শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পেৰালিম্পিক ভাৰতে ভংগ কৰিলে ৬৪ বছৰীয়া অভিলেখ ! এথলেটিকছত সৰ্বাধিক পদক লাভ

পেৰিছ পেৰালিম্পিকত সফলতাৰ নতুন কাহিনী লিখিছে ভাৰতে। ভাৰতে এথলেটিকছত অধিক পদক জিকিছে যি কেৱল এই খেলতে নহয় পেৰালিম্পিক গেমছৰ ইতিহাসৰ আন ইভেণ্টতো ইমান পদক লাভ কৰা নাছিল।

পেৰালিম্পিক ভাৰতে ভংগ কৰিলে ৬৪ বছৰীয়া অভিলেখ  ! এথলেটিকছত সৰ্বাধিক পদক লাভ
পেৰিছ পেৰালিম্পিক
trishna-kalita
Trishna Kalita | Updated On: 04 Sep 2024 12:02 PM

পেৰালিম্পিক গেমছত ভাৰতৰ অংশগ্ৰহণৰ ইতিহাস ৬৪ বছৰ পুৰণি। ভাৰতে ১৯৬০ চনৰ পৰা পেৰালিম্পিক অংশগ্ৰহণ কৰি আহিছে। কিন্তু ২০২৪ চনত যি ঘটিছে সেয়া এক নতুন ইতিহাস। এইবাৰ পেৰিছত যি ঘটিছে সেয়া আগতে কোনো পেৰালিম্পিক গেমছত হোৱা নাছিল। এইবাৰ ভাৰতে ৬৪ বছৰৰ অভিলেখ ভংগ কৰিছে। পেৰালিম্পিকত ভাৰতে পদকৰ সংখ্যাৰে অভিলেখ গঢ়াৰ ওপৰিও এয়া ভাৰতীয় এথলেটিকছত আটাইতকৈ ডাঙৰ সফলতা। নিজৰ প্ৰদৰ্শনেৰে ভাৰতীয়েয় খেলুৱৈ এইবাৰ বিশ্বক হতবাক কৰি তুলিছে। যাৰ দ্বাৰা ভাৰতে ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত নিজৰ দক্ষতা প্ৰকাশ কৰিছে।

পেৰিছ পেৰালিম্পিকৰ প্ৰথম ৬ দিনত ভাৰতে মুঠ ১০টা পদক লাভ কৰিছে । যি এক এক নতুন ইতিহাস। ইয়াৰ পূৰ্বে ভাৰতে কোনো পেৰালিম্পিক খেলত ইমান পদক জিকিব পৰা নাছিল। ভাৰতে এই ইতিহাস কেনেকৈ গঢ়িলে? কোন কোন খেলুৱৈয়ে এথলেটিকছত লাভ কৰিলে ১০টা পদক?

পেৰিছ পেৰালিম্পিকত ভাৰতৰ হৈ এথলেটিকছ প্ৰথম দুটা পদক লাভ কৰিছিল প্ৰীতি পালে । তেওঁ মহিলাৰ ১০০ মিটাৰ আৰু ২০০ মিটাৰ T35 ইভেণ্টত ব্ৰঞ্জ দখল কৰিছিল। এথলেটিকছত ভাৰতৰ তৃতীয়টো পদক নিশাদ কুমাৰে জিকিছিল। তেওঁ পুৰুষৰ হাই জাম্প T47 ইভেণ্টত ৰূপৰ পদক জিকিছিল। চতুৰ্থ পদকটো পুৰুষৰ ডিচকাচ থ্ৰ’ F56 ইভেণ্টত যোগেশ কাথুনিয়াই ৰূপৰ পদক লাভ কৰিছিল।

তাৰ পাছত পুৰুষৰ জেভেলিন থ্ৰ’ F64 ইভেণ্টত সুমিত এণ্টিয়েলে সোণৰ পদক অৰ্জন কৰিছিল। মহিলাৰ ৪০০ মিটাৰ T20ত দীপ্তি জীৱানজীয়ে ষষ্ঠ পদক লাভ কৰিছিল। একে সময়তে ভাৰতে পুৰুষৰ হাই জাম্পত ৰূপৰ পদক জয় কৰিছিল শৰদ কুমাৰে। একেটা ইভেণ্টতে মাৰিয়াপ্পান থাংগেভেলুৱে ব্ৰঞ্জ পদক দখল কৰাৰ লগে লগে ভাৰতে অষ্টমটো পদক লাভ কৰে। পুৰুষৰ জেভলিন থ্ৰ’ F46 ইভেণ্টত অজিত সিং আৰু সুন্দৰ সিং গুৰ্জাৰে ভাৰতৰ হৈ ৯ম আৰু দশমটো পদক জিকিছিল। অজিতে ৰূপ আৰু সুন্দৰে ব্ৰঞ্জ লাভ কৰিছিল।

এথলেটিকছত পদক জয়ৰ সংখ্যাই দুটা অংক স্পৰ্শ কৰাৰ লগতে ভাৰতে পেৰিছ পেৰালিম্পিকত ইতিহাসত নতুন পৃষ্ঠা লিখিছিল। ইয়াৰ পূৰ্বে টকিঅ’ ভাৰতৰ বাবে আটাইতকৈ সফল পেৰালিম্পিক আছিল য’ত খেলুৱৈসকলে ১৯টা পদক জিকিছিল। কিন্তু পেৰিছত প্ৰথম ৬ দিনত ২০টা পদক জয় কৰি এতিয়ালৈকে পেৰালিম্পিক গেমছৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে ভাৰতীয় খেলুৱৈসকলে । খেলৰ প্ৰথম ৬ দিনত ভাৰতে পেৰিছ পেৰালিম্পিকত ৩টা স্বৰ্ণ, ৭টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।

Latest News