চীনৰ নদী বান্ধ প্ৰকল্পৰ পৰা মোদীৰ বিদেশ ভ্ৰমণলৈ, দিনটোৰ খবৰ…
শীঘ্ৰেই মোদীয়ে ভ্ৰমণ কৰিব দুখনকৈ দেশ। খবৰ অনুসৰি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব। এই সময়চোৱাত বিভিন্ন দিশৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
1. চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। শনিবাৰৰ পৰা তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত এই কাম আৰম্ভ হৈছে।
2. নিলম্বন এগৰাকী বন বিষয়া। সাংবাদিক আৰু ৰাইজক বেয়া ব্যৱহাৰ কৰি নিলম্বন হল বন বিষয়া কুলদ্বীপ বৰ্মন।
3. সোণাপুৰত বিজেপিৰ চিন্তন বৈঠক। এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ৰঙানদী আৰু নাওবৈচা সমষ্টিৰ দায়িত্বৰ পৰা অব্যাহতি সাংসদ প্ৰদান বৰুৱাক।
4. কাছাৰ আৰক্ষীৰ ডাঙৰ সফলতা। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ১.২২ কেজি হেৰ’ইন জব্দ কৰে।
5. মালদ্বীপ ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুৰ আনুষ্ঠানিক আমন্ত্ৰণত ২৫ আৰু ২৬ জুলাইত দেশখন ভ্ৰমণ কৰিব তেওঁ।
6. ২৩ জুলাইৰ পৰা ২৪ জুলাইত আনুষ্ঠানিক ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰিটেইনলৈ যাব।
7. সোমবাৰৰ পৰা আৰম্ভ হ’ব লোকসভাৰ বৰ্ষাকালীন অধিবেশন।
8. আমেৰিকাত ভাৰতীয় মূলৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ ভয়ংকৰ কাণ্ড।ৰিতেশ কালৰা নামৰ লোকজনৰ বিৰুদ্ধে চিকিৎসা প্ৰৱঞ্চনা, ভুলকৈ প্ৰেছক্ৰিপচন কৰা আৰু ঔষধৰ বিনিময়ত ৰোগীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে।
9. ভিয়েটনামত ডাঙৰ নাও দুৰ্ঘটনা। যাৰ ফলত ৩৪ গৰাকী পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে কেইবাজন সন্ধানহীন হয়।