দূৰ হ’ল ৫৮ বছৰীয়া ব্যৰ্থতাঃ এডবাষ্টনত ইতিহাস ৰচি শৃংখলাত সমতা স্থাপন ভাৰতৰ
আজি এডজবাষ্টন টেষ্টৰ অন্তিম দিনা ভাৰতে দুৰন্ত প্ৰদৰ্শনে ঘৰুৱা দলটোক পৰাস্ত কৰিলে ৩৩৬ ৰানৰ বৃহৎ ব্যৱধানত। দুয়োটা ইনিংছতে দ্বিশতক আৰু শতকেৰে এই জয়ৰ মূল কৰ্ণধাৰ হৈ পৰিল অধিনায়ক শুভমন গিল। প্ৰকৃতাৰ্থত তেওঁৰ ‘সেনাপতি’ৰ ভূমিকা গ্ৰহণ কৰি ১০ উইকেটেৰে জিলিকিল আকাশ দীপ।

লীডছ টেষ্টত পৰাজয়ৰ পিছত তীব্ৰ সমালোচিত হৈছিল শুভমন গিল নেতৃত্বাধীন যুৱ খেলুৱৈৰে ভাৰতীয় দল। এক সবল স্থিতিৰ পিছতো আকস্মিক ছন্দপতনৰ ফলত মেচখনত পৰাস্ত হৈছিল ভাৰত। ইয়াৰ পিছতে ইংলেণ্ডৰ বিপক্ষে চলিত শৃংখলাটোত ভাৰতৰ প্ৰত্যাৱৰ্তন প্ৰায় অসম্ভৱ বুলিয়েই ধাৰণা কৰিছিল সকলোৱে। তাৰ পিছতে এডজবাষ্টনত কঠিন পৰীক্ষাৰ বাবে সাজু হৈছিল যুৱ ভাৰতীয় দলটো। এই মেচখনত ভাৰতৰ মূল একাদশক লৈয়ো দেখা গৈছিল বহু লোকৰ ক্ষোভ। দলত নাছিল বলিং আক্ৰমণৰ মূল হোতা স্বয়ং যশপ্ৰীত বুমৰাহ।
পিছে প্ৰথম মেচত পৰাজয় আৰু সকলোৰে সমালোচনাই মনোবল হ্ৰাস কৰিব নোৱাৰিলে গিল বাহিনীৰ। বৰঞ্চ অধিক মানসিক শক্তিৰে প্ৰত্যাৱৰ্তনৰ লক্ষ্যৰে নামি পৰিল এডবাষ্টনত। সন্মুখৰ পৰা এই মানসিক শক্তিৰ পৰিচয় দিলে স্বয়ং অধিনায়ক গিলে, সহযোগিতা আহিল প্ৰতিগৰাকী খেলুৱৈৰে। আৰু এই দলীয় শক্তিৰে আজি এডবাষ্টনত যুৱ ভাৰতীয় দলটোৱে সৃষ্টি কৰিলে ইতিহাস, দূৰ কৰিলে ৫৮ বছৰীয়া ব্যৰ্থতা।
আজি টেষ্টখনৰ অন্তিম দিনা ভাৰতে দুৰন্ত প্ৰদৰ্শনে ঘৰুৱা দলটোক পৰাস্ত কৰিলে ৩৩৬ ৰানৰ বৃহৎ ব্যৱধানত। দুয়োটা ইনিংছতে দ্বিশতক আৰু শতকেৰে এই জয়ৰ মূল কৰ্ণধাৰ হৈ পৰিল অধিনায়ক শুভমন গিল। প্ৰকৃতাৰ্থত তেওঁৰ ‘সেনাপতি’ৰ ভূমিকা গ্ৰহণ কৰি ১০ উইকেটেৰে জিলিকিল আকাশ দীপ। লগতে অন্যতম নায়ক ৰূপে উজ্জীৱিত প্ৰদৰ্শন দাঙি ধৰিলে চিৰাজ, জয়ছোৱাল, পণ্ট আৰু জাদেজাই।
এনে সামগ্ৰিক শক্তিৰ জোৰেৰে আজি চলিত শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন কৰে ভাৰতে। উল্লেখ্য যে এডবাষ্টনত সুদীৰ্ঘ ৫৮ বছৰৰ মূৰত টেষ্টত জয়ৰ মুখ দেখিছে ভাৰতীয় দলে। ইয়াৰ লগতে বিদেশৰ মাটিত আজি ৰানৰ ক্ষেত্ৰত সৰ্ববৃহৎ জয়ৰ সোৱাদ লাভ কৰিলে ভাৰতীয় দলে। এইদৰে অধিনায়ক হিচাপে নিজৰ দ্বিতীয়খন মেচত প্ৰথম জয় ঐতিহাসিক কৰি তুলিলে শুভমন গিলে।
মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে অধিনায়ক গিলৰ অভিলেখ ২৬৯ ৰানৰ দ্বিতশকীয় ইনিংছৰ লগতে জয়ছোৱালৰ ৮৭ আৰু জাদেজাৰ ৮৯ ৰানৰ সহায়ত প্ৰথম ইনিংছত ৫৮৭ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত মহম্মদ চিৰাজ আৰু আকাশ দীপৰ যৌথ আক্ৰমণত ইংলেণ্ডে প্ৰথম ইনিংছত ৪০৭ ৰানত ইনিংছ সামৰিছিল। দলটোৰ হৈ জেমি স্মিথে ১৮৪ আৰু হেৰী ব্ৰুকে ১৫৮ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল।
ইংলেণ্ডৰ ইনিংছৰ আটাইকেইটা উইকেট দখল কৰিছিল চিৰাজ আৰু আকাশ দীপে। চিৰাজে ৬টা আৰু আকাশে ৪টা উইকেট দখল কৰে। প্ৰথম ইনিংছত ১৮০ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰাৰ পিছত ভাৰতে দ্বিতীয় ইনিংছত ৬ উইকেটত ৪২৭ ৰান সংগ্ৰহ কৰি ইনিংছ ঘোষণা কৰে। পুনৰ এবাৰ চমকপ্ৰদ বেটিঙেৰে গিলে খেলে ১৬১ ৰানৰ ইনিংছ। ৰাহুলে ৫৫, পণ্টে ৬৫ আৰু জাদেজাই ৬৯ ৰানৰ অৱদান আগবঢ়ায়।
এইদৰে ইংলেণ্ডৰ সন্মুখত ৬০৮ ৰানৰ বৃহৎ লক্ষ্য থিয় কৰায় ভাৰতে। পিছে এই লক্ষ্য অনুসৰণ কৰি চতুৰ্থ দিনৰ সামৰণিৰ ফালেই বিপদত পৰে ইংলেণ্ড। দিনটোৰ খেল সামৰণিৰ পৰলৈ ঘৰুৱা দলটোৱে ৩ উইকেটত ৭২ ৰান সংগ্ৰহ কৰিছিল। তেনে পৰিস্থিতিত কালিয়েই ভাৰতীয় দলৰ জয়ৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ পাইছিল। কিন্তু বতৰে এইক্ষেত্ৰত কিছু শংকাৰ সৃষ্টি কৰিছিল।
অৱশ্যে আজি দিনটোৰ খেল আৰম্ভণিৰ সময়ত বৰষুণে কিছু বাধা দিয়ে যদিও পিছত বতৰ মুকলি হয় আৰু ভাৰতীয় বলিং আক্ৰমণে এই সুযোগ গ্ৰহণ কৰি ইংলেণ্ডৰ বেটিং বিভাগক জুৰুলা কৰি তোলে। তাৰ মাজতে অৱশ্যে জেমি স্মিথে পুনৰ এবাৰ যুঁজ দি ৮৮ ৰানৰ এক ইনিংছ খেলে। শেষৰ ফালে ৩৮ ৰান সংগ্ৰহ কৰি অন্তিম উইকেটৰ ৰূপত ক্ৰীজ এৰে ব্ৰাইডন কাৰ্ছে।
প্ৰথম ইনিংছত চাৰিটা উইকেট দখল কৰা আকাশ দীপে দ্বিতীয় ইনিংছত ৬টা উইকেট দখল কৰে। এইদৰে নিজ টেষ্ট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে টেষ্টত ১০ উইকেট দখলৰ কৃতিত্ব অৰ্জন কৰে পেচাৰগিৰাকীয়ে। চিৰাজ, প্ৰসিধ, জাদেজা আৰু সুন্দৰে এটাকৈ উইকেট দখল কৰে। মেচখনত সৰ্বমুঠ ৪৩০ ৰান সংগ্ৰহ কৰা ভাৰতীয় অধিনায়ক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়।