ভুক্ত কৰা হৈছে যুৱ পেচাৰ অংশুল কম্বোজক। ইফালে আগন্তুক এই মানচেষ্টাৰ টেষ্টখনত যশপ্ৰীত বুমৰাহৰ অংশগ্ৰহণ সন্দৰ্ভতো ব্যাপক চৰ্চা চলি আছে। শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই বুমৰাহে নিজৰ ফিটনেছৰ প্ৰতি লক্ষ্য ৰাখি তিনিখন মেচত অংশ ল’ব বুলি প্ৰকাশ পাইছিল।
ইতিপূৰ্বে বুমৰাহে এডজবাষ্টন টেষ্টত জিৰণি লৈছিল। ইয়াৰ পিছত মানচেষ্টাৰ টেষ্টতো তেওঁ অংশ নল’ব পাৰে বুলি খবৰ প্ৰকাশ পাইছিল। কিন্তু লৰ্ডছ টেষ্টত ভাৰতৰ পৰাজয়ৰ পিছত এতিয়া আগন্তুক টেষ্টখনত বুমৰাহৰ অংশগ্ৰহণ প্ৰয়োজনীয় হৈ পৰিছে। এতিয়া এই সন্দৰ্ভত ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ চিৰাজে এক গুৰুত্বপূৰ্ণ ইঙ্গিত দিছে। আজি এক সংবাদমেলত চিৰাজে মানচেষ্টাৰ টেষ্টত ভাৰতৰ মূল একাদশ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আপডেট দিয়ে।
সংবাদমেলত চিৰাজে ভাৰতীয় অনুৰাগীক সকাহ প্ৰদান কৰি স্পষ্ট কৰি দিয়ে যে ভাৰতৰ বাবে মৰণপণ যুঁজ স্বৰূপ হৈ পৰা মানচেষ্টাৰ টেষ্টত ভাৰতৰ বলিং আক্ৰমণৰ কাণ্ডাৰী স্বৰূপ যশপ্ৰীত বুমৰাহে অংশ ল’ব। এই শৃংখলাত ১-২ ব্যৱধানত পিছ পৰি আছে ভাৰতীয় দল আৰু মানচেষ্টাৰ টেষ্টত জয়লাভ কৰি শৃংখলাত সমতা স্থাপন কৰিব বিচাৰিব। এনে পৰিস্থিতিত যশপ্ৰীত বুমৰাৰ উপস্থিতিয়ে ভাৰতীয় বলিং শক্তিশালী কৰিব।
সংবাদমেলত চিৰাজে বুমৰাহৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে আকাশ দীপ সন্দৰ্ভতো আপডেট দিয়ে। কিছু আঘাতজনিত সমস্যাত ভুগি আছে যদিও আকাশ দীপে আজি নেটত বলিং কৰিছে আৰু এতিয়া তেওঁ ফিজিঅ’ৰ নিৰীক্ষণত থাকিব বুলি চিৰাজে সদৰী কৰে। উল্লেখ্য যে মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ডত ভাৰতৰ টেষ্ট অভিলেখ আশাপ্ৰদ নহয়। ভাৰতে এই খেলপথাৰত এতিয়ালৈকে ৯খন টেষ্ট মেচ খেলিছে যদিও এখনো টেষ্ট্ট মেচত জয়ী হোৱা নাই।
এনে পৰিস্থিতিত শুভমন গিল নেতৃত্বাধীন যুৱ ভাৰতীয় দলটোৱে এই হতাশাজনক ইতিহাস সলনি কৰি অল্ড ট্ৰেফৰ্ডত প্ৰথম জয়ৰ সোৱাদ লাভ কৰাৰ লগতে শৃংখলাত সমতা স্থাপন কৰাৰো লক্ষ্য ল’ব। গতিকে মানচেষ্টাৰত এতিয়া সৰ্বশক্তি উজাৰি দিবলৈ বদ্ধপৰিকৰ হ’ব ভাৰতীয় দল। আনহাতে এই মেচত যদি ভাৰত পৰাস্ত হয়, তেতিয়া ঘৰুৱা দল ইংলেণ্ডে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভেৰে শৃংখলা জয় কৰিব।