শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
হাজাৰ হাজাৰ কোটি টকাৰ লোকচান টাটা-আম্বানীৰ...

হাজাৰ হাজাৰ কোটি টকাৰ লোকচান টাটা-আম্বানীৰ…

barasha-sarma
Barasha Sarma | Published: 21 Jul 2025 21:14 PM

হাজাৰ হাজাৰ কোটি টকাৰ লোকচান মুকেশ আম্বানী আৰু টাটাৰ। যোৱা এসপ্তাহত শ্বেয়াৰ বজাৰত আম্বানী আৰু টাটাৰ কোম্পানীৰ মূল্য হ্ৰাস পাইছে। যাৰ বাবে লোকচানৰ সন্মুখীন হৈছে বিনিয়োগকাৰী।

বৃহৎ লোকচানৰ সন্মুখীন টাটা-আম্বানী। দুয়োৰে বিভিন্ন ধৰণৰ কোম্পানী আছে। শ্বেয়াৰ বজাৰত ১০ টা গুৰুত্বপূৰ্ণ কোম্পানীৰ তালিকাত আছে টাটা-আম্বানীৰ কোম্পানী। তথ্য অনুসৰি সপ্তাহত ৬টা কোম্পানীৰ মুঠ লোকচান প্ৰায় ৯৪ হাজাৰ কোটি টকা। এই কোম্পানী কেইটাৰ ভিতৰত টিচিএছ আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে ৫১ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে।

এই এসপ্তাহত টাটা কনছালটেন্সীৰ শ্বেয়াৰ মুঠ ১.৪৬ শতাংশ হ্ৰাস হৈছে। আনহাতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অৱস্থা প্ৰায় একেই। এসপ্তাহত এই আম্বানী কোম্পানীটো শ্বেয়াৰ বজাৰত প্ৰায় ১ শতাংশ হ্ৰাস পাইছে। ইয়াৰ ফলত বিপদত পৰিছে বহু বিনিয়োগকাৰী।

এই সপ্তাহত টিচিএছৰ বজাৰ মূল্য ২৭,৩৩৪ কোটি টকা হ্ৰাস পাই ১১ লাখ কোটি টকা হৈছে। ইয়াৰ লগতে ৰিালায়েন্সৰ বজাৰ মূল্য ২৪,০০০ কোটি টকা হ্ৰাস পাই ১৯ লাখ কোটি টকা হয়।