এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান দল! চৰকাৰে দিলে অনুমতি, ক’লে এইদৰে….
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দূৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পাইছিল সংঘাত। এই উত্তেজনা পৰিস্থিতিৰ পিছত দুয়ো দেশৰ মাজত ক্ৰীড়াক লৈয়ো শংকাৰ পৰিৱেশ গঢ়ি উঠিছিল যদিও অহা আগষ্ট-ছেপ্টম্বৰ মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া হকী এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাৰে পাকিস্তান দল।

যোৱা এপ্ৰিল মাহত জম্মু–কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু তাৰ পিছত পিছত এই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে চলোৱা অপাৰেচন সেন্দূৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত অধিক বৃদ্ধি কৰিছিল। এই সংঘাতৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰীড়াৰ সম্পৰ্কতো শংকাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়া এই শংকা দূৰ হোৱা পথত। এক বিশেষ সিদ্ধান্তক কেন্দ্ৰ কৰি দুয়ো দেশৰ মাজত পুনৰবাৰ ক্ৰীড়াৰ সম্পৰ্ক গঢ়ি উঠিব বুলি আশা কৰা হৈছে।
অহা মাহৰ পৰা ভাৰতত হকী এছিয়া কাপ অনুষ্ঠিত হ’ব আৰু এই প্ৰতিযোগিতাৰ বাবে পাকিস্তান হকী দলটোৱে ভাৰতলৈ অহাৰ অনুমতি লাভ কৰিছে। এই সন্দৰ্ভত ভাৰত চৰকাৰে নিজৰ স্থিতি প্ৰকাশ কৰিছে। প্ৰতিযোগিতাখনৰ বাবে পাকিস্তান দল ভাৰতলৈ অহাত বাধা দিয়া নহ’ব বুলি উললেখ কৰিছে ভাৰতে।
সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে আগষ্ট-ছেপ্টেম্বৰ মাহত বিহাৰত অনুষ্ঠিত হ’বলগীয়া হকী এছিয়া কাপৰ বাবে পাকিস্তানী দলটোক ভাৰতলৈ অহাত বাধা দিয়া নহ’ব। ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়াত অংশগ্ৰহণৰ পৰা পিছুৱাই যাব নোৱাৰি।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বহুজাতিক অনুষ্ঠানত কোনো দলে অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিৰোধ নকৰে। অৱশ্যে এইক্ষেত্ৰত দ্বিপাক্ষিক প্ৰতিযোগিতা পৃথক বুলিও চৰকাৰে উল্লেখ কৰা বুলি প্ৰতিবেদনত কোৱা হৈছে। এইক্ষেত্ৰত ৰাছিয়া আৰু ইউক্ৰেইনৰ উদাহৰণ দি ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰই ৰাছিয়া আৰু ইউক্ৰেইন পৰস্পৰৰ বিৰুদ্ধে যুদ্ধৰত যদিও বহুজাতিক ইভেণ্টতো অংশগ্ৰহণ কৰে বুলি আঙুলিয়াই দিয়ে।
উল্লেখ্য যে অহা ২৭ আগষ্টৰ পৰা ৭ ছেপ্টেম্বৰলৈ বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত হ’ব এছিয়া কাপ। ইয়াৰ উপৰিও নৱেম্বৰ-ডিচেম্বৰ মাহত তামিলনাডুত জুনিয়ৰ পুৰুষ হকী বিশ্বকাপৰ আয়োজন কৰা হ’ব। এছিয়া কাপৰ সমান্তৰালকৈ পাকিস্তানী দলকো এই ইভেণ্টত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আহিবলৈ অনুমতি দিয়া হ’ব।
লক্ষণীয়ভাৱে যোৱা ২৩ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন পৰ্যটক নিহত হৈছিল। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত এনে নৃশংস কাণ্ডই সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত ভাৰত চৰকাৰেও পাকিস্তানৰ সৈতে হোৱা বহু চুক্তি আৰু বাণিজ্য বাতিল কৰে। এই কুটনৈতিক সিদ্ধান্তৰ সমান্তৰালকৈ প্ৰায় সকলো পাকিস্তানী ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ইউটিউব চেনেলো ভাৰতত নিষিদ্ধ কৰা হৈছিল।
তেতিয়াৰ পৰাই ক্ৰিকেট বিশ্বকাপকে ধৰি প্ৰতিটো ক্ৰীড়া ইভেণ্টতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অংশগ্ৰহণ বন্ধ কৰিব লাগে বুলি দেশৰ বহুসংখ্যক লোকে দাবী জনাই আহিছে। তাৰ মাজতে ভাৰত চৰকাৰে হকী এছিয়া কাপ সন্দৰ্ভত এনে স্থিতি গ্ৰহণ কৰিছে। এতিয়া ভাৰতৰ এই স্থিতিৰ বিপৰীতে পাকিস্তানে কি সিদ্ধান্ত লয়, সেয়া লক্ষণীয় হ’ব।