শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বালি ভৰ্তি টেক্টৰত খুন্দা দ্ৰুতবেগী ফৰ্চুনাৰৰ, গাড়ী কাটি উলিয়াবলগীয়া হ’ল ৫টা মৃতদেহ

দুৰ্ঘটনাত গাড়ীখন অত্যন্ত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে আৰক্ষী আৰু স্থানীয় ৰাইজে কাটাৰ ব্যৱহাৰ কৰি গাড়ীখন কাটি মৃতদেহ উলিয়াব লগা হয়। দুৰ্ঘটনাত নিহত লোককেইজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে।

বালি ভৰ্তি টেক্টৰত খুন্দা দ্ৰুতবেগী ফৰ্চুনাৰৰ, গাড়ী কাটি উলিয়াবলগীয়া হ’ল ৫টা মৃতদেহ
দুৰ্ঘটনাত নিহত ৫ জন
monjit-dutta
Monjit Dutta | Updated On: 16 Nov 2025 16:20 PM

এক ভয়ংকৰ দুৰ্ঘটনা দ্ৰুতবেগী এখন বিলাসী ফৰ্চুনাৰ বাহনে পিছফালৰ পৰা খুন্দা মাৰে এখন বালি ভৰ্তি ট্ৰেক্টৰ-ট্ৰলীত এই ভয়ংকৰ দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিয়ে জন লোকৰ দুৰ্ঘটনাৰ প্ৰকৃতি ইমানেই ভয়াৱহ আছিল যে বাহনখন কাটি ভিতৰৰ পৰা মৃতদেহকেইটা উলিয়াবলগীয়া হয় এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ গোৱালিফায়াৰত আজি পুৱা প্ৰায় ৬:৩০ বজাত মালৱা মহাবিদ্যালয়ৰ সন্মুখৰ গোৱালিয়ৰ-ঝাঞ্চি ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত লোককেইজন গোৱালিয়ৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইতিমধ্যে চিনাক্ত কৰা হৈছে মৃত লোককেইজনক জানিব পৰা মতে উত্তৰ প্ৰদেশৰ ঝাঞ্চিত এটা অনুষ্ঠানত অংশ লৈ গোৱলিয়ৰস্থিত নিজ গৃহলৈ উভতি আহিছিল লোককেইজন। কিন্তু যাত্ৰাপথতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়

প্ৰকাশিত খবৰ অনুসৰি গাড়ীখন মালৱা কলেজৰ ওচৰ পোৱাৰ সময়ত সমুখেৰে বালি ভৰ্তি ট্ৰেক্টৰ-ট্ৰলীখন গৈ আছিল। তীব্ৰ গতিৰ বাবে গাড়ীখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱায় আৰু পিছফালৰ পৰা ট্ৰলীখনত খুন্দা মাৰে। ইয়াৰ ফলত গাড়ীখনত থকা আটাইকেইজন লোকে থলীতে প্ৰাণ হেৰুৱায়

গাড়ী কাটি উলিয়াবলগা হয় মৃতদেহ

ইফালে দুৰ্ঘটনাত গাড়ীখন অত্যন্ত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে আৰক্ষী আৰু স্থানীয় ৰাইজে কাটাৰ ব্যৱহাৰ কৰি গাড়ীখন কাটি মৃতদেহ উলিয়াব লগা হয় দুৰ্ঘটনাত নিহত লোককেইজনক ইতিমধ্যে চিনাক্ত কৰা হৈছে পাঁচোজন লোকেই গোৱালিয়ৰৰ ডি ডি নগৰৰ বাসিন্দা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু প্ৰশাসনিক দল সেই স্থানত উপস্থিত হয় স্থানীয় ৰাইজৰ সহায়ত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে দুৰ্ঘটনাৰ বাবে কিছুসময় ঘাইপথত যাতায়ত ব্যাহত হয় যদিও পিছত পুনৰ যাতায়ত ব্যৱস্থা আৰম্ভ হয়।

ঘটনা সন্দৰ্ভত কি কলে আৰক্ষীয়ে?

আৰক্ষীৰ তথ্য অনুসৰি, জোৰেৰ খুন্দা মৰাৰ ফলত গাড়ীখনৰ এয়াৰবেগসমূহ ফাটি যায়। এনে পৰিস্থিতিত গাড়ীখনৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ১২০ কিলোমিটাৰ আছিল বুলি অনুমান কৰা হৈছে। ইফালে প্ৰত্যক্ষদৰ্শীয়ে গাড়ীখনত খালী সুৰাৰ বটল আৰু ডিচপ’জেবল গ্লাছ পোৱা বুলিও জানিবলৈ দিয়ে।