শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মানচেষ্টাৰ টেষ্টৰ পূৰ্বে আঘাত জৰ্জৰিত ভাৰতীয় শিবিৰঃ অনুশীলনৰ সময়তে আঘাতৰ সন্মুখীন তাৰকা পেচাৰ

মানচেষ্টাৰত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থখন টেষ্টত পৰাজিত হ’লেই শৃংখলা হেৰুৱাব ভাৰতে। গতিকে এই মেচখন ভাৰতৰ বাবে হ’ব মৰণপণ যুঁজ। পিছে এই টেষ্টৰ পূৰ্বে ভাৰতীয় শিবিৰত দেখা দিছে আঘাতৰ সমস্যাই। মানচেষ্টাৰ টেষ্টৰ বাবে অনুশীলন চলাই থকাৰ সময়তে আঘাতৰ সন্মুখীন হৈছে ভাৰতীয় দলৰ এগৰাকী তাৰকা পেচাৰ।

মানচেষ্টাৰ টেষ্টৰ পূৰ্বে আঘাত জৰ্জৰিত ভাৰতীয় শিবিৰঃ অনুশীলনৰ সময়তে আঘাতৰ সন্মুখীন তাৰকা পেচাৰ
আঘাতৰ সন্মুখীন ভাৰতীয় পেচাৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 18 Jul 2025 10:41 AM

ভাৰতইংলেণ্ডৰ মাজত চলি থকা পাঁচখনীয়া মেচৰ টেষ্ট শৃংখলাৰ ইতিমধ্যে তিনিখন মেচ হৈ গৈছে এইপৰ্যন্ত ঘৰুৱা দল ইংলেণ্ডে ব্যৱধানত শৃংখলাত অগ্ৰগতি লাভ কৰিছে এনে পৰিস্থিতিত এই টেষ্ট শৃংখলা জয়ৰ আশা বৰ্তাই ৰাখিবলৈ আগন্তুক দুয়োখন মেচতে ভাৰতৰ বাবে জয় অনিবাৰ্য হৈ পৰিছে মানচেষ্টাৰত অনুষ্ঠিত বলগীয়া চতুৰ্থখন টেষ্টত পৰাজিত লেই শৃংখলা হেৰুৱাব ভাৰতে গতিকে এই মেচখন ভাৰতৰ বাবে মৰণপণ যুঁজ পিছে এই টেষ্টৰ পূৰ্বে ভাৰতীয় শিবিৰত দেখা দিছে আঘাতৰ সমস্যাই মানচেষ্টাৰ টেষ্টৰ বাবে অনুশীলন চলাই থকাৰ সময়তে আঘাতৰ সন্মুখীন হৈছে ভাৰতীয় দলৰ এগৰাকী তাৰকা পেচাৰ

চলিত শৃংখলাটোত প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছ বাদ দিলে এইপৰ্যন্ত ভাৰতীয় দলৰ বলিং আক্ৰমণৰ প্ৰদৰ্শন উন্নত বুলিয়েই লাগিব লৰ্ডছ টেষ্টতো ভাৰতীয় বলিং আক্ৰমণে দলৰ জয়ৰ বাবে এক সুষম পথ নিৰ্মাণ কৰি দিছিল পিছে বেটাৰৰ ব্যৰ্থতাৰ বাবে নিশ্চিত জয়ৰ কাষ চাপিও অন্তিম ক্ষণত পৰাস্ত বলগীয়া হয় ভাৰত এতিয়া আগন্তুক দুখন টেষ্টতো জয়ৰ আশা পূৰ্ণ কৰিবলৈ লে ভাৰতীয় বলাৰৰ প্ৰদৰ্শন বিশেষভাৱে গুৰুত্বপূৰ্ণ

গতিকে মানচেষ্টাৰত যিকোনো মূল্যৰ বিনিময়ত জয় কঢ়িয়াই আনিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে ভাৰতে পিছে অনুশীলনৰ সময়তে দলৰ তাৰকা পেচাৰ অৰ্শদীপ সিং আঘাতপ্ৰাপ্ত হৈছে প্ৰকাশিত এক খবৰ অনুসৰি ভাৰতীয় দলৰ অনুশীলনৰ সময়ত অৰ্শদীপে বাওঁহাতত আঘাত পায়। নেটত যুৱ বেটাৰ ছাই সুদৰ্শনক বলিং কৰি আছিল অৰ্শদীপে আৰু এই সময়ছোৱাতে সুদৰ্শনে বলাৰৰ দিশত এক দ্ৰুত শ্বট খেলে

ছাইৰ বেটৰ পৰা ঘূৰি অহা বল আয়ত্ব কৰাৰ চেষ্টাত অৰ্শদীপে বাওঁহাতত আঘাত পায়। প্ৰতিবেদন মতে, এই আঘাতৰ পিছত অৰ্শদীপৰ বাওঁহাতৰ পৰা তেজ ওলাই আহে ইয়াৰ পিছতে ভাৰতীয় দলৰ সৈতে থকা চিকিৎসা দলে লগে লগে অনুশীলন স্থলীতে অৰ্শদীপৰ আঘাতৰ পৰীক্ষা কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰে এইপৰ্যন্ত অৱশ্যে অৰ্শদীপৰ আঘাতৰ প্ৰকৃতি সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই

এইপৰ্যন্ত অৰ্শদীপে টেষ্টত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰা নাই যদিও তেওঁৰ আঘাতে স্বাভাৱিকতেই চিন্তাত পেলাইছে ভাৰতক লক্ষণীয়ভাৱে ভাৰতীয় বলিং আক্ৰমণৰ মূল হোতা স্বৰূপ যশপ্ৰীত বুমৰাহে চতুৰ্থ টেষ্টত খেলিব নে নেখেলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদি বুমৰাহে আগন্তুক টেষ্টখন নেখেলে, তেতিয়া অৰ্শদীপে সুযোগ লাভ কৰিব পাৰে বুলিও কিছু চৰ্চা চলিছিল এনে পৰিস্থিতিত অৰ্শদীপৰ আঘাত তেওঁৰ লগতে দলৰ বাবে সমস্যা হৈ পৰিব পাৰে।