সংসদৰ বৰ্ষাকালীন অধিবেশনৰ পৰা বাংলাদেশৰ বিমান দুৰ্ঘটনালৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ
সংসদৰ বৰ্ষাকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। কিন্তু বিৰোধী সাংসদে হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়।
সংসদৰ বৰ্ষাকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। কিন্তু বিৰোধী সাংসদে হুলস্থুলীয়া পৰিস্থিতি সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। লোকসভাৰ সমান্তৰালকৈ ৰাজ্যসভাতো শাসক-বিৰোধী দলৰ বাকবিতণ্ডাৰ ফলস্বৰূপে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। সদনত অহা সপ্তাহত অপাৰেচন সেন্দূৰ সন্দৰ্ভত প্ৰায় ২৫ ঘণ্টাজোৰা আলোচনা চলিব।
বাংলাদেশত আজি দুৰ্ঘটনাত পতিত হয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান। উৰণৰ পিছতেই বিমানখনে খুন্দা মাৰে এখন মহাবিদ্যালয়ৰ অট্টালিকাত। পাইলটগৰাকী নিহত হোৱাৰ খবৰ পোৱা গৈছে যদিও মহাবিদ্যালয়ৰ কিমান শিক্ষাৰ্থী হতাহত হৈছে সেয়া নিশ্চিত হোৱা নাই।
পলকতে চাওঁ আহক দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
Latest Videos