শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীতকালত দেহত হ’ব পাৰে ভিটামিন ডিৰ অভাৱ, বাঢ়ে ৰোগৰ সম্ভাৱনা! এইদৰে কৰিব পাৰিব চিন্তা দূৰ

শীতকালত ভিটামিন ডিৰ অভাৱত শৰীৰত বহু প্ৰভাৱ পৰে। ভিটামিন ডিৰ অভাৱৰ বাবে কেলচিয়াম শোষণত প্ৰভাৱ পৰে আৰু হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। এই অতি প্ৰয়োজনীয় উপাদানৰ অভাৱৰ ফলত শৰীৰৰ বিষ, পেশীৰ দুৰ্বলতা, ভাগৰুৱা, অলস ভাৱ আদি হ’ব পাৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাত গভীৰ প্ৰভাৱ পৰে।

শীতকালত দেহত হ’ব পাৰে ভিটামিন ডিৰ অভাৱ, বাঢ়ে ৰোগৰ সম্ভাৱনা! এইদৰে কৰিব পাৰিব চিন্তা দূৰ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 16 Nov 2025 17:05 PM

শীতকাল আৰম্ভ হোৱাৰ লগে লগে ঠাণ্ডাৰ লগতে প্ৰদূষণৰ মাত্ৰাও দ্ৰুতগতিত বৃদ্ধি পায়। এই দিনকেইটাত সূৰ্যৰ পোহৰ পলমকৈ ওলায় আৰু কুঁৱলী বা ধোঁৱা প্ৰায়ে গোটেই দিনটো আৱৰি ৰাখে। প্ৰধানকৈ সূৰ্যৰ UVB ৰশ্মিৰ পৰা ভিটামিন ডি পোৱা যায় যদিও সীমিত সূৰ্যৰ পোহৰৰ বাবে শৰীৰে পৰ্যাপ্ত পৰিমাণে এই প্ৰয়োজনীয় উপাদান উৎপাদন কৰিব নোৱাৰে। তদুপৰি ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ঘৰৰ ভিতৰতে অধিক সময় কটায় বাবে সূৰ্যৰ পোহৰৰ সংস্পৰ্শ আৰু অধিক হ্ৰাস পায়। এনে কাৰণত শীতকালত ভিটামিন ডিৰ অভাৱ সাধাৰণ হৈ পৰে।

শীতকালত ভিটামিন ডিৰ অভাৱত শৰীৰত বহু প্ৰভাৱ পৰে। ভিটামিন ডিৰ অভাৱৰ বাবে কেলচিয়াম শোষণত প্ৰভাৱ পৰে আৰু হাড়বোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। এই অতি প্ৰয়োজনীয় উপাদানৰ অভাৱৰ ফলত শৰীৰৰ বিষ, পেশীৰ দুৰ্বলতা, ভাগৰুৱা, অলস ভাৱ আদি হ’ব পাৰে। ইয়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাত গভীৰ প্ৰভাৱ পৰে।

এনে পৰিস্থিতিত শৰীৰ সহজে সংক্ৰমণৰ চিকাৰ হয় আৰু চৰ্দি, জ্বৰ, কাহৰ দৰে ৰোগ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত মেজাজৰ পৰিৱৰ্তন, খিংখিঙীয়া স্বভাৱ, টোপনিৰ অসুবিধা আদিও দেখা যায়। এই অভাৱে শিশুৰ হাড়ৰ বৃদ্ধি লেহেমীয়া কৰি বৃদ্ধসকলৰ হাড় ভাঙি যোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে শীতকালত ভিটামিন ডিৰ সুষম মাত্ৰা বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ।

কিদৰে অভাৱ দূৰ কৰিব পাৰি?

আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ সুভাষ গিৰিয়ে কয় যে শীতকালত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ অতি প্ৰয়োজনীয়। পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজাৰ ভিতৰত ১৫ৰ পৰা ২০ মিনিট সূৰ্যৰ পোহৰত থাকিলে স্বাভাৱিকতে শৰীৰত ভিটামিন ডিৰ মাত্ৰা বৃদ্ধি পায়।

ইয়াৰ উপৰিও খাদ্যত কণীৰ কুহুম, কাঠফুলা, গাখীৰ, দৈ, ঘিউ, চৰ্বিযুক্ত মাছৰ দৰে খাদ্য দৈনন্দিন খাদ্য তালিকাত থাকিব লাগে। যিসকলে দিনটোৰ অধিক সময় ঘৰৰ ভিতৰত কটায় আৰু সেয়ে সীমিত সূৰ্যৰ পোহৰ লাভ কৰে, তেওঁলোকেও চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভিটামিন ডিৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে।

নিয়মিত ব্যায়াম আৰু সুষম আহাৰ গ্ৰহণেও শৰীৰত পুষ্টিকৰ পদাৰ্থ শোষণ বৃদ্ধি কৰে। ভিটামিন ডিৰ পৰিপূৰক গ্ৰহণৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও আগনাবাঢ়িব। তদুপৰি বয়সৰ লগে লগে শৰীৰৰ ভিটামিন ডি উৎপাদনৰ ক্ষমতা কমি যায়, গতিকে বয়সস্থ লোকসকলে বিশেষভাৱে সতৰ্ক হোৱা উচিত। শিশুক এই দিনকেইটাত ৰ’দত খেলিবলৈ উৎসাহিত কৰাটো হাড়ৰ বিকাশৰ বাবে অতি উপকাৰী।

ইয়াৰ উপৰিও মনত ৰাখক এই গুৰুত্বপূৰ্ণ দিশসমূহঃ

দৈনিক কমেও ১৫ মিনিট ৰ’দৰ সংস্পৰ্শলৈ আহিব লাগে।

নিয়মিত ভিটামিন ডি আৰু কেলচিয়ামযুক্ত খাদ্য গ্ৰহণ কৰক।

নিয়মিতভাৱে ব্যায়াম কৰক।

চিকিৎসকৰ পৰামৰ্শ মতে প্ৰয়োজন অনুসাৰে পৰিপূৰক গ্ৰহণ কৰক।