শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পদত্যাগ কৰিলে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েঃ পদত্যাগ পত্ৰত লিখিলে এনে কাৰণ…

উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখড়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ইতিমধ্যে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। নিজ পদত্যাগ পত্ৰত তেওঁ সংবিধানৰ ৬৭ (ক) অনুচ্ছেদ অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।

পদত্যাগ কৰিলে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েঃ পদত্যাগ পত্ৰত লিখিলে এনে কাৰণ…
উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ অৱসৰ
monjit-dutta
Monjit Dutta | Updated On: 21 Jul 2025 23:06 PM

উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখড়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ইতিমধ্যে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে নিজ পদত্যাগ পত্ৰত তেওঁ স্বাস্থ্যজনিত কাৰণ উল্লেখ কৰিছে। ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত তেওঁ লিখিছে স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসকৰ পৰামৰ্শ পালন কৰি সংবিধানৰ ৬৭ (ক) অনুচ্ছেদ অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।

পদত্যাগ পত্ৰখনত তেওঁ লগতে কাৰ্যকালৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে ধন্যবাদ জনায় সমান্তৰালকৈ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ ওচৰতো কৃতজ্ঞতা প্ৰকাশ কৰে পদত্যাগী উপৰাষ্ট্ৰপতিগৰাকীয়ে নিজ কাৰ্যকালত বহু কথা শিকিব পৰা বুলি উল্লেখ কৰি জগদীপ ধনখড়ে লগতে সাংসদসকলৰ পৰা লাভ কৰা বিশ্বাস আৰু সন্মানৰো কথাও দোহাৰে আৰু সেয়া সদায়ে তেওঁৰ স্মৃতিত থাকিব বুলি কয়।

দেশৰ মহান গণতন্ত্ৰত উপ-ৰাষ্ট্ৰপতি হিচাপে মই লাভ কৰা অমূল্য অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ। এই গুৰুত্বপূৰ্ণ সময়ছোৱাত দেশৰ অৰ্থনৈতিক প্ৰগতি আৰু অভূতপূৰ্ব উন্নয়নৰ সাক্ষী আৰু অংশগ্ৰহণ কৰাটো মোৰ বাবে এক বিশেষ সুবিধা আৰু সন্তুষ্টিৰ বিষয় হৈ পৰিছে।”- এইদৰে কয় জগদীপ ধনখড়ে তেওঁ লগতে কয় যে দেশৰ ইতিহাসৰ এই পৰিৱৰ্তনশীল যুগত সেৱা আগবঢ়োৱাটো তেওঁৰ বাবে এক প্ৰকৃত সন্মান।

এই সন্মানীয় পদ ত্যাগ কৰাৰ সময়ত ভাৰতৰ বিশ্বজনীন উত্থান আৰু অভূতপূৰ্ব কৃতিত্বৰ বাবে গৌৰৱ অনুভৱ কৰা বুলিও জগদীপ ধনখড়ে পদত্যাগ পত্ৰত উল্লেখ কৰে। দেশৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি অটল বিশ্বাস থকা বুলিও তেওঁ লগতে কয়।

Jagdeep Dhankhar

জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ

উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল গ্ৰহণৰ পূৰ্বে জগদীপ ধনখড়ে ২০১৯ চনৰ পৰা ২০২২ চনলৈ পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ চন্দ্ৰশেখৰ চৰকাৰত সংসদীয় পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ লোকসভাৰ সদস্য আছিল। ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ ৰাজস্থান বিধানসভাৰ সদস্য আছিল ধনখড়

উল্লেখ্য যে ১৯৫১ চনৰ ১৮ মে’ত ৰাজস্থানৰ ঝুনঝুনু জিলাত জন্মগ্ৰহণ কৰিছিল জগদীপ ধনখড়ে। চিত্তৰগড়ৰ সৈনিক স্কুলৰ পৰাই স্কুলীয়া শিক্ষা আৰম্ভ কৰি তেওঁ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি আৰু এল.এল.বি. ডিগ্ৰী লাভ কৰে ১৯৭৯ চনত তেওঁ সুদেশ ধনখড়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৭৯ চনত জগদীপ ধনখড়ে ৰাজস্থান বাৰ কাউঞ্চিলত অধিবক্তা হিচাপে যোগদান কৰে। ১৯৯০ চনত ৰাজস্থান উচ্চ ন্যায়ালয়ে তেওঁক জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰে।

জগদীপ ধনখড় ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈ জনতা দলৰ পৰা সাংসদ হিচাপে লোকসভালৈ মনোনীত হৈছিল ইয়াৰ পিছত ১৯৯১ চনত তেওঁ কংগ্ৰেছত যোগদান কৰে। সেই বৰ্ষতে তেওঁ আজমেৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হয়। ধনখড়ে ২০০৩ চনত বিজেপিত যোগদান কৰে।২০০৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে তেওঁক প্ৰচাৰ সমিতিত স্থান দিছিল।