5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কানপুৰত ভাৰতৰ বেটিং বিক্ৰমঃ ৰচিলে কেইবাটাও অভিলেখ, অনন্য কৃতিত্ব অৰ্জিলে জাদেজাই

সম্পূৰ্ণ দুটা দিন বৰষুণৰ বাবে নষ্ট হোৱাৰ পিছত আজি পুনৰ আৰম্ভ হৈছে কানপুৰ টেষ্টৰ খেল। প্ৰথম দিনা ৩ উইকেটত ১০৭ ৰানৰ পৰা বেটিং আৰম্ভ কৰি বাংলাদেশে আজি ২৩৩ ৰানত ইনিংছ সামৰে। ইয়াৰ পিছতে বেটিং আৰম্ভ কৰা ভাৰতীয় দলে আক্ৰমণাত্মক শৈলীৰে ইনিংছ আৰম্ভ কৰি কেইবাটাও অভিলেখ সৃষ্টি কৰিছে।

কানপুৰত ভাৰতৰ বেটিং বিক্ৰমঃ ৰচিলে কেইবাটাও অভিলেখ, অনন্য কৃতিত্ব অৰ্জিলে জাদেজাই
কানপুৰত ভাৰতৰ বেটিং বিক্ৰম
monjit-dutta
Monjit Dutta | Published: 30 Sep 2024 16:24 PM

বৰ্ষা বিঘ্নিত কানপুৰ টেষ্টৰ আজি চতুৰ্থ দিন। সম্পূৰ্ণ দুটা দিন বৰষুণৰ বাবে নষ্ট হোৱাৰ পিছত আজি পুনৰ আৰম্ভ হৈছে খেল। প্ৰথম দিনা ৩ উইকেটত ১০৭ ৰানৰ পৰা বেটিং আৰম্ভ কৰি বাংলাদেশে আজি ২৩৩ ৰানত ইনিংছ সামৰে। ইয়াৰ পিছতে বেটিং আৰম্ভ কৰা ভাৰতীয় দলে আক্ৰমণাত্মক শৈলীৰে আৰম্ভ কৰে ইনিংছ। ভাৰতীয় অপেনিং যুটী অধিনায়ক ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে প্ৰথমৰ পৰাই আক্ৰমণাত্মক বেটিং প্ৰদৰ্শন কৰে। বাংলাদেশ বলিং আক্ৰমণক প্ৰায় থানবান কৰি মাত্ৰ ৩.৫ অভাৰতে ৫৫ ৰান যোগ দিয়ে।

দুয়োৰে এই বিস্ফোৰক বেটিঙৰ সুবাদত মাত্ৰ ৩ অভাৰতে ভাৰতে ৫০ ৰানৰ সীমা স্পৰ্শ কৰে। এইদৰে ভাৰতীয় দলে টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্ৰুততম ৫০ ৰানৰ অভিলেখ ৰচে। এই অভিলেখ আছিল ইংলেণ্ড ক্ৰিকেট দলৰ নামত। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে চলিত বৰ্ষতে নটিংহামত ইংলেণ্ডে ৪.২ অভাৰত ৫০ ৰান সংগ্ৰহ কৰি অভিলেখ ৰচিছিল। কিন্তু ভাৰতীয় দলে আজি মাত্ৰ ৩ অভাৰতে ৫০ ৰান সংগ্ৰহ কৰি এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰে।

অৱশ্যে দলীয় স্ক’ৰ ৫৫ ৰানত পতন ঘটে অধিনায়ক ৰোহিতৰ উইকেট। কিন্তু ইয়াৰ পিছতো ভাৰতীয় দলে আক্ৰমণাত্মক বেটিং শৈলী অব্যাহত ৰাখে। গিল আৰু জয়ছোৱালে মিলি দলীয় ইনিংছ আগবঢ়াই নিয়ে আৰু দুয়োৰে চমকপ্ৰদ বেটিঙৰ সহায়ত ভাৰতে টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুত দলীয় শতকীয় স্ক’ৰৰ বিশ্ব অভিলেখো ভংগ কৰি নতুন অভিলেখ গঢ়ে। এইক্ষেত্ৰত ভাৰতে অতিক্ৰম কৰে নিজৰে পূৰ্বৰ অভিলেখ।

মাত্ৰ ১০.১ অভাৰত (৬১টা বলত) শতকৰ ঘৰ স্পৰ্শ কৰি ভাৰতীয় দলে নতুন অভিলেখ স্থাপন কৰে। ইয়াৰ পূৰ্বেও ভাৰতৰ নামতে এই অভিলেখ সন্নিৱিষ্ট হৈ আছিল। ২০২৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১২.২ অভাৰতে দলীয় শতক অৰ্জন কৰি এই অভিলেখ ৰচিছিল ভাৰতে। অৰ্ধশতকীয় আৰু শতকীয় স্ক’ৰৰ পিছত ভাৰতে ১৫০ আৰু ২০০ ৰানৰ দলীয় টেষ্ট স্ক’ৰৰ ক্ষেত্ৰতো নতুন অভিলেখ স্থাপন কৰিছে।

ইনিংছৰ ১৮.২ অভাৰত স্ক’ৰবৰ্ডত ১৫০ ৰান সংযোগ কৰি ভাৰতে পুনৰ এবাৰ নিজৰ অভিলেখ ভ্ংগ কৰে। ইয়াৰ পূৰ্বে ৱেষ্ট ইনিণ্ডৰ বিপক্ষে টেষ্টতে ২১.১ অভাৰত ১৫০ ৰান সংগ্ৰহ কৰি এই অভিলেখ ৰচিছিল। ইয়াৰ পিছতে ২৪.২ অভাৰত ২০০ ৰান সংগ্ৰহ কৰি ভাৰতে এই ক্ষেত্ৰতো দ্ৰুততম অভিলেখৰ গৰাকী হয়। ইয়াৰ পূৰ্বে ২০১৭ চনত চিডনীত অষ্ট্ৰেলিয়াই পাকিস্তানৰ বিপক্ষে ২৮.১ অভাৰত ২০০ ৰান সংগ্ৰহ কৰি এই অভিলেখ ৰচিছিল।

ইফালে বাংলাদেশৰ প্ৰথম ইনিংছত এটা উইকেট দখল কৰি ৰবীন্দ্ৰ জাদেজাই আন এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰে। বাংলাদেশৰ ইনিংছৰ অন্তিমটো উইকেট দখল কৰি জাদেজাই টেষ্ট কেৰিয়াৰত নিজৰ ৩০০ উইকেট সম্পূৰ্ণ কৰে। এইদৰে টেষ্টত ৩০০ উইকেট দখল কৰা দেশৰ সপ্তমগৰাকী বলাৰ হিচাপে পৰিগণিত হয় তাৰকা অলৰাউণ্ডাৰগৰাকী। জাদেজাৰ পূৰ্বে অনিল কুম্বলে (৬১৯), আৰ অশ্বিন (৫২৪), কপিল দেৱ (৪৩৪), হৰভজন সিং (৪১৭), ইশান্ত শৰ্মা (৩১১) আৰু জাহিৰ খান (৩১১)- এ এই কৃতিত্ব অৰ্জন কৰিছে।

Latest News