আপুনি চালেনে UGC NET পৰীক্ষাৰ ফলাফল? এইদৰে চাব পাৰিব স্ক’ৰ কাৰ্ড…
সমগ্ৰ দেশজুৰি যোৱা জুন মাহত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। এইবাৰ পৰীক্ষাত নামভৰ্তি কৰা ৮,৪৯,১৬৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬,৪৯,৪৯০ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

নেচনেল টেষ্টিং এজেন্সীয়ে আজি ঘোষণা কৰে UGC NET পৰীক্ষাৰ ফলাফল। বিগত জুন মাহত অনুষ্ঠিত হৈ যোৱা এই UGC NET পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থীসকলে UGCৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত পৰীক্ষা কৰিব পাৰে। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে ৱেবছাইটত লগ অন কৰি স্ক’ৰ কাৰ্ড চোৱাৰ লগতে ডাউনলোড কৰিব পাৰিব। নিজা চ’ছিয়েল মিডিয়া হেণ্ডেল যোগে নেচনেল টেষ্টিং এজেন্সীয়ে এই তথ্য প্ৰদান কৰিছে।
সমগ্ৰ দেশজুৰি যোৱা জুন মাহত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। এইবাৰ পৰীক্ষাত নামভৰ্তি কৰা ৮,৪৯,১৬৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬,৪৯,৪৯০ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে বিগত বাৰৰ UGC NET পৰীক্ষাত সহকাৰী অধ্যাপক পদৰ বাবে ৪৮,১৬১ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰি পি এইচ ডিত নামভৰ্তি লাভ কৰিছিল।
The results of the UGC -NET June 2025 is available on the website: https://t.co/g4PFgQYrtw. Candidates can login to the website and view/download/print their score card.
— National Testing Agency (@NTA_Exams) July 21, 2025
ইয়াৰ বিপৰীতে ১,১৪,৪৪৫ গৰাকী প্ৰাৰ্থীয়ে কেৱল পি এইচ ডিৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। আনহাতে ২০২৪ চনৰ ডিচেম্বৰত হোৱা এই পৰীক্ষাত মাত্ৰ ৫,১৫৮ জন প্ৰাৰ্থীয়ে জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ (JRF)ৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
UGC NET পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ জেনেৰেল শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে নূন্যতম ৪০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। আনহাতে OBC-NCL, SC, ST, দিব্যাংগ আৰু ট্ৰান্সজেণ্ডাৰ শ্ৰেণীৰ অন্তৰ্গত প্ৰাৰ্থীৰ বাবে প্ৰয়োজনীয় উত্তীৰ্ণ নম্বৰ হৈছে ৩৫ শতাংশ।