ভাৰতীয় টি-২০ দল ঘোষণাঃ সুৰক্ষিত ৰিয়ানৰ স্থান, নতুন মুখৰ ৰূপত যুৱ পেচ চাঞ্চল্যসহ দুই তাৰকা
বাংলাদেশৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে শনিবাৰে নিশা ভাৰতীয় দল ঘোষণা কৰে বিচিচিআইয়ে। ঘোষিত এই দলটোত স্থান লাভ কৰিছে অসম সন্তান ৰিয়ান পৰাগে। তদুপৰি গত সংস্কৰণৰ আই পি এলত চাঞ্চল্যৰ সৃষ্টি কৰা এগৰাকী যুৱ পেচাৰ আৰু এগৰাকী অলৰাউণ্ডাৰেও প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে।
চলিত টেষ্ট শৃংখলাৰ পিছতে বাংলাদেশৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। এই শৃংখলাৰ বাবে শনিবাৰে নিশা বিচিচিআইয়ে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰে। সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ঘোষিত এই দলটোত বিশ্ৰাম দিয়া হৈছে কেইবাগৰাকীও জ্যেষ্ঠ খেলুৱৈক। আনহাতে দলটোত সমাহাৰ ঘটিছে বহুকেইগৰাকী যুৱ খেলুৱৈৰ। অসম সন্তান ৰিয়ান পৰাগৰ স্থানো সুৰক্ষিত হৈ আছে ভাৰতীয় দলত। ৰিয়ানৰ ওপৰত আস্থা প্ৰকাশ কৰি নিৰ্বাচকে ঘোষিত দলটোত ৰিয়ানকো অন্তৰ্ভুক্ত কৰিছে। ইফালে এই শৃংখলাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে দুই যুৱ তাৰকাই।
কেৱল সিমানেই নহয়, প্ৰায় ৩ বছৰৰ পিছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে এগৰাকী স্পিন তাৰকাৰো। ইফালে দীৰ্ঘসময় ধৰি দলৰ বাহিৰত থকা ঈশান কিষাণৰ এই শৃংখলাৰ জৰিয়তে প্ৰত্যাৱৰ্তন ঘটিব পাৰে বুলি যথেষ্ট চৰ্চা চলিছিল যদিও ঈশানক দলত স্থান দিয়া নাই নিৰ্বাচকে। আনহাতে সম্প্ৰতি টেষ্ট শৃংখলাত ব্যস্ত থকা যশপ্ৰীত বুমৰাহ, শুভমন গিল, যশস্বী জয়ছোৱাল, ঋষভ পণ্ট, অক্ষৰ পেটেল, মহম্মদ চিৰাজৰ তাৰকাক এই শৃংখলাত বিশ্ৰাম দিয়া হৈছে।
ঘোষিত দলটোত স্থান লাভ কৰিছে বিগত সংস্কৰণৰ আই পি এলত নিজৰ দুৰন্ত গতিৰে আলোড়নৰ সৃষ্টি কৰা যুৱ পেচ চাঞ্চল্য মায়াংক যাদৱে। নিয়মিতভাৱে ঘণ্টাত ১৫০ কিলোমিটাৰতকৈ অধিক বেগত বলিং কৰি সমগ্ৰ ক্ৰিকেট বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা মায়াংক যাদৱে শীঘ্ৰেই ভাৰতীয় দলত স্থান লাভ কৰিব বুলি আই পি এলৰ সময়তে চৰ্চা চলিছিল। আঘাতৰ বাবে এই অপেক্ষা কিছু দীঘলীয়া হ’লেও বাংলাদেশৰ বিপক্ষে শৃংখলাত অৱশেষত এই সুযোগ আহিল মায়াংকলৈ।
মায়াংকৰ লগতে গত সংস্কৰণৰ আই পি এলত ক্ৰিকেট অনুৰাগী তথা বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰা আন এগৰাকী যুৱ তাৰকা অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীকো প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ জনোৱা হৈছে। আক্ৰমণাত্মক বেটিঙৰ লগতে নিৰ্ভৰযোগ্য বলিঙেৰে নীতিশেও আই পি এলৰ সময়তে নিজকে ভাৰতীয় দলৰ এগৰাকী সম্ভাৱ্য তাৰকা হিচাপে প্ৰমাণ কৰি তুলিছিল। এনে প্ৰদৰ্শনৰ সুবাদতে ইমাৰ্জিং প্লেয়াৰ অৱ দ্য ছিজন হিচাপে নিৰ্বাচিত হৈছিল নীতিশ।
ইফালে প্ৰায় ৩ বছৰৰ মূৰত জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিছে স্পিনাৰ বৰুণ চক্ৰৱৰ্তীৰ। আই পি এলত আগবঢ়োৱা সুন্দৰ প্ৰদৰ্শনৰ সুবাদত ২০২১ চনৰ টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা বৰুণে অৱশ্যে আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত বিফল হৈছিল আৰু ইয়াৰ পিছতে দলৰ পৰা বাদ পৰিছিল বৰুণ। অৱশ্যে শেহতীয়া আই পি এলত বৰুণে উন্নত প্ৰদৰ্শন আগবঢ়াই নিজ ফ্ৰেন্সাইজি কলকাতাৰ খিতাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
লক্ষণীয়ভাৱে এই সংস্কৰণত ভাৰতীয় দলৰ বৰ্তমানৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ কলকাতাৰ নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে আছিল। সেই সূত্ৰেও ভাৰতীয় দলৰ দ্বাৰ বৰুণৰ বাবে পুনৰবাৰ মুকলি হোৱা বুলিব পাৰি। কলকাতা দলৰে আন এগৰাকী যুৱ সদস্য হৰ্ষিত ৰাণায়ো স্থান লাভ কৰিছে দলত। লক্ষণীয়ভাৱে এই দলটোত ছয়গৰাকীকৈ অলৰাউণ্ডাৰক স্থান দিয়া হৈছে। আনহাতে চেমছন আৰু জীতেশ শৰ্মাৰ ৰূপত আছে দুগৰাকী উইকেটৰক্ষক বেটাৰ।
টি-২০ শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক),হাৰ্দিক পাণ্ডিয়া, অভিষেক শৰ্মা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণৈ, বৰুণ চক্ৰৱৰ্তী, জিতেশ শৰ্মা (উইকেটকীপাৰ), অৰ্শদীপ সিং, হৰ্ষিত ৰাণা আৰু মায়াংক যাদৱ।