শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ICC ৰ ডাঙৰ সিদ্ধান্ত! WTC ৰ আগন্তুক ৩ সংস্কৰণৰ ফাইনেল অনুষ্ঠিত হ’ব ইংলেণ্ডত…

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ সন্দৰ্ভত আই চি চিয়ে গ্ৰহণ কৰিলে এক ডাঙৰ সিদ্ধান্ত। আগন্তুক ৩টা সংস্কৰণৰ বাবে এই খেল ইংলেণ্ডত অনুষ্ঠিত হ'ব।

ICC ৰ ডাঙৰ সিদ্ধান্ত! WTC ৰ আগন্তুক ৩ সংস্কৰণৰ ফাইনেল অনুষ্ঠিত হ’ব ইংলেণ্ডত…
জয় শ্বাহImage Credit source: PTI
barasha-sarma
Barasha Sarma | Published: 20 Jul 2025 21:37 PM

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ ভৱিষ্যত সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)য়ে গ্ৰহণ কৰিলে এক ডাঙৰ সিদ্ধান্ত। এই প্ৰতিযোগিতাৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ চূড়ান্ত খেল কোনখন দেশত অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত আই চি চিয়ে ঘোষণা কৰিছে। ছিংগাপুৰত অনুষ্ঠিত হোৱা আইচিচিৰ বৈঠকৰ পাছতে আইচিচিয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য প্ৰদান কৰে। এই বিজ্ঞপ্তিত উল্লেখ থকা মতে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পৰৱৰ্তী তিনিটা সংস্কৰণৰ ফাইনেল এখন দেশতেই অনুষ্ঠিত হ’ব।

তথ্য অনুসৰি ২০২৭, ২০২৯ আৰু ২০৩১ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আয়োজক হিচাপে ইংলেণ্ডক নিৰ্বাচন কৰা হৈছে। এই সিদ্ধান্তই টেষ্ট ক্ৰিকেটক অধিক ৰোমাঞ্চকৰ কৰি তুলিব বুলি আশা কৰা হৈছে।

ইংলেণ্ডক ২০২৭, ২০২৯ আৰু ২০৩১ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আয়োজক অধিকাৰ প্ৰদান কৰা হৈছে।এই সিদ্ধান্তক টেষ্ট ক্ৰিকেটক অধিক ৰোমাঞ্চকৰ কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। অৱশ্যে ডব্লিউ টি চি (WTC) ৰ ফাইনেল আয়োজন হিচাপে ইংলেণ্ডক নিৰ্বাচন কৰাৰ আঁৰত বহু কাৰণ আছে।

ক্ৰিকেটৰ দুৰ্গ হিচাপে সদায় ইংলেণ্ডক গণ্য কৰা হয়। এতিয়ালৈকে WTC তিনিখন ফাইনেল অনুষ্ঠিত হৈছে আৰু এই আটাইকেইখন ইংলেণ্ডতে অনুষ্ঠিত হৈছে। ২০২১ চনত  নিউজিলেণ্ড আৰু ভাৰতৰ মাজত প্ৰথমখন ডব্লিউ টি চি ফাইনেল চাউথমপটনত অনুষ্ঠিত হয়। তাৰ পাছত ২০২৩ চনত অ’ভেলত ফাইনেল অনুষ্ঠিত হয়। ইয়াৰ লগতে এইবাৰ লৰ্ডৰ দৰে ঐতিহাসিক খেলপথাৰত খেল অনুষ্ঠিত হ’ল।

আইচিচিয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰি কয় যে, ‘শেহতীয়া ফাইনেল আয়োজনৰ সফল ট্ৰেক ৰেকৰ্ডৰ ভিত্তিত ব’ৰ্ডে ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডক ২০২৭, ২০২৯ আৰু ২০৩১ সংস্কৰণৰ বাবে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল আয়োজনৰ অধিকাৰ প্ৰদান কৰিছে।’

২০১৯ চনত আৰম্ভ

উল্লেখ্য যেস ২০১৯ চনৰ পৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। টেষ্ট ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে এই খেল খেলা হৈছিল। টুৰ্ণামেন্ট টেষ্ট ক্ৰিকেটৰ অগ্ৰগতি আৰু টি২০ আৰু ৱান ডেৰ মাজত এটা ফৰ্মেট বজাই ৰাখিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে। প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই ফাইনেলখন বিশ্বৰ দুটা শ্ৰেষ্ঠ টেষ্ট দলৰ মাজত খেল অনুষ্ঠিত হয়। এতিয়ালৈকে নিউজিলেণ্ড (২০২১), অষ্ট্ৰেলিয়া (২০২৩) আৰু দক্ষিণ আফ্ৰিকাই (২০২৫) এই খিতাপ দখল কৰিছে।

 

অন্য খবৰ পঢ়কঃ ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৩৪গৰাকী পৰ্যটকে…