১৯ অনুৰ্ধ এছিয়া কাপ ২০২৪ ত বাংলাদেশৰ হাতত পৰাস্ত টীম ইণ্ডিয়া…
১৯৯ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ অহা ভাৰতীয় দলৰ প্ৰদৰ্শন অতি নিম্ন আছিল। আয়ুষ মাহত্ৰে ৪ ৰান কৰিয়েই পেভেলিয়ানলৈ উভতে। ইয়াৰ পাছত এটাৰ পাছত আন এটা উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে দলটোয়ে।

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি ভাৰত আৰু বাংলাদেশৰ দলৰ মাজত ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৪ৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। এই মেচখনত বাংলাদেশ ভাৰতীয় দলটোক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল কৰে। দুয়োটা দলৰ মাজত এইখন খেলত স্ক’ৰ অতি কম আছিল আৰু বাংলাদেশ দলে আচৰিত প্ৰদৰ্শন কৰি জয়ী হ’বলৈ সক্ষম হয়।বাংলাদেশ টীমে একেৰাহে দ্বিতীয়বাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰে।
উল্লেখ কৰা প্ৰয়োজন যে, এই টুৰ্নামেন্টখন ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে খেলা হৈছিল। বাংলাদেশৰ দলটো ১৯ বছৰৰ অনুৰ্ধৰ এছিয়া কাপৰ ইতিহাসত দ্বিতীয়টো দল যিয়ে দ্বিতীয়বাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে ভাৰতে এতিয়ালৈকে ৮ টা খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। এই দুটা দলৰ বাহিৰেও পাকিস্তান আৰু আফগানিস্তানে এই প্ৰতিযোগিতাত ১ বাৰকৈ জয়লাভ কৰিছে। ফাইনেলত টিম ইণ্ডিয়াৰ পৰাজয়ৰ সন্মুখীন হোৱা এয়াই প্ৰথম। ইয়াৰ পূৰ্বে ভাৰতীয় দলটোৱে যেতিয়াই ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেল খেলিছিল তেতিয়াই খিতাপলাভ কৰিবলৈ সক্ষম হৈছিল।
এই মেচত ভাৰতীয় দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথম অৱস্থাত বলাৰে ভাল প্ৰদৰ্শন কৰে। বাংলাদেশ দলটোৱে ১৯৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক। এই সময়চোৱাত যুধাজিৎ গুহা, চেতন শৰ্মা আৰু হাৰ্দিক ৰাজে ২-২ উইকেট দখল কৰে। আনহাতে, কিৰণ চোৰমালে, কে পি কাৰ্থিকেয়া আৰু আয়ুষ মাহত্ৰেই ১টাকৈ উইকেট দখল কৰে। আনহাতে বাংলাদেশৰ হৈ ৰিজান হাছানে সৰ্বাধিক ৪৭ ৰান সংগ্ৰহ কৰে। মহম্মদ শ্বিহাব জেমছেও ৪০ ৰান, ফৰিদ হাছানেও ৩৯ ৰানৰ ইনিংছ খেলে।
১৯৯ ৰানৰ লক্ষ্য আগত লৈ খেলিবলৈ অহা ভাৰতীয় দলৰ প্ৰদৰ্শন অতি নিম্ন আছিল। আয়ুষ মাহত্ৰে ৪ ৰান কৰিয়েই পেভেলিয়ানলৈ উভতে। ইয়াৰ পাছত এটাৰ পাছত আন এটা উইকেট হেৰুৱাবলৈ আৰম্ভ কৰে দলটোয়ে। বৈভৱ সূৰ্যবংশীয়েও এই মেচত মাত্ৰ ৯ ৰান কৰে। ইয়াৰ লগতে কে পি কাৰ্তিকেয়াই ২১ ৰান সংগ্ৰহ কৰাৰ লগতে চি আন্দ্ৰে সিদ্ধাৰ্থেও ২০ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে। নিখিল কুমাৰে ১ ৰান কৰিবলৈও সক্ষম নহয়। অধিনায়ক মহম্মদ আমানৰ প্ৰদৰ্শন উন্নত আছিল যদিও এয়া দলটোৰ জয়ৰ বাবে পৰ্যাপ্ত নাছিল। এই খেলত ভাৰতীয় দলটোৱে ৩৫.২ অভাৰৰ খেল খেলি মাত্ৰ ১৩৯ ৰান কৰিবলৈ সক্ষম হয়।