শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোনে ল’ব পদত্যাগী উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্থান? চাওক সাংবিধানিক প্ৰক্ৰিয়া…

যোৱা নিশা দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে হঠাতে পদত্যাগ কৰাৰ পিছতে এতিয়া স্বাভাৱিকতেই এক বিশেষ প্ৰশ্ন সকলোৰে মনত উত্থাপন হৈছে- দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে এতিয়া কোনে নিযুক্তি লাভ কৰিব? চাওঁ আহক এইক্ষেত্ৰত সাংবিধানিক ব্যৱস্থা কি?

কোনে ল’ব পদত্যাগী উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ স্থান? চাওক সাংবিধানিক প্ৰক্ৰিয়া…
জগদীপ ধনখড়ৰ পিছত কোন হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি!Image Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 22 Jul 2025 00:32 AM

সোমবাৰে নিশা প্ৰায় ৯ বজাত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আকস্মিকভাৱে পদত্যাগ কৰে। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তেওঁ স্বাস্থ্যজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে জগদীপ ধনখড়ে পদত্যাগ কৰাৰ পিছতে এতিয়া স্বাভাৱিকতেই এক বিশেষ প্ৰশ্ন সকলোৰে মনত উত্থাপন হৈছেদেশৰ উপৰাষ্ট্ৰপতি হিচাপে এতিয়া কোনে নিযুক্তি লাভ কৰিব? চাওঁ আহক এইক্ষেত্ৰত সাংবিধানিক ব্যৱস্থা কি?

ভাৰতীয় সংবিধানৰ ৬৮ নং অনুচ্ছেদ অনুসৰি যেতিয়া কাৰ্যকালত থকাৰ সময়তে উপৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যু হয় বা পদত্যাগ কৰে বা আন কোনো কাৰণত উপ-ৰাষ্ট্ৰপতিৰ পদ খালী হয় তেতিয়া অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত হয়। নতুন নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে উপ-ৰাষ্ট্ৰপতিৰ পদ খালী হৈ থাকে। উপৰাষ্ট্ৰপতিগৰাকীৰ বাবে স্বচ্ছ ৰূপত নির্বাচন অনুষ্ঠিত হয়৷

এই নিৰ্বাচনৰ পিছত উপৰাষ্ট্ৰপতিগৰাকীয়ে নিৰ্বাচিত হোৱা দিনটোৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যকাল লাভ কৰে, অৰ্থাৎ সেইদিনটোৰ পৰা পাঁচ বছৰ উপ-ৰাষ্ট্ৰপতি পদত থাকিব। নিৰ্বাচিত ব্যক্তিগৰাকীয়ে ৬৯ নং অনুচ্ছেদৰ অধীনত শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ উপস্থিতিত শপত গ্ৰহণ কৰে নতুন উপৰাষ্ট্ৰপতিগৰাকীয়ে।

ভাৰতীয় সংবিধানৰ ৬৭(ক) অনুচ্ছেদত উল্লেখ আছে যে উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি পদৰ পৰা পদত্যাগ কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পিছত আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হয় আৰু তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হয়।

উপ-ৰাষ্ট্ৰপতিৰ পদ খালী হ’লে সংবিধানৰ ৬৮ নং অনুচ্ছেদৰ অধীনত নিৰ্ধাৰিত সময়ৰ ভিতৰতে নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। সংসদৰ দুয়োটা সদনৰ (লোকসভা আৰু ৰাজ্যসভা) সদস্যসকলে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। লোকসভাৰ ৫৪৩ জন সদস্য আৰু ৰাজ্যসভাৰ ২৪৫ জন সদস্যই (১২ জন মনোনীত সদস্যকে ধৰি) এই নিৰ্বাচনত ভোট দিয়ে।

নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ কাৰ্যালয় গ্ৰহণ কৰাৰ লগে লগে তেওঁ স্বতঃস্ফূর্তভাৱে ৰাজ্যসভাৰ অধ্যক্ষ হৈ পৰে। বৰ্তমান হৰিবংশ নাৰায়ণ সিঙে ৰাজ্যসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিব।