বিপক্ষই বুজে, নুবুজে দলেহে! পুনৰ ব্যৰ্থ ৰোহিত, ৰাহুললৈ এই বাণী লায়নৰ
মেলবৰ্ণ টেষ্টত আজি ৰাহুলৰ পৰিৱৰ্তে জয়ছোৱালৰ সৈতে ভাৰতৰ ইনিংছ মুকলি কৰে অধিনায়ক ৰোহিতে। কিন্তু টেষ্টত ব্যৰ্থতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজি পুনৰ ব্যৰ্থ হৈ আৰম্ভণিতেই ক্ৰীজ এৰে ৰোহিত শৰ্মাই। ইয়াৰ পিছতে ক্ৰীজলৈ অহা ৰাহুলক উদ্দেশ্যি অষ্ট্ৰেলিয়ান তাৰকা নাথান লায়নে কৰা এক প্ৰশ্নই ব্যাপক চৰ্চা লাভ কৰিছে।
মেলবৰ্ণত চলি থকা বক্সিং ডে’ টেষ্টৰ দ্বিতীয়া দিনাৰ খেল ইতিমধ্যে সমাপ্ত হৈছে। দ্বিতীয় দিনাৰ খেলৰ সমাপ্তিলৈ এই মেচখনত শক্তিশালী স্থিতিত উপনীত হৈছে। অষ্ট্ৰেলিয়াৰ ৪৭৪ ৰানৰ বৃ্হৎ স্ক’ৰৰ প্ৰত্যুত্তৰত ভাৰতে দ্বিতীয় দিনাৰ সমাপ্তিলৈ ১৬৪ ৰানত ৫টা উইকেট হেৰুৱাইছে। ঘৰুৱা দলটোৰ স্ক’ৰতকৈ এতিয়াও ৩১০ ৰানত পিছ পৰি আছে ভাৰতীয় দল। মেচখনত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ প্ৰত্যুত্তৰত ইনিংছ আৰম্ভ কৰি প্ৰথমতেই উজুটি খায় ভাৰতীয় দলে। লক্ষণীয়ভাৱে আজি ৰাহুলৰ পৰিৱৰ্তে জয়ছোৱালৰ সৈতে ভাৰতৰ ইনিংছ মুকলি কৰে অধিনায়ক ৰোহিতে।
কিন্তু টেষ্টত ব্যৰ্থতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আজি পুনৰ ব্যৰ্থ হৈ আৰম্ভণিতেই ক্ৰীজ এৰে ৰোহিত শৰ্মাই। ইনিংছৰ দ্বিতীয় অভাৰতে ৰোহিতক বিদায় দিয়ে পেট কামিন্সে। অপেনিঙত ৰোহিতৰ ব্যৰ্থতাৰ পিছতে এই সিদ্ধান্তক লৈ ব্যাপক সমালোচনাৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বৰ তিনিখন মেচত ৰাহুলে অপেনাৰ হিচাপে আশানুৰূপ প্ৰদৰ্শন আগবঢ়াই আহিছিল। সেয়ে মেলবৰ্ণত ৰাহুলৰ বেটিং ক্ৰমৰ পৰিৱৰ্তনৰ সিদ্ধান্তক মানিব পৰা নাই বহু ক্ৰিকেট বিশেষজ্ঞ তথা অনুৰাগীয়ে।
জয়ছোৱালৰ সৈতে ইনিংছ মুকলি কৰিবলৈ ক্ৰীজলৈ অহা ৰোহিতে মাত্ৰ ৩ ৰান সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতে। ৰোহিতৰ বিদায়ৰ পিছত বেটিং ক্ৰমৰ তৃতীয় স্থানত বেটিং কৰিবলৈ আহে ৰাহুল। চলিত শৃংখলাত তুলনামূলকভাৱে কিছু সফল হোৱা ৰাহুলে আজিও প্ৰত্যাশিত আৰম্ভণি ঘটায়। ধৈৰ্যশীল বেটিঙেৰে জয়ছোৱালৰ সৈতে ইনিংছ আগবঢ়াই নিয়াৰ চেষ্টা চলায় ৰাহুলে।
কিছুসময় ক্ৰীজত খোপনি পোতাৰ পিছত ৰাহুলে ৪২টা বলত ২৪ ৰান সংগ্ৰহ কৰে। ইফালে ৰাহুলে বেটিং কৰিবলৈ ক্ৰীজলৈ অহাৰ সময়তে তেওঁৰ কাষ চাপি আহে অষ্ট্ৰেলিয়ান তাৰকা নাথান লায়ন। ৰাহুলক উদ্দেশ্যি লায়নে কৰে এক বিশেষ মন্তব্য। অপেনিঙৰ পৰিৱৰ্তে তৃতীয় স্থানত বেটিং কৰিবলৈ অহাৰ বাবে ৰাহুলক লায়নে কি ভুল কৰাৰ বাবে এইদৰে বেটিং ক্ৰমৰ এটা স্থান তললৈ আহিবলগা হ’ল বুলি প্ৰশ্ন কৰে।
লায়নৰ এই প্ৰশ্নৰ ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত। এই প্ৰসঙ্গত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ ভাৰতীয় অনুৰাগীয়েও। ৰাহুলৰ বেটিং ক্ৰমৰ পৰিৱৰ্তনৰ সিদ্ধান্ত ভুল বুলি দাবী কৰিছে তেওঁলোকে। উল্লেখ্য যে টেষ্ট ক্ৰিকেটত ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ অহা ৰোহিত শৰ্মাৰ যোৱা ১৪ টা টেষ্ট ইনিংছৰ প্ৰদৰ্শন চূড়ান্ত হতাশাজনক। যোৱা ১৪ ইনিংছত তেওঁ মাত্ৰ মাত্ৰ ১১.০৭ গড়ে ১৫৫ ৰানহে কৰিবলৈ সক্ষম হৈছে।
এই সময়ছোৱাত তেওঁ মাত্ৰ এবাৰহে ৫০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হয়। এনে পৰিস্থিতিত এতিয়া ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ লগতে দলত তেওঁৰ স্থানক লৈও বহু প্ৰশ্ন উত্থাপন হৈছে। ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পিছতে ৰোহিতে টেষ্ট দলৰ পৰা স্বেচ্ছাই আঁতৰিব লাগে বুলি একাংশ ক্ষোভিত ক্ৰিকেট অনুৰাগীয়ে ক্ষোভ প্ৰকাশ কৰিছে। এতিয়া মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছৰ ব্যৰ্থতাৰ পিছত দ্বিতীয় ইনিংছত তেওঁ কেনে প্ৰদৰ্শন আগবঢ়ায় সেয়া হ’ব লক্ষণীয়।