শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

India vs England: কটকত আজি ইংলেণ্ডৰ বিপক্ষে দ্বিতীয় এদিনীয়াঃ মূল একাদশত থাকিবনে কোহলী!

জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি কটকত ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব মেন ইন ব্লু। কিছু সময়ৰ পিছতে, ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন। কটকত আজি জয়লাভ কৰিলেই শৃংখলা নিজৰ দখললৈ আনিব পাৰিব ভাৰতে। এই মেচখনত আজি ভাৰতীয় দলৰ মূল একাদশত পৰিৱৰ্তনৰ সম্ভাৱনা আছে।

India vs England: কটকত আজি ইংলেণ্ডৰ বিপক্ষে দ্বিতীয় এদিনীয়াঃ মূল একাদশত থাকিবনে কোহলী!
আজি কটকত দ্বিতীয় এদিনীয়া
Monjit Dutta
Monjit Dutta | Updated On: 09 Feb 2025 13:07 PM

নাগপুৰত দৰ্শনীয় প্ৰদৰ্শনেৰে ইংলেণ্ডৰ বিপক্ষে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰে ভাৰতে। এই জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে আজি কটকত শৃংখলাৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হ’ব মেন ইন ব্লু। কিছু সময়ৰ পিছতে, ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন। কটকত আজি জয়লাভ কৰিলেই শৃংখলা নিজৰ দখললৈ আনিব পাৰিব ভাৰতে। সেয়ে এই মেচখনত ভাৰতীয় দলে পূৰ্ণশক্তিৰে অৱতীৰ্ণ হ’ব বুলি আশা কৰিছে অনুৰাগীয়ে। এইপৰ্যন্ত মেচখনৰ বাবে ভাৰতৰ মূল একাদশ পোহৰলৈ অহা নাই।

অৱশ্যে আজি ভাৰতীয় দলৰ মূল একাদশত পৰিৱৰ্তনৰ সম্ভাৱনা আছে। নাগপুৰত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত আঘাতৰ বাবে খেলিব পৰা নাছিল কোহলীয়ে। অনুশীলনৰ সময়তে সোঁ আঁঠুত আঘাত পোৱাৰ ফলত কোহলী মেচখনৰ পৰা বাহিৰ হৈছিল। অৱশ্যে কোহলীৰ আঘাত বিশেষ গুৰুতৰ নহয় বুলি সূত্ৰই প্ৰকাশ কৰিছিল আৰু আজি কটকত তেওঁক মূল একাদশত দেখা পোৱা যাব বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

কোহলীৰ অন্তৰ্ভুক্তিৰ লগে লগে নাগপুৰ মেচত অংশ লোৱা কোনো এগৰাকী খেলুৱৈয়ে স্থান এৰিব লাগিব। এইক্ষেত্ৰত যশস্বী জয়ছোৱাল আজি দলৰ পৰা বাহিৰত থকাৰ সম্ভাৱনাই অধিক। প্ৰথমখন মেচত জয়ছোৱালে ৰোহিত শৰ্মাৰ সৈতে দলৰ ইনিংছ আৰম্ভ কৰিছিল। অৱশ্যে অভিষেক মেচখনত আশা কৰাৰ দৰে প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল জয়ছোৱাল। মেচখনত ২২টা বলত ১৫ ৰান সংগ্ৰহ কৰি বিদায় লৈছিল যুৱ বেটাৰগৰাকীয়ে।

ইফালে এই মেচখনত প্ৰথম অৱস্থাত শ্ৰেয়স আয়াৰক মূল একাদশত অন্তৰ্ভুক্ত কৰাৰ কথা নাছিল বুলি পোহৰলৈ আহিছে। কোহলীৰ আঘাতৰ বাবেহে আয়াৰে মূল একাদশত স্থান লাভ কৰিছিল আৰু এই সুযোগ কাৰ্যকৰী কৰি তেওঁ এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছ খেলিছিল। সেয়ে আজিও আয়াৰে মূল দলত স্থান পোৱাটো নিশ্চিত। তেনে পৰিস্থিতিত জয়ছোৱালেই দলৰ পৰা আজি বাহিৰ হোৱাৰ সম্ভাৱনা আছে।

জয়ছোৱাল একাদশৰ পৰা বাহিৰ হ’লে আজি গিলে ৰোহিতৰ সৈতে ইনিংছ মুকলি কৰিব। অৱশ্যে এই পৰিৱৰ্তনৰ বাদেও মূল দলত আজি আন এক পৰিৱৰ্তনৰ দেখা যাব। স্পিনাৰ বৰুণ চক্ৰৱৰ্তীয়ে আজি দলৰ হৈ এদিনীয়া অভিষেক ঘটাব। অৰ্থাৎ নাগপুৰত খেলা দলৰ কোনো এগৰাকী স্পিনাৰে আজি স্থান এৰিব লাগিব। ইংলেণ্ডৰ বিপক্ষে টি-২০ শৃংখলাত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰা বৰুণে এদিনীয়াত কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া হ’ব লক্ষণীয়।

অৱশ্যে প্ৰথম মেচত বলিং আক্ৰমণে উজ্জীৱিত প্ৰদৰ্শনেই দাঙি ধৰিছিল। প্ৰাৰম্ভিক অৱস্থাত ভাৰতীয় বলিং আক্ৰমণক ইংলেণ্ডৰ দুই অপেনাৰে হেলাৰঙে খেলিছিল যদিও পৰৱৰ্তী সময়ত শক্তিশালী প্ৰদৰ্শনেৰে প্ৰত্যাৱৰ্তন ঘটাইছিল ভাৰতে। বিশেষকৈ অভিষেককাৰী হৰ্ষিত ৰাণাৰ প্ৰদৰ্শন আছিল প্ৰশংসনীয়। দীৰ্ঘদিনৰ মূৰত এদিনীয়ালৈ প্ৰত্যাৱৰ্তন কৰা অভিজ্ঞ ছামিৰ প্ৰদৰ্শনো আছিল সফল। গতিকে বলিং আক্ৰমণ আজিও ভাৰতৰ শক্তি হ’ব।

আনহাতে ৰোহিত, জয়ছোৱাল আৰু ৰাহুলৰ বাদে দলৰ বেটিং লাইন আপ সফল হৈছিল। গতিকে আজিও বেটিং বিভাগৰ পৰা উন্নত প্ৰদৰ্শন আশা কৰা হৈছে। অধিনায়ক ৰোহিতৰ প্ৰদৰ্শন অৱশ্যে ভাৰতীয় দলৰ বাবে চিন্তাৰ কাৰণ হৈ আছে। লগতে দলৰ আন এগৰাকী তাৰকা কোহলীৰ প্ৰদৰ্শনো শেহতীয়া সময়ত নিৰাশাজনক। চেম্পিয়নছ ট্ৰফীৰ প্ৰাকক্ষণত এই দুই তাৰকাই ফৰ্ম ঘূৰাই পোৱাটো দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে।