নিম্ন ৰক্তচাপত কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব?

21 July 2025

TV9 ASSAM

Photos Credit: Getty Images

নিম্ন ৰক্তচাপ (Hypotension) হ’লে ৰক্তচাপ স্বাভাৱিকতকৈ তললৈ নামি যায় আৰু পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ শৰীৰৰ অংগবোৰে লাভ নকৰে।

নিম্ন ৰক্তচাপ কি?

ইয়াৰ ফলত ভাগৰুৱা, মূৰ ঘূৰোৱা, দৃষ্টিশক্তি ম্লান হোৱা, মূৰ্চ্ছা যোৱা আৰু হৃদস্পন্দন লেহেমীয়া হোৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

লক্ষণ

নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে উপযুক্ত খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে। গতিকে খাদ্য তালিকা কেনেকুৱা ধৰণৰ হ’ব লাগে জানক।

উপযুক্ত খাদ্য

বিশেষজ্ঞৰ মতে, নিম্ন ৰক্তচাপ থকা লোকে আইৰণ, ভিটামিন বি ১২ আৰু ফ’লেটযুক্ত বস্তু খাব লাগে কাৰণ ই তেজ গঠনত সহায় কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে।

আইৰণ

নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে কণী, গাখীৰ, দৈ, আলমণ্ড, বুটমাহ, কল, ডালিম, সেউজীয়া শাক-পাচলি অতি উপকাৰী বুলি বিবেচিত হয়।

কণী, গাখীৰ

নিম্ন ৰক্তচাপ ৰোগীয়ে অলপ বেছি নিমখ গ্ৰহণ কৰাটো উপকাৰী হ’ব পাৰে, কাৰণ নিমখত প্ৰচুৰ পৰিমাণে ছডিয়াম থাকে যিয়ে ৰক্তচাপ বৃদ্ধি কৰাত সহায় কৰে।

নিমখ

শৰীৰত পানীৰ অভাৱত নিম্ন ৰক্তচাপ হ’ব পাৰে। দৈনিক কমেও ২.৫ৰ পৰা ৩ লিটাৰ পানী খাব লাগে।

পানী খাব লাগে

কিছুমান ক্ষেত্ৰত কেফেইনে সাময়িকভাৱে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। মন ৰাখিব স্বাস্থ্যজনিত বিষয়ত সদায় বিশেষজ্ঞ পৰামৰ্শ লোৱাটো প্ৰয়োজন।

কফি বা গ্ৰীণ টি

পঢ়িবলৈ ক্লিক কৰক

দাঁত বিষৰ পৰা উপশম পোৱাৰ উপায়