শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

BCCI: বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভাঙিলে বিচিচিআইয়েঃ আই পি এলৰ পৰা উপাৰ্জন হ’ল ইমান ধন

সৰ্বকালৰ ইতিহাসত সৰ্বাধিক ৰাজহ উপাৰ্জনেৰে বিচিচিআইয়ে বিগত বিত্তীয় বৰ্ষত ৰচিছে অভিলেখ। প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৩-২৪ বিত্তীয় বৰ্ষত সৰ্বমুঠ ৯,৭৪১.৭ কোটি টকা ৰাজহ উপাৰ্জন কৰিছে।

BCCI: বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভাঙিলে বিচিচিআইয়েঃ আই পি এলৰ পৰা উপাৰ্জন হ’ল ইমান ধন
Bcci
monjit-dutta
Monjit Dutta | Published: 18 Jul 2025 16:35 PM

বিশ্বৰ আটাইতকৈ ধনৱন্ত ক্ৰিকেট ৰ্ড হিচাপে স্বীকৃত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ৰ্ড, চমুকৈ বিচিচিআই প্ৰতিবৰ্ষতে বিচিচিআইয়ে বৃহৎ পৰিমাণৰ উপাৰ্জনৰ দ্বাৰা নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰি আহিছে পিছে এইবাৰ ৰাজহ উপাৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে বিচিচিআইয়ে সৰ্বকালৰ ইতিহাসত সৰ্বাধিক ৰাজহ উপাৰ্জনেৰে বিচিচিআইয়ে বিগত বিত্তীয় বৰ্ষত ৰচিছে অভিলেখ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৩-২৪ বিত্তীয় বৰ্ষত সৰ্বমুঠ ৯,৭৪১.৭ কোটি টকা ৰাজহ উপাৰ্জন কৰিছে। বিচিচিআইৰ এই বৃহৎ উপাৰ্জনৰ মূল উৎস হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ আইপিএল

বিগত বিত্তীয় বৰ্ষত বিচিচিআইৰ মূল ৰাজহ উপাৰ্জনৰ ক্ষেত্ৰত আই পি এলে ৫,৭৬১ কোটি টকাৰ বৃহৎ অৰিহণা যোগাইছে অৰ্থাৎ বিচিচিআইৰ মুঠ উপাৰ্জনৰ প্ৰায় ৫৯ শতাংশ আই পি এলৰ পৰাই আহিছে অৰ্থাৎ বিচিচিআইৰ বাবে আই পি এল এতিয়া এক কথাত উপাৰ্জনৰ প্ৰধান ইঞ্জিন স্বৰূপ হৈ পৰিছে ভাৰতীয় ক্ৰিকেটৰ বাবে আই পি এল কেৱল প্ৰতিভা প্ৰকাশৰ ক্ষেত্ৰতে নহয়, আৰ্থিক লাভৰ ক্ষেত্ৰতো গেম চেঞ্জাৰ হিচাপে পৰিগণিত হৈছে।

সাম্প্ৰতিক সময়ত বিশ্বৰ আটাইতকৈ ধনৱন্ত আৰু জনপ্ৰিয় ক্ৰিকেট লীগ হিচাপে পৰিগণিত আই পি এল ২০০৭ চনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ জনপ্ৰিয়তা তথা টকাৰ প্ৰয়োভৰ বৃদ্ধি পাইছে প্ৰতিটো ছিজনতে আই পি এলৰ সম্প্ৰচাৰ স্বত্ব আৰু স্পনচৰশ্বিপৰ বাবে প্ৰতিযোগিতা বৃদ্ধি পাইছে ইয়াৰ সমান্তৰালকৈ ভাৰতৰ ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শন দাঙি ধৰা খেলুৱৈসকলকো এক বিশাল মঞ্চ প্ৰদান কৰাত সফল হৈছে আই পি এল

প্ৰকাশিত প্ৰতিবেদন মতে ২০২৩-২৪ বিত্তীয় বৰ্ষত বিচিচিআইয়ে নন-আই পি এল মিডিয়াৰ সম্প্ৰচাৰ স্বত্বৰ পৰা ৩৬১ কোটি, ৱমেন প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল)ৰ পৰা ৩৭৮ কোটি টকা আৰু কেৱল জমা ধনৰ সুতৰ পৰা প্ৰায় ১০০০ কোটি টকা উপাৰ্জন কৰিছিল। উল্লেখ্য যে বিচিচিআইৰ হাতত প্ৰায় ৩০,০০০ কোটি টকা মজুত আছে, এই জমা ধনে বৰ্ডৰ বাবে বছৰি যথেষ্ট লাভৰ পথ মুকলি কৰে

ইফালে আই চি চিৰ অংশীদাৰিত্বসূত্ৰে বৰ্ডে ১,০৪২ কোটি (১০.৭%) টকা লাভ কৰে প্ৰতিবেদন মতে বিনিয়োগৰ পৰা ৯৮৭ কোটি টকা (১০.১%), আন্তঃৰাষ্ট্ৰীয় মেচৰ সম্প্ৰচাৰ স্বত্বৰ পৰা ৩৬১ কোটি (৩.৯%) টকা, WPL পৰা ৩৭৮ কোটি টকা (৩.৯%), টিকট বিক্ৰী আৰু বাণিজ্যিক অধিকাৰ (ভাৰতৰ ঘৰুৱা মেচ)ৰ পৰা ৩৬১ কোটি টকা (৩.৭%) আয় কৰে বিচিচিআইয়ে উল্লেখ্য যে ২০২১-২২ চনত বিচিচিআইৰ মুঠ ৰাজহ আছিল প্ৰায় ৪,৩৬০ কোটি টকা২০২২-২৩ চনলৈকে এই পৰিমাণ ৬,৮২০ কোটি টকালৈ বৃদ্ধি পায়।