লৰ্ডছত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে গিলেঃ পৰিৱৰ্তন ঘটিল মূল একাদশত, বাদ পৰিল এইগৰাকী সদস্য
শৃংখলাত অগ্ৰগতি লাভৰ লক্ষ্যৰে লৰ্ডছত নামিব গিল বাহিনী। এডজবাষ্টনত জয়ী হ’লেও পিছে আজি লৰ্ডছত মূল একাদশত পৰিৱৰ্তন ঘটিছে ভাৰতৰ। যশপ্ৰীত বুমৰাহৰ বাবে দলত নিজৰ স্থান এৰিবলগীয়া হৈছে এগৰাকী সদস্যই।

ক্ৰিকেটৰ মক্কা খ্যাত লৰ্ডছত আজি অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ। পাঁচখনীয়া এই শৃংখলাত দুয়ো দলে এইপৰ্যন্ত এখনকৈ মেচত জয়েৰে ১-১ ব্যৱধানত সমতা স্থাপন কৰিছে। লীডছত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্টত ইংলেণ্ডে প্ৰথম ইনিংছত পিছ পৰাৰ পিছতো শক্তিশালী প্ৰদৰ্শনেৰে জয়লাভ কৰিছিল। ইয়াৰ পিছত এডজবাষ্টনত অনুষ্ঠিত দ্বিতীয়খন মেচত ভাৰতে দ্বিতীয়খন মেচত দুৰন্ত প্ৰত্যাৱৰ্তন কৰিছিল ৩৩৬ ৰানত বৃহৎ বিজয় সাব্যস্ত কৰিছিল। মেচখনত অধিনায়ক গিলে দলক সমুখৰ পৰা নেতৃত্ব দি চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছিল।
এতিয়া প্ৰত্যাৱৰ্তনৰ এই পথত খোজ অব্যাহত ৰাখি শৃংখলাত অগ্ৰগতি লাভৰ লক্ষ্যৰে লৰ্ডছত নামিব গিল বাহিনী। এডজবাষ্টনত জয়ী হ’লেও পিছে আজি লৰ্ডছত মূল একাদশত পৰিৱৰ্তন ঘটিছে ভাৰতৰ। যশপ্ৰীত বুমৰাহৰ বাবে দলত নিজৰ স্থান এৰিবলগীয়া হৈছে এগৰাকী সদস্যই। লীডছৰ দ্বিতীয় ইনিংছত প্ৰভাৱ পেলাব নোৱাৰিলেও বুমৰাহে প্ৰথম ইনিংছত পাঁচ উইকেট দখল কৰিছিল। ইয়াৰ পিছত অৱশ্যে দ্বিতীয় টেষ্টত তেওঁ জিৰণি লৈছিল।
এতিয়া লৰ্ডছ টেষ্টৰ বাবে দললৈ প্ৰত্যাৱৰ্তন ঘটিছে বুমৰাহৰ। এনে পৰিস্থিতিত পৰিৱৰ্তন ঘটিছে দলত। পেচাৰ প্ৰসিধ কৃষ্ণই বুমৰাহৰ বাবে স্থান এৰিবলগা হৈছে। লীডছত উইকেট দখলত সফল হ’লেও এডজবাষ্টনত বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল প্ৰসিধে। গতিকে বুমৰাহৰ অন্তৰ্ভুক্তিয়ে লৰ্ডছৰ বুকুত ভাৰতীয় দলক শক্তি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
ইতিমধ্যে টছত জয়ী হৈ ঘৰুৱা দল ইংলেণ্ডে লৰ্ডছত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। দললৈ প্ৰত্যাৱৰ্তন ঘটিছে তাৰকা পেচাৰ জ’ফ্ৰা আৰ্চাৰৰ। চাৰি বছৰৰ পিছত পুনৰ টেষ্ট দলত দেখা যাব তাৰকা পেচাৰগৰাকীক। জ’ছ টংগুৰ স্থানত তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
লৰ্ডছ টেষ্টৰ বাবে দুয়ো দলৰ মূল একাদশ-
ইংলেণ্ডঃ জেক ক্ৰ’লি, বেন ডাকেট, অলি পোপ, জ’ ৰুট, হেৰী ব্ৰুক, বেন ষ্ট’কছ (অধিনায়ক), জেমী স্মিথ, ক্ৰীছ ৱ’কছ, ব্ৰাইডন কাৰ্ছ, জ’ফ্ৰা আৰ্চাৰ, ছোয়েইব বছিৰ।
ভাৰতঃ যশস্বী জয়ছোৱাল, কে এল ৰাহুল, কৰুণ নায়াৰ, শুভমন গিল (অধিনায়ক), ঋষভ পণ্ট, নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।