শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অনন্য কৃতিত্ব হৰ্ষিত ৰাণাৰঃ ভাৰতীয় ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে ঘটিল এনে…

নাগপুৰত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত আজি ভাৰতীয় দলৰ সন্মিলিত বলিং আক্ৰমণত অপেনিং যুটিৰ শক্তিশালী প্ৰদৰ্শনৰ পিছতো ইংলেণ্ডে মাত্ৰ ২৪৮ ৰানতে ইনিংছ সামৰে। মেচখনত বিশেষভাৱে উজলি উঠা অভিষেককাৰী পেচাৰ হৰ্ষিত ৰাণাই তিনিটা উইকেট দখল কৰে। ইয়াৰ লগে লগে যুৱ পেচাৰগৰাকীয়ে এক অনন্য কৃতিত্ব অৰ্জন কৰে।

অনন্য কৃতিত্ব হৰ্ষিত ৰাণাৰঃ ভাৰতীয় ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে ঘটিল এনে…
হৰ্ষিত ৰাণাৰ অভিলেখ
monjit-dutta
Monjit Dutta | Published: 06 Feb 2025 18:02 PM

ইংলেণ্ডৰ বিৰুদ্ধে আজিৰ পৰা তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত অৱতীৰ্ণ হৈছে ভাৰতীয় দল। আজি নাগপুৰত অনুষ্ঠিত হৈছে এই শৃংখলাৰ প্ৰথমখন মেচ। এই মেচখনত ভাৰতীয় বলিং আক্ৰমণে প্ৰাৰম্ভিক বিপৰ্যয় নেওচি দুৰন্ত প্ৰত্যাৱৰ্তনেৰে ইংলেণ্ডক মাত্ৰ ২৪৮ ৰানতে সীমাবদ্ধ কৰি ৰাখে। দুই ইংৰাজ অপেনাৰ ফিল ছল্ট আৰু বেন ডাকেটে বিস্ফোৰক বেটিঙেৰে মাত্ৰ ৮.৫ অভাৰতে ৭৫ ৰানৰ যুটি বান্ধি ভাৰতীয় বলিং আক্ৰমণক বিপৰ্যস্ত কৰি তুলিছিল যদিও ইয়াৰ পিছতে পতন ঘটে দলটোৰ এই শক্তিশালী স্থিতিৰ।

ভাৰতীয় দলৰ সন্মিলিত বলিং আক্ৰমণত অপেনিং যুটিৰ এনে প্ৰদৰ্শনৰ পিছতো ইংলেণ্ডে মাত্ৰ ২৪৮ ৰানতে ইনিংছ সামৰে। মেচখনত বিশেষভাৱে উজলি উঠে অভিষেককাৰী পেচাৰ হৰ্ষিত ৰাণা। বিগত বৰ্ষৰ শেষৰ ফালে অষ্ট্ৰেলিয়াৰ বিপক্ষে টেষ্টত আৰু ইংলেণ্ডৰ বিপক্ষে সদ্যসমাপ্ত টি-২০ শৃংখলাৰ জৰিয়তে টি-২০ ফৰ্মেটত অভিষেক ঘটোৱাৰ পিছত আজি এদিনীয়া ফৰ্মেটত অভিষেক ঘটাইছে যুৱ পেচাৰগৰাকীয়ে।

নিজৰ কেৰিয়াৰৰ প্ৰথমখন এদিনীয়াতে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে হৰ্ষিতে। ইংলেণ্ডৰ ইনিংছত নিজৰ প্ৰথম অভাৰত ১১ ৰান খৰচ কৰিছিল যদিও দ্বিতীয় অভাৰত মেইডেন দিয়ে পেচাৰগৰাকীয়ে। কিন্তু তৃতীয় অভাৰত ছল্টে ২৬ ৰান সংগ্ৰহ কৰি হৰ্ষিতক চাপত পেলায়। এনে চাপৰ পিছতো অৱশ্যে হৰ্ষিতে নিজৰ স্পেলৰ চতুৰ্থ অভাৰত দুটাকৈ উইকেট দখল কৰি কেৱল নিজৰেই নহয়, ভাৰতীয় দলৰো প্ৰত্যাৱৰ্তন ঘটায়।

এই অভাৰটোত ডাকেট আৰু ব্ৰুকৰ উইকেট দখল কৰাৰ পিছত ইনিংছৰ ৩৬ তম অভাৰত লিয়াম লিভিংষ্টনৰ ৰূপত নিজৰ তৃতীয়টো উইকেট দখল কৰে হৰ্ষিত ৰাণাই। ইয়াৰ লগে লগে যুৱ পেচাৰগৰাকীয়ে এক অনন্য কৃতিত্ব অৰ্জন কৰে। টেষ্ট, এদিনীয়া আৰু টি-২০- এই তিনিওটা ফৰ্মেটতে তিনিটা বা তাতোধিক উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেট ইতিহাসৰ প্ৰথমগৰাকী খেলুৱৈ ৰূপে পৰিগণিত হয় হৰ্ষিত।

ৰাণাই নিজৰ টেষ্ট অভিষেকত ৪টা উইকেট দখল কৰাৰ বিপৰীতে ইংলেণ্ডৰ বিপক্ষে টি-২০ত চাবষ্টিটিউট হিচাপে অভিষেক ঘটাই ৩টা উইকেট দখল কৰিছিল। এতিয়া এদিনীয়া অভিষেকতো ৩টা উইকেট দখল কৰিছে যুৱ পেচাৰগৰাকীয়ে। নিজৰ ৭ অভাৰৰ স্পেলত ১ অভাৰ মেইডেন দি ৫৩ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰি হৰ্ষিতে আকাংক্ষিত অভিষেক ঘটায়। হৰ্ষিতৰ লগতে জাদেজাই দৰ্শনীয় বলিঙেৰে ৯ অভাৰত ২৬ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰে।

আনহাতে এদিনীয়ালৈ প্ৰত্যাৱৰ্তন ঘটোৱা ছামি আৰু কুলদীপৰ লগতে অক্ষৰ পেটেলে এটাকৈ উইকেট দখল কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক বাটলাৰে ৫২ ৰানৰ সৰ্বাধিক অৱদান আগবঢ়োৱাৰ বিপৰীতে বেথেলৰ বেটলৰ পৰা আহে আকৰ্ষণীয় ৫১ ৰানৰ অৰ্ধশতকীয় ইনিংছ। আনহাতে ছল্টে সংগ্ৰহ কৰে বিস্ফোৰক ৪৩ ৰান। ইফালে ভাৰতে লক্ষ্য অনুসৰণ কৰি এইপৰ্যন্ত কোনো উইকেট নেহেৰুৱাকৈ ৭ ৰান সংগ্ৰহ কৰিছে।