5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিৰাট দ্য আনষ্টপেব’ল ৰান মেচিন! ২৭ হাজাৰ ক্লাবত কোহলী, ভংগ শচীনৰ ৰেক’ৰ্ড

বাংলাদেশৰ বিৰুদ্ধে চলিত কানপুৰ টেষ্টৰ আজি চতুৰ্থ দিনা বিৰাট কোহলীয়ে নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সম্পূৰ্ণ কৰে ২৭০০০ ৰান। নিজৰ ইনিংছত ৩৫ ৰান সংগ্ৰহ কৰাৰ লগে লগে কোহলীয়ে স্পৰ্শ কৰে এই অনন্য মাইলষ্ট’ন। এইদৰে ক্ৰিকেট ইতিহাসৰ কেৱল চতুৰ্থগৰাকী খেলুৱৈ হিচাপে ২৭ হাজাৰ ৰানৰ ক্লাবত অন্তৰ্ভুক্ত হয় কোহলীৰ নাম।

বিৰাট দ্য আনষ্টপেব’ল ৰান মেচিন! ২৭ হাজাৰ ক্লাবত কোহলী, ভংগ শচীনৰ ৰেক’ৰ্ড
বিৰাট কোহলীৰ আন এক ঈৰ্ষণীয় কৃতিত্ব
monjit-dutta
Monjit Dutta | Published: 30 Sep 2024 17:09 PM

ক্ৰিকেট ইতিহাসৰে এগৰাকী অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে ইতিমধ্যেই নিজৰ নাম সন্নিৱিষ্ট কৰিছে ভাৰতীয় তাৰকা বিৰাট কোহলীয়ে। অনুৰাগীৰ পৰা আৰম্ভ কৰি প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞই ইতিমধ্যে স্বীকৃতি দিছে কোহলীৰ শ্ৰেষ্ঠত্বক। ৰানৰ প্ৰতি থকা অসামান্য ক্ষুধাৰ বাবে ক্ৰিকেট জগতত পৰিচিত হৈ পৰিছে আনষ্টপেব’ল ৰান মেচিন হিচাপে। নিজ কেৰিয়াৰত অসংখ্য অভিলেখ সৃষ্টিৰে চমক সৃষ্টি কৰা বিৰাট কোহলীয়ে আজি অৰ্জন কৰিছে অন্য এক ঈৰ্ষণীয় কৃতিত্ব, নিজৰ নামত সন্নিৱিষ্ট কৰিছে আন এক আকৰ্ষণীয় অভিলেখ।

বাংলাদেশৰ বিৰুদ্ধে চলিত কানপুৰ টেষ্টৰ আজি চতুৰ্থ দিনা বিৰাট কোহলীয়ে নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সম্পূৰ্ণ কৰে ২৭০০০ ৰান। নিজৰ ইনিংছত ৩৫ ৰান সংগ্ৰহ কৰাৰ লগে লগে কোহলীয়ে স্পৰ্শ কৰে এই অনন্য মাইলষ্ট’ন। এইদৰে ক্ৰিকেট ইতিহাসৰ কেৱল চতুৰ্থগৰাকী খেলুৱৈ হিচাপে ২৭ হাজাৰ ৰানৰ ক্লাবত অন্তৰ্ভুক্ত হয় কোহলীৰ নাম। এইক্ষেত্ৰত তেওঁ আন এক ৰেকৰ্ডৰো অধিকাৰী হয়।

কেৰিয়াৰত ২৭ হাজাৰ ৰান সম্পূৰ্ণ কৰি ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ, প্ৰাক্তন অষ্ট্ৰেলিয়ান তাৰকা ৰিকি পণ্টিং আৰু শ্ৰীলংকাৰ প্ৰাক্তন তাৰকা কুমাৰ ছাংগাকাৰাৰ সৈতে এতিয়া একে শাৰীত স্থান লাভ কৰিছে বিৰাট কোহলীয়ে। কিন্তু এই তিনি তাৰকাক অতিক্ৰম কৰি কোহলীয়ে দ্ৰুততম ২৭ হাজাৰ আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহৰ অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰে।

কোহলীয়ে নিজ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ৫৯৪ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে। তেওঁৰ পূৰ্বে দ্ৰুততম ২৭ হাজাৰ ৰানৰ অভিলেখ আছিল শচীন তেণ্ডুলকাৰৰ নামত। তেণ্ডুলকাৰে ৬২৩ ইনিংছত ২৭ হাজাৰ ৰানৰ সম্পূৰ্ণ কৰিছিল। আনহাতে কুমাৰ ছাংগাকাৰাই ৬৪৮ টা ইনিংছ আৰু ৰিকি পণ্টিঙে ৬৫০টা ইনিংছত সম্পূৰ্ণ কৰিছিল নিজ নিজ কেৰিয়াৰৰ ২৭ হাজাৰ ৰান।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম ১৫ ৰান, ২০ হাজাৰ ৰান সংগ্ৰহৰ অভিলেখো আছে কোহলীৰ নামত। কেৰিয়াৰৰ ৩৩৩ টা ইনিংছত ১৫ ৰান সম্পূৰ্ণ কৰা কোহলীয়ে ৪১৭ টা ইনিংছত ২০ হাজাৰ ৰান সম্পূৰ্ণ কৰি এই অভিলেখৰ গৰাকী হৈছিল। আনহাতে ২৩২ টা ইনিংছত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰি এই কৃতিত্ব অৰ্জন কৰা দ্ৰুততম ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল কোহলী।

এইপৰ্যন্ত কোহলীয়ে ১১৪ খন টেষ্টৰ ১৯৩ টা ইনিংছত ২৯ টা শতক আৰু ৩০ টা অৰ্ধশতকেৰে ৮৮৭১ ৰান সংগ্ৰহ কৰিছে। আনহাতে ২৯৫ খন এদিনীয়াৰ ২৮৩ টা ইনিংছত তেওঁ ৫০ টা শতক আৰু ৭২ টা অৰ্ধশতকেৰে ১৩,৯০৬ ৰান আৰু ১২৫ খন টি-২০ৰ ১১৭ টা ইনিংছত এটা শতক আৰু ৩৮ টা অৰ্ধশতকেৰে ৪,১৮৮ ৰান সংগ্ৰহ কৰিছে।

Latest News